প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূব ভ্ৰমণৰ পৰা কংগ্ৰেছৰ সমালোচনালৈ…পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ

সংঘাতৰ প্ৰায় দুবছৰৰ পাছত আজি মণিপুৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। খানাপাৰাত অসম চৰকাৰে আয়োজন কৰা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশ লয় নৰেন্দ্ৰ মোদীয়ে।  চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূব ভ্ৰমণৰ পৰা কংগ্ৰেছৰ সমালোচনালৈ...পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ

গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Published: 

13 Sep 2025 21:27 PM

আজিৰে পৰা আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাঁচ ৰাজ্য ভ্ৰমণ। পুৱাতেই মিজোৰামত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। সংঘাতৰ প্ৰায় দুবছৰৰ পাছত আজি মণিপুৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। খানাপাৰাত অসম চৰকাৰে আয়োজন কৰা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশ লয় নৰেন্দ্ৰ মোদীয়ে।  চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

  1.  অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰ বিমান বন্দৰত উষ্ম আদৰণি জনোৱা হয় প্ৰধানমন্ত্ৰীগৰাকীক। বিমানবন্দৰৰ পৰা পোনে পোনে খানাপাৰালৈ ৰাওনা হয় প্ৰধানমন্ত্ৰীগৰাকী। খানাপাৰাত অসম চৰকাৰে আয়োজন কৰা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশ লয় নৰেন্দ্ৰ মোদীয়ে। তেওঁ সুধাকণ্ঠৰ স্মৃতিত এটি মুদ্ৰা মুকলি কৰাৰ লগতে ডঃ ভূপেন হাজৰিকাৰ জীৱন ভিত্তিক এখন গ্ৰন্থও উন্মোচন কৰে। কালিলৈ মঙলদৈ আৰু নুমলীগড়ত আছে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী।
  2. ভাৰতৰত্ন বঁটা বিজয়ী ভূপেন হাজৰিকাৰ গীতে ভাৰতক একত্ৰিত কৰি জনসাধাৰণক শক্তি প্ৰদান কৰি আহিছে। গুৱাহাটীত এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত ভাষণ দি মোদীয়ে কয় যে তেওঁৰ সৃষ্টিসমূহে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ ধাৰণাক সামৰি লৈছে। ভূপেন দা শাৰীৰিকভাৱে উপস্থিত নাথাকিব পাৰে, কিন্তু তেওঁৰ কণ্ঠই মানুহক শক্তি প্ৰদান কৰে। তেওঁৰ গীতে ভাৰতক একত্ৰিত কৰে। তেওঁৰ সংগীতে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ ধাৰণাক সামৰি লৈছে। ভাৰতৰ সাংস্কৃতিক পৰম্পৰাত তেওঁৰ শিপা আছে বুলিও কয় প্ৰধানমন্ত্ৰীয়ে।
  3. সংঘাতৰ প্ৰায় দুবছৰৰ পাছত আজি মণিপুৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। চুৰাচান্দপুৰত গৃহহীন লোকৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে প্ৰায় ৭,৩০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। তাৰ পাছতেই তেওঁ ইম্ফলতো জনসভা সম্বোধন কৰে। মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ সদায় মণিপুৰবাসীৰ সৈতে আছে। মণিপুৰৰ দুৱাৰত এতিয়া আশা আৰু আত্মবিশ্বাসৰ নতুন সূৰুযে টোকৰ মাৰিছে।
  4. আজিৰে পৰা আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাঁচ ৰাজ্য ভ্ৰমণ। পুৱাতেই মিজোৰামত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। ভৈৰৱীৰ পৰা ছাইৰাঙলৈ নিৰ্মাণ কৰা ৰেলপথছোৱা আজি উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এই ৰেলপথৰ দ্বাৰা দেশৰ ৰেল মানচিত্ৰত অন্তৰ্ভুক্ত হ’ল মিজোৰাম। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এয়া কেৱল ৰে’ল সংযোগ নহয়, ই পৰিবহনৰ জীৱনৰেখা। ই মিজোৰামৰ মানুহৰ জীৱন আৰু জীৱিকাত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব। মিজোৰামৰ কৃষক আৰু ব্যৱসায়ীসকলে সমগ্ৰ দেশতে অধিক বজাৰ লাভ কৰিব পাৰিব বুলিও কয় প্ৰধানমন্ত্ৰীয়ে।
  5. গোষ্ঠী সংঘৰ্ষৰ প্ৰায় দুবছৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মণিপুৰত উপস্থিত হোৱা কাৰ্যক সমালোচনা কংগ্ৰেছৰ। সাংসদ গৌৰৱ গগৈয়ে কয় যে মণিপুৰৰ শান্তি আৰু সংঘাত ৰোধৰ প্ৰথম পদক্ষেপ হিচাপে দুবছৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখন ভ্ৰমণ কৰিব লাগিছিল। এতিয়া দুবছৰ পলমকৈ তেওঁৰ ভ্ৰমণত মূলতঃ উত্তৰ-পূৱৰ আৱেগক সন্মান কৰা উচিত আছিল। কিন্তু পৰিস্থিতিৰ বাস্তৱতাত কৈ প্ৰধানমন্ত্ৰীৰ ভাবমূৰ্তিত মনোনিৱেশ কৰা হৈছে।
  6. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ। কোকৰাঝাৰৰ ফকিৰাগ্ৰামত এক নিৰ্বাচনী সভাত অংশ লৈ সাংসদ হুছেইনে কয় যে গৌৰৱ গগৈয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছৰে পৰাই ৰাজনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে মুখ্যমন্ত্ৰীয়ে নিদ্ৰাহীনতাত ভুগিছে বুলিও কয় সাংসদ ৰকিবুল হুছেইনে।
  7.  মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ দেহাৱসান। বাৰ্ধক্যজনিত কাৰণতে লাপাঙৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেওঁক শ্বিলঙৰ বেথানী হাস্পতালত ভৰ্তি কৰা হৈছিল। হাস্পতালৰ বিচনাতে তেওঁ যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত লাপাঙৰ বয়স আছিল ৯১ বছৰ।
  8.  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু দৰংবাসী। দেওবাৰে মঙলদৈত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৫৭০ কোটি টকা ব্যয়ৰে দৰং মেডিকেল কলেজ আৰু নাৰ্চিং স্কুল, ১২০০ কোটি টকা ব্যয়ৰে ২.৯ কিলোমিটাৰ দৈঘ্যৰ কুৰুৱা নাৰেংগী সংযোগী দলং, ৪৫৩০ কোটি টকা ব্যয়ৰে ১১৮,৯ কিঃ মিংৰ দৈঘ্যৰ ৰিং ৰোডৰ শিলান্যাস কৰিব মোদীয়ে। ১৪ ছেপ্টেম্বৰত প্ৰায় ডেৰ লক্ষাধিক লোকে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীৰ সভাত । ইতিমধ্যে আৰক্ষীয়ে কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা ৷
  9. গোলাঘাটত টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ অৱস্থান ধৰ্মঘট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি এই কাৰ্যসূচী গ্ৰহণ কৰে টাইপাই। বিজেপি নেতৃত্বাধীন চৰকাৰখনে ছয় জনজাতিক জনজাতিকৰণ কৰাত সম্পূৰ্ণ ৰূপে বিফল হোৱা বুলি অভিযোগ কৰে টাইপাই। জনজাতিকৰণৰ লগতে আহোমক স্বায়ত্তশাসন প্ৰদানৰ দাবী অৱস্থান ধৰ্মঘট কৰে টাইপাই।

লগতে পঢ়ক: ভূপেন হাজৰিকাৰ গীতে ভাৰতক একত্ৰিত কৰিছে: খানাপাৰাত প্ৰধানমন্ত্ৰীয়ে আৰু কি কি ক’লে?

Related Stories
প্ৰধানমন্ত্ৰী মোদীৰ এই সন্মান কেতিয়াও নাপাহৰে অসমবাসীয়ে, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত কি ক’লে মুখ্যমন্ত্ৰীয়ে?
ভূপেন হাজৰিকাৰ গীতে ভাৰতক একত্ৰিত কৰিছে: খানাপাৰাত প্ৰধানমন্ত্ৰীয়ে আৰু কি কি ক’লে?
থাকিব একাধিক নাগৰিককেন্দ্ৰিক কাৰ্যসূচী ! “সেৱা সপ্তাহ”ৰ প্ৰস্তুতি পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰধানমন্ত্ৰী মোদী, সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ বাবে খানাপাৰাত উপস্থিত…
ভূপেন হাজৰিকাৰ জীৱন ভিত্তিক গ্ৰন্থখন আজিৰ প্ৰজন্মৰ বাবে প্ৰাসংগিক: অনুৰাধা শৰ্মা পূজাৰী
বিশিষ্ট কণ্ঠশিল্পী কল্পনা পাটোৱাৰীলৈ বিহাৰ চৰকাৰৰ বিশেষ সন্মান, মুখ্যমন্ত্ৰীয়ে জনালে শুভেচ্ছা…
পুৱাৰ এইকেইটা অভ্যাসে জীৱনত সফল হোৱাত সহায় কৰে, জানক...
এয়া এক স্বাভাৱিক প্ৰবৃত্তি, কোনসকল পুৰুষৰ প্ৰতি মহিলাসকল বেছি আকৰ্ষিত হয় জানেনে?
কেতিয়াও আওকাণ নকৰিব ! বৃক্কই সঠিকভাৱে কাম নকৰিলে শৰীৰত এইবোৰ লক্ষণ দেখা যায়
কৃষ্ণৰ জন্মাষ্টমীত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!