শ্যামকানু মহন্তই অসমত কৰিব নোৱাৰিব কোনো অনুষ্ঠান: মুখ্যমন্ত্ৰীৰ ঘোষণা

অভিযোগ উত্থাপনৰ পিছতে মহন্তই স্পষ্টীকৰণ দিছিল যে, জুবিন গাৰ্গ আৰু তেওঁৰ সহযোগীসকলে অসম সমাজৰ সদস্যৰ সৈতে ইয়ট ভ্ৰমণলৈ যোৱা কথা মহোৎসৱৰ আয়োজকে জনা নাছিল। মহন্তই কয়,"আমি ঘটনাস্থলীৰ পৰা বহু দূৰৈৰ এখন হোটেলত অংশীদাৰসকলৰ সৈতে ব্যৱসায়িক বৈঠকত ব্যস্ত আছিলো আৰু আমি খবৰ পোৱাৰ লগে লগে ছিংগাপুৰৰ জেনেৰেল হাস্পতাললৈ গৈছিলোঁ।" 

শ্যামকানু মহন্তই অসমত কৰিব নোৱাৰিব কোনো অনুষ্ঠান: মুখ্যমন্ত্ৰীৰ ঘোষণা

শ্যামকানু মহন্ত

Updated On: 

24 Sep 2025 | 11:24 AM

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণ। অশ্ৰুসিক্ত নয়নেৰে মায়াবিনীৰ সুৰেৰে প্ৰাণৰ শিল্পীক চিৰবিদায় জনালে অনুৰাগীয়ে। এই অকল্পনীয় তথা অনাকাংক্ষিত ক্ষণৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ অসম। চিৰদিনলৈ ধৰাৰ বুকু বিলীন হৈ গ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। মঙলবাৰে সোণাপুৰৰ কমাৰকুছিত সম্পন্ন হ’ল জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া। ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় দিয়া হ’ল শিল্পীগৰাকীক। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ পিছতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ প্ৰধান উদ্যক্তা শ্যামকানু মহন্ত ওপৰত পৰিলক্ষিত হৈছিল অনুৰাগীৰ তীব্ৰ ক্ষোভ।

আজি এই সন্দৰ্ভত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “ৰাজ্য চৰকাৰে শ্ৰীশ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে সম্পৰ্কিত যিকোনো সংস্থাক অসমৰ ভিতৰত কোনো ধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।” তেওঁ লিখিছে,  “ৰাজ্য চৰকাৰেও শ্ৰী মহন্তৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিকোনো অনুষ্ঠানৰ সৈতে জড়িত কোনো অনুষ্ঠানলৈ কোনো ধৰণৰ আৰ্থিক অনুদান, বিজ্ঞাপন বা পৃষ্ঠপোষকতা প্ৰদান নকৰে। লগতে ৰাজ্য চৰকাৰে তেওঁক কোনো ধৰণৰ আৰ্থিক সাহায্য বা পৃষ্ঠপোষকতা প্ৰদান নকৰিবলৈ ভাৰত চৰকাৰকো অনুৰোধ জনাব।”

উল্লেখ্য যে, নৰ্থ ইষ্ট ফেষ্টিভেলত জুবিনক ছিংগাপুৰলৈ নিয়াৰ বাবে শ্যামকানু মহন্তৰ বিৰুদ্ধে অৱহেলাৰ অভিযোগ তুলিছিল ৰাজ্যবাসীয়ে। ৰাজ্যজুৰি ৰুজু হৈছে গোচৰ। মুখ্যমন্ত্ৰীক শীঘ্ৰে উচিত পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাইছিল সকলোৱে। সামাজিক মাধ্যমত আজিও অনুৰাগীয়ে বিচাৰিছে জুবিনৰ মৃত্যু সঠিক তদন্ত।

ইফালে এই অভিযোগ উত্থাপনৰ পিছতে উদ্যোক্তাগৰাকীয়ে স্পষ্টীকৰণ দিছিল যে, জুবিন গাৰ্গ আৰু তেওঁৰ সহযোগীসকলে অসম সমাজৰ সদস্যৰ সৈতে ইয়ট ভ্ৰমণলৈ যোৱা কথা মহোৎসৱৰ আয়োজকে জনা নাছিল। মহন্তই কয়,”আমি ঘটনাস্থলীৰ পৰা বহু দূৰৈৰ এখন হোটেলত অংশীদাৰসকলৰ সৈতে ব্যৱসায়িক বৈঠকত ব্যস্ত আছিলো আৰু আমি খবৰ পোৱাৰ লগে লগে ছিংগাপুৰৰ জেনেৰেল হাস্পতাললৈ গৈছিলোঁ।”  তেওঁ কৈছিল যে কেৱল উৎসৱৰ বাবে জুবিন তালৈ যোৱা  নাছিল, জিৰণি ল’বৰ বাবেহে ছিংগাপুৰলৈ গৈছিল। তেওঁ ছিংগাপুৰত থকা অসম সমাজৰ সদস্যসকলৰ সৈতেও পৰিকল্পনা কৰিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...