মঙলবাৰে ১৩ গৰাকী বিশেষ ব্যক্তিৰে এছ আই টিৰ বিশেষ বৈঠক, কাক কাক মাতিছে বৈঠকলৈ?
এছ আই টিয়ে মঙলবাৰে সাক্ষাৎ কৰিব অসমৰ ১৩ গৰাকী বিশেষ ব্যক্তিক। চৰকাৰী সূত্ৰ অনুসৰি এই বৈঠকখন বিয়লি ৪ বজাত অনুষ্ঠিত হ’ব। এই হাই-প্ৰফাইল গোচৰটোৰ তথ্য আৰু ভৱিষ্যতৰ তদন্তৰ গতিপথৰ সৈতে জড়িত আলোচনা কৰা হ’ব বৈঠকত।

এছ আই টিৰ বিশেষ বৈঠক
অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে এছ আই টিয়ে। ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু ভিচেৰা ৰিপোৰ্ট আহি পৰিছে এছ আই টিৰ হাতত। মঙলবাৰে আদালতত দাখিল কৰা হ’ব এই প্ৰতিবেদন। তাৰ পাছতেই এছ আই টিয়ে সাক্ষাৎ কৰিব অসমৰ ১৩ গৰাকী বিশেষ ব্যক্তিক।
চৰকাৰী সূত্ৰ অনুসৰি এই বৈঠকখন বিয়লি ৪ বজাত অনুষ্ঠিত হ’ব। এই হাই-প্ৰফাইল গোচৰটোৰ তথ্য আৰু ভৱিষ্যতৰ তদন্তৰ গতিপথৰ সৈতে জড়িত আলোচনা কৰা হ’ব বৈঠকত। এছ আই টিয়ে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক তেওঁলোকৰ মতামত আৰু দৃষ্টিকোণ প্ৰকাশ কৰিবলৈ আমন্ত্ৰণ জনাইছে।
আমন্ত্ৰিত ব্যক্তিসকলৰ ভিতৰত আছে মনোজ কুমাৰ গোস্বামী, ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, অনুৰাধা শৰ্মা পূজাৰী, ডাঃ হিতেশ বৰুৱা, ৰাহুল গৌতম শৰ্মা, ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, সঞ্জীৱ ফুকন, ৰামানুজ দত্ত চৌধুৰী, শ্যামন্তক গৌতম, উৎপল শৰ্মা, জৰিৰ হুছেইন আৰু ৰাজদীপ বাইলুং বৰুৱা।
সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত চিআইডিৰ বিশেষ ডিজিপি মুন্না প্ৰসাদ গুপ্তাই কয় যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন “ৰাজহুৱা কৰা নহ’ব”, কিন্তু বিশিষ্ট লোকসকলৰ সৈতে এটা আপডেট শ্বেয়াৰ কৰা হ’ব।
“মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ লোৱাটো ভুল। এয়া ৰাজহুৱা নথি নহয়। কাইলৈ বিয়লি ৪ বজাত নাগৰিক সমাজৰ দুই এজন বিশিষ্ট সদস্যক আমি আমন্ত্ৰণ জনাইছো। আমি তেওঁলোকক এতিয়া আপোনালোকক দিয়াৰ দৰে এটা আপডেট দিম — মাথোঁ সেয়াই। প্ৰতিবেদনখন ৰাজহুৱা কৰাৰ কোনো প্ৰশ্নই উত্থাপন নহয়।” গুপ্তাই কয়।
এই বৈঠকে চলি থকা তদন্তৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰিছে, কিয়নো এছ আই টিয়ে জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পৰিস্থিতিক লৈ বিস্তৃত তথ্য আৰু দৃষ্টিভংগী সংগ্ৰহ কৰি আহিছে।