TV9 ASSAM
খালী পেটত বিষৰ দৰৱ খোৱা অতি বেয়া। ই পেটৰ সমস্যা সৃষ্টি কৰিব পাৰে। লগতে দীৰ্ঘদিন ধৰি এই পেইন কিলাৰ খাই থাকিলে ই বৃক্ক বিকল হোৱাৰ কাৰণ হ'ব পাৰে।
পেইন কিলাৰে শৰীৰৰ ফুলা বা বিষ কম কৰে। তেনেস্থলত ই বৃক্কৰ তেজৰ চলাচল কম কৰে। যাৰ ফলত বৃক্ক প্ৰভাৱিত হয়। গতিকে দীৰ্ঘদিন ধৰি পেইন কিলাৰ খালে বহু সমস্যা হ'ব পাৰে।
খালী পেটত পেইন কিলাৰ খোৱাৰ ফলত গেষ্ট্ৰিক এচিড গঠন হয়। পেটৰ ভিতৰৰ তৰপত ই ব্যাঘাত জন্মায়। লগতে ব্লাড প্ৰেচাৰ আৰু বৃক্কত প্ৰত্যক্ষ প্ৰভাৱ পেলায়।
ডাঃ সুভাষ গিৰীয়ে কয় যে, একেৰাহে বা দীৰ্ঘদিন ধৰি পেইন কিলাৰ খোৱাৰ ফলত বৃক্কৰ ফিল্টাৰ চিষ্টেম ক্ষতিগ্ৰস্ত হয়। লগতে ক্ৰিয়েটিনিন আৰু ইউৰিয়া লেভেল বৃদ্ধি হয়। যাৰ ফলত এক্যুট কিডনী ইঞ্জৰি বা ক্ৰানিক কিডনীৰ আশংকা বৃদ্ধি পায়।
যিসকল লোকে পূৰ্বৰে পৰা বৃক্কজনিত সমস্যাত ভুগিছে সেইসকলৰ লোকৰ ইয়াৰ সম্ভাৱনা বেছি। ইয়াৰোপৰি ডায়েবেটিছ, হাই ব্লাড প্ৰেচাৰ, বৃদ্ধলোক, বাৰে বাৰে পেইন কিলাৰ লোৱা সকলৰ এই ৰোগৰ আশংকা বেছি।
পেইন কিলাৰ কেতিয়াও খালী পেটত খাব নালাগে। ইয়াৰোপিৰ আপুনি বিষৰ ঔষধ গ্ৰহণ কৰিলে চিকিৎসকৰ পৰামৰ্শ লোৱা অতি আৱশ্যক। ইয়াৰোপৰি মাজে মাজে বৃক্ক পৰীক্ষা কৰিব লাগে।
ইয়াৰোপৰি বৃক্কত সমস্যা হ'লে বাৰে বাৰে প্ৰস্ৰাৱ, প্ৰস্ৰাৱ হালধীয়া হোৱা, ভাগৰুৱা, ভৰিৰ গোৰোহা ফুলা আদি লক্ষণ দেখা দিয়ে। ইয়াৰ বিষয়ে অধিক জানিবলৈ আপুনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।
পঢ়িবলৈ ক্লিক কৰক