ৰক্ষকেই যেতিয়া ভক্ষক হয়…ধন দাবীৰ অভিযোগত জালুকবাৰী আৰক্ষী চকীৰ ৩ গৰাকী জোৱানক নিলম্বন

জালুকবাৰী আৰক্ষী চকীৰ ৩ গৰাকী আৰক্ষী জোৱানক ইতিমধ্যে নিলম্বন কৰা হৈছে। নিলম্বিত হোৱাসকলৰ ভিতৰত আছে  কনিষ্টবলৰ শশী সিনহা, হোমগার্ড দুলাল দাস, ধৰ্মেশ্বৰ ৰাজবংশী। জানিব পৰা মতে, ম'হ কঢ়িওৱা বাহনৰ পৰা ধন দাবী কৰাৰ অভিযোগত নিলম্বন কৰা হৈছে এই ৩ গৰাকী খাকী পোছাকধাৰীক। 

ৰক্ষকেই যেতিয়া ভক্ষক হয়...ধন দাবীৰ অভিযোগত জালুকবাৰী আৰক্ষী চকীৰ ৩ গৰাকী জোৱানক নিলম্বন

জালুকবাৰী আৰক্ষী চকী

Published: 

26 May 2025 11:05 AM

আৰক্ষী জনসাধাৰণৰ ৰক্ষক, কিন্তু সেই আৰক্ষীয়ে যেতিয়া ভক্ষক হৈ পৰে জনতাৰ কি হ’ব? একাংশ লুভীয়া আৰক্ষীৰ বাবেই যেন ৰাইজৰ কাঠগড়াত থিয় হ’ব লগা হৈছে সমগ্ৰ আৰক্ষী সমাজ। যাৰ বাবে লাহে লাহে আৰক্ষীৰ ওপৰত বিশ্বাস হেৰাই পেলাইছে জনতাই। গুৱাহাটীৰ জালুকবাৰী আৰক্ষী চেকপোষ্টত নিয়োজিত ৩ আৰক্ষীৰ কৰ্মকাণ্ডই লাজত পেলাইছে সকলোকে। পশুধন পৰিবহণ কৰা বাহন পৰা ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে তিনিজনকৈ জোৱানৰ বিৰুদ্ধে।

জালুকবাৰী আৰক্ষী চকীৰ ৩ গৰাকী আৰক্ষী জোৱানক ইতিমধ্যে নিলম্বন কৰা হৈছে। নিলম্বিত হোৱাসকলৰ ভিতৰত আছে  কনিষ্টবলৰ শশী সিনহা, হোমগার্ড দুলাল দাস, ধৰ্মেশ্বৰ ৰাজবংশী। জানিব পৰা মতে, ম’হ কঢ়িওৱা বাহনৰ পৰা ধন দাবী কৰাৰ অভিযোগত নিলম্বন কৰা হৈছে এই ৩ গৰাকী খাকী পোছাকধাৰীক।  বাহনৰ মালিকক ৫ হাজাৰ টকা দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে তিনিজনকৈ জোৱানৰ বিৰুদ্ধে। অভিযোগ অনুসৰি ২৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বাহনখন পাৰ কৰোৱাৰ নামত দাবী কৰিছিল ধন। সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেলৰ পাছতে তিনিওজনক নিলম্বন কৰা হয়।

গৰু-ম’হ পৰিবহণ কৰা বাহনসমূহক লক্ষ্য কৰি ধন দাবীৰ কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। কৰ্তৃপক্ষই কয় যে এই কাৰ্যই আইন প্ৰয়োগকাৰী সংস্থাৰ ভিতৰত দুৰ্নীতিৰ প্ৰতি চৰকাৰৰ শূন্য সহনশীলতা নীতিক প্ৰতিফলিত কৰিছে। বিষয়াসকলে লগতে কয় যে, আৰক্ষীৰ অভিযানত স্বচ্ছতা আৰু জবাবদিহিতা বজাই ৰখাৰ প্ৰতিশ্ৰুতিৰে বৰ্তমান বিষয়টোক লৈ আভ্যন্তৰীণ তদন্ত চলি আছে ।

ইফালে শ্ৰীভূমিত ড্ৰাগছ ব্যৱসায়ৰে জড়িতৰ অভিযোগত আৰক্ষীক গ্ৰেপ্তাৰ৷ আৰক্ষী কনিষ্টবল আবুল হুছেইনক গ্ৰেপ্তাৰ কৰে পাথাৰকান্দি আৰক্ষীয়ে৷ নিলাম বজাৰৰ এটা পেট্ৰ’ল পাম্পৰ পৰা গ্ৰেপ্তাৰ কৰা হয় আবুল হুছেইনক৷

আন এক গোচৰত নৃশংসতাৰ গুৰুতৰ অভিযোগৰ পিছত আৰক্ষীৰ জিম্মাত থকা গহপুৰ থানাৰ উপ-পৰিদৰ্শক হায়দৰ হুছেইনৰ বিচাৰ সংৰক্ষিত কৰি ৰখা হৈছে। বিষয়াগৰাকীৰ বিৰুদ্ধে আৰক্ষী থানাৰ এটা শৌচাগাৰৰ ভিতৰত এজন যুৱকক নিৰ্যাতন চলোৱাৰ অভিযোগ।  বিষয়াগৰাকীয়ে চলোৱা শাৰীৰিক নিৰ্যাতনৰ অভিযোগৰ পাছত আৰক্ষীৰ আচৰণ আৰু জিম্মাত ৰখাৰ সুৰক্ষা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন  হৈছে। এই সন্দৰ্ভত শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুভাষী বৰুৱাই দ্ৰুতগতিত হুছেইনক নিলম্বন কৰাৰ নিৰ্দেশ দি গহপুৰৰ চক্ৰ বিষয়া প্ৰাণজিৎ লহকৰক বিষয়টোৰ সবিশেষ তদন্ত কৰিবলৈ নিযুক্তি দিয়ে।

কিয় মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেলৰ মুকুট ঘূৰাই দিয়াৰ সিদ্ধান্ত ল'লে ৰেচেল গুপ্তাই?
চকুৰ পৰা বাৰে বাৰে পানী ওলাই নেকি? জানক ই কি বেমাৰৰ লক্ষণ...
পুনৰ মাতৃ হ'বলৈ ওলাইছে নেকি 'গোপী বহু' খ্যাত অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য? সামাজিক মাধ্যমত চৰ্চা
ডায়েবেটিছ ৰোগীয়ে আম খাব পাৰেনে? সবিশেষ জানক