গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড ! এটি ১০ পুত্ৰ সন্তানক হত্যা কৰি ছুটকেছত ভৰাই পেলাই দিলে মাতৃৰ প্ৰেমিকে…

মাতৃৰ প্ৰেমিকৰ হত্যাৰ বলি হ’ল এটি ১০ বছৰীয়া শিশু । এই হত্যাকাণ্ডটো ইমানে লোমহৰ্ষক আছিল যে, ১০ বছৰীয়া শিশুটিক হত্যা কৰি সেই মৃতদেহ ছুটকেছত ভৰাই পেলাই দিয়া হৈছিল এটা জোপোহাত । দেওবাৰে এই কথা সদৰী কৰিছে আৰক্ষীয়ে ।

গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড ! এটি ১০ পুত্ৰ সন্তানক হত্যা কৰি ছুটকেছত ভৰাই পেলাই দিলে মাতৃৰ প্ৰেমিকে...

প্ৰতীকী ফটো

Published: 

11 May 2025 22:50 PM

এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে গুৱাহাটী মহানগৰ । অভিযোগ অনুসৰি, মাতৃৰ প্ৰেমিকৰ হত্যাৰ বলি হ’ল এটি ১০ বছৰীয়া পুত্ৰ সন্তান । এই হত্যাকাণ্ডটো ইমানে লোমহৰ্ষক আছিল যে, ১০ বছৰীয়া শিশুটিক হত্যা কৰি সেই মৃতদেহ ছুটকেছত ভৰাই পেলাই দিয়া হৈছিল এটা জোপোহাত । দেওবাৰে এই কথা সদৰী কৰিছে আৰক্ষীয়ে ।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, মাতৃৰ প্ৰেমিকে এটি ১০ বছৰীয়া শি হত্যা কৰি মৃতদেহ ছুটকেছত ভৰাই জোপোহাত পেলাই দিয়ে। পিটিআইৰ প্ৰতিবেদন অনুসৰি, গুৱাহাটী আৰক্ষীৰ উপ আয়ুক্ত (পূব) মৃণাল ডেকাই জানিবলৈ দিছে যে, শনিবাৰে শিশুটিৰ মাতৃয়ে নিজৰ সন্তানটো টিউচনৰ পৰা ঘৰলৈ উভতি অহা নাই বুলি উল্লেখ কৰি নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰিছিল।

এই অভিযোগৰ ভিত্তিতে তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে । আৰক্ষী বিষয়াগৰাকীয়ে কয়, “আমি তদন্ত আৰম্ভ কৰি বশিষ্ঠ মন্দিৰৰ ওচৰৰ জোপোহাত এটা ছুটকেছ পাইছিলো। ইয়াৰ পিছত জানিব পৰা গ’ল যে, ল’ৰাটোক হত্যা কৰি লাগেজৰ ভিতৰত ভৰাই থোৱা হৈছিল আৰু তাৰ পিছত তাত পেলাই দিয়া হৈছিল।”

আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে, জেৰাৰ সময়ত মাতৃৰ প্ৰেমিকে সকলো কথা স্বীকাৰ কৰি আৰক্ষীক ছুটকেছটো পেলাই দিয়া স্থানলৈ লৈ যায়। তেওঁ লগতে কয়, “আমি লোকজনক গ্ৰেপ্তাৰ কৰিছো। একে সময়তে মাতৃগৰাকীক আটক কৰি হত্যাকাণ্ডৰ সন্দৰ্ভত অধিক তথ্যৰ লাভৰ বাবে জেৰা কৰা হৈছে ।”

ডিচিপিয়ে জনোৱা মতে, ফৰেনছিক দল আৰু চিআইডিৰ এটা দলে সেই স্থান পৰিদৰ্শন কৰি প্ৰমাণ সংগ্ৰহ কৰে। তেওঁ লগতে কয় যে, মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । মৰণোত্তৰ সোমবাৰে কৰা হ’ব। ঘটনাৰ সন্দৰ্ভত অধিক তদন্ত চলি আছে বুলি জানিবলৈ দিছে আৰক্ষী বিষয়াগৰাকীয়ে ।

আই পি এলৰ নতুন সূচী মতে পুনৰ অনুষ্ঠিত হ’বনে পঞ্জাৱ আৰু দিল্লীৰ অৰ্ধসমাপ্ত মেচখন!
টেষ্ট ক্ৰিকেটক বিদায় কিং কোহলীৰ, এই ফৰ্মেটত তেওঁৰ দৰমহা কিমান আছিল জানেনে?
গ্ৰীষ্মকালত কেনেকৈ শৰীৰৰ পৰা ওলোৱা ঘামৰ দুৰ্গন্ধ আঁতৰাব পাৰি ? উপায় জানক
মহিলাৰ বৃক্ক সংক্ৰমণৰ লক্ষণবোৰ কেনে ধৰণৰ হয় ? জানক