শীঘ্ৰে আৰম্ভ হ’ব শৰাইঘাটৰ দ্বিতীয়খন ৰে’লৰ দলঙৰ নিৰ্মাণৰ কাৰ্য, থাকিব ৩ লেনযুক্ত পথৰ ব্যৱস্থা…
আগিয়াঠুৰী-কামাখ্যালৈ ৭.০৬২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ১.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ষ্টিল কম্পোজিট গাৰ্ডাৰ দলং নিৰ্মাণ কৰা হ’ব। ডাবল ডেক ডিজাইনত তলৰ ডেকত ডাবল লাইন ৰে'লৱে ট্ৰেক আৰু ওপৰৰ ডেকত ফুটপাথ থকা তিনিটা লেনযুক্ত পথ অন্তৰ্ভুক্ত কৰা হৈছে।

শৰাইঘাটৰ দলং
অসম তথা উত্তৰ-পূবৰ ৰে’লযাত্ৰীৰ বাবে সু-খবৰ। ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাটত নিৰ্মাণ হ’ব দ্বিতীয়খন ৰে’লৱেৰ দলং। শীঘ্ৰে আৰম্ভ হ’ব দলংখনৰ নিৰ্মাণকাৰ্য। দুখলপীয়া দলংখনত থাকিব দ্বৈত ৰে’লপথ, তিনিলেনযুক্ত পথ। ইতিমধ্যে ৰে’ল বিভাগে সমাপ্ত কৰিছে নিবিদা প্ৰক্ৰিয়া। এই সমগ্ৰ প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় ১,৪৭৩.৭৭ কোটি টকা ধাৰ্য কৰা হৈছে। আনহাতে দলংখনৰ মুঠ দৈৰ্ঘ্য হ’ব ১.৩ কিলোমিটাৰ। ২০২৯ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
আগিয়াঠুৰী-কামাখ্যা দ্বৈত ৰে’ল পথৰ অংশ হৈছে শৰাইঘাটৰ নতুন এখন দলং। ২০২৩–২৪ বিত্তীয় বৰ্ষত অনুমোদিত এই প্ৰকল্পটোৱে লাভ কৰিছে অবিৰত অগ্ৰগতি। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত ৰেলৱে ব’ৰ্ডে বিস্তৃত অনুমানত অনুমোদন জনায় আৰু ২০২৫ চনৰ মাৰ্চ মাহলৈকে ডিজাইন ড্ৰয়িং আৰু প্ৰতিবেদন চূড়ান্ত কৰি নিৰ্ধাৰিত কৰ্তৃপক্ষই ইয়াৰ বাবে অনুমোদন জনায়। ইফালে উপ-গাঁথনি আৰু অধি-গাঁথনিৰ ডিজাইনৰ বাবে প্ৰয়োজনীয় ভূ-কাৰিকৰী অনুসন্ধানো সম্পূৰ্ণ কৰা হৈছে।
ইতিমধ্যে দলংখন নিৰ্মাণৰ বাবে ইপিচি (ইঞ্জিনিয়াৰিং, ক্ৰয়, আৰু নিৰ্মাণ) নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে, য’ত এপ্ৰ’চ ৰোড, ৰে’ল ভায়াডাক্ট, মাটিৰ কাম, আৰু আনুষংগিক আন্তঃগাঁথনি আদি অন্তৰ্ভুক্ত কৰা হৈছে। শীঘ্ৰে ইয়াৰ নিবিদা চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে, তাৰ লগে লগে নিৰ্মাণৰ কাম আৰম্ভ হ’ব।
আগিয়াঠুৰী-কামাখ্যালৈ ৭.০৬২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ১.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ষ্টিল কম্পোজিট গাৰ্ডাৰ দলং নিৰ্মাণ কৰা হ’ব। ডাবল ডেক ডিজাইনত তলৰ ডেকত ডাবল লাইন ৰে’লৱে ট্ৰেক আৰু ওপৰৰ ডেকত ফুটপাথ থকা তিনিটা লেনযুক্ত পথ অন্তৰ্ভুক্ত কৰা হৈছে। ২.৬৯৪ কিলোমিটাৰ উত্তৰ দিশৰ পথটোৱে আগিয়াঠুৰী ষ্টেচনৰ সৈতে সংযোগ স্থাপন কৰাৰ বিপৰীতে ৩.০৭ কিলোমিটাৰ দক্ষিণ দিশৰ পথটোৱে কামাখ্যা ষ্টেচনৰ সৈতে সংযোগ স্থাপন কৰিব।
ভবামতে সকলোবোৰ কাৰ্যক্ষম হৈ উঠিলে নতুন দলংখনে গুৱাহাটী অঞ্চলৰ ৰে’ল আৰু পথৰ ক্ষমতা যথেষ্ট উন্নত কৰাৰ লগতে ঔদ্যোগিক বিকাশৰ সুবিধা আৰু সমগ্ৰ অসমৰ সংযোগৰ উন্নতি সাধন কৰিব বুলি আশা কৰা হৈছে। তদুপৰি এই প্ৰকল্পটোৱে দক্ষ আৰু অদক্ষ শ্ৰমিক উভয়ৰে বাবে যথেষ্ট নিয়োগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে, যিয়ে স্থানীয় অৰ্থনীতিত এক উত্থান ঘটাব। এই কৌশলগত দলংখনে বৰ্তমানৰ শৰাইঘাট দলঙৰ পৰিপূৰক হ’ব আৰু ইয়াক উত্তৰ-পূবৰ পৰিবহণ আন্তঃগাঁথনি বৃদ্ধিৰ দিশত এক পৰিৱৰ্তনশীল পদক্ষেপ হিচাপে দেখা গৈছে।