সিদ্ধান্ত ভুল হ’ব পাৰে! ‘জুবিন ক্ষেত্ৰ’ৰ নিয়মাৱলীৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰীলৈ বিশেষ আহ্বান ৰীতা চৌধুৰীৰ…

শেহতীয়াকৈ প্ৰশাসনে জুবিন ক্ষেত্ৰ সন্দৰ্ভত নতুন নিয়ম জাৰি কৰিছে। কিন্তু ইয়াৰ বিৰোধিতা কৰিছে একাংশই। বিশিষ্ট লেখিকা ৰীতা চৌধুৰীয়ে এই ক্ষেত্ৰত এক বিশেষ আহ্বান কৰিছে মুখ্যমন্ত্ৰীলৈ।

সিদ্ধান্ত ভুল হব পাৰে! জুবিন ক্ষেত্ৰৰ নিয়মাৱলীৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰীলৈ বিশেষ আহ্বান ৰীতা চৌধুৰীৰ...

ৰীতা চৌধুৰী-জুবিন গাৰ্গ

Published: 

24 Oct 2025 13:02 PM

জুবিন গাৰ্গৰ মৃত্যু শোক আজিও পাহৰিব পৰা নাই ৰাজ্যবাসীয়ে। তেনেস্থলত জুবিন গাৰ্গৰ বহু অনুৰাগীয়ে জুবিন ক্ষেত্ৰলৈ গৈ মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখা যায়। দিনে নিশাই শ শ মানুহে ভিৰ কৰে ‘জুবিন ক্ষেত্ৰ’। ইয়াৰ মাজতে অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ আশংকাত প্ৰশাসনে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত। এই সিদ্ধান্ত অনুসৰি পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈহে অনুৰাগীয়ে প্ৰৱেশ কৰিব পাৰিব ‘জুবিন ক্ষেত্ৰ’ত।

কিন্তু প্ৰশাসনৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি লেখিকা ৰীতা চৌধুৰীয়ে সামাজিক মাধ্যমত কৰিছে এক বিশেষ পোষ্ট। তেওঁ লিখে-“মাননীয় মুখ্যমন্ত্ৰী মহোদয়, কেতিয়াবা আপোনাক পৰিবেষ্টিত কৰি ৰখা আপোনাৰ শুভাকাংক্ষীসকলে, সাধাৰণতে যিসকলৰ বেছিভাগেই তোষামোদকাৰী, তেওঁলোকে পৰিস্থিতিৰ যথাযথ ছবিখন অনুধাৱন কৰিব নোৱাৰি, প্ৰকৃত ছবিখন তুলি ধৰিব নোৱাৰিবও পাৰে। সিদ্ধান্তবোৰ লওঁতে সেয়েহে ভুল হোৱাৰ সম্ভাৱনা থাকে৷

জুবিনক ভাল পোৱা সকলোৱে ’জুবিন ক্ষেত্ৰ’লৈ দিনত আহিবলৈ সময় নাপাবও পাৰে। দিন হাজিৰা কৰাৰ পৰা জীৱিকাৰ বিভিন্ন ক্ষেত্ৰত ব্যস্ত থাকে মানুহবোৰ৷ সেয়েহে টোপনি আৰু জিৰণি বিসৰ্জন দি দূৰ দূৰণিৰ পৰা আহে৷ কিছুমানে বাৰে বাৰে আহে। জুবিনৰ প্ৰতি তেওঁলোকৰ ভালপোৱাৰ জোখ লোৱা অসম্ভৱ।

অগণন মানুহে জুবিনক হঠাতে হেৰুৱাই যি মানসিক কষ্ট পাইছে, তাৰ পৰা আজিলৈকে ওলাব পৰা নাই (তাৰ ভিতৰত ময়ো আছোঁ)”।

তেওঁ আৰু লিখে- “সমাজৰ অভিভাৱকসকলে মানুহৰ সেই কষ্টৰ উপশমৰ বাট বিচৰাৰহে সময় এয়া। তাৰ সলনি ‘জুবিন ক্ষেত্ৰ’ত প্ৰৱেশৰ বাবে দিয়া বাধা-নিষেধে জুবিনক ভাল পোৱা ল’ৰা-ছোৱালীবোৰক জটিল মানসিক অৱস্থালৈ ঠেলি দিব পাৰে৷ আত্মহননৰ পৰা বিদ্ৰোহলৈ— যিকোনো ঘটনা ঘটিব পাৰে। জনজাতি প্ৰধান ৰাজ্য খনৰ বিভিন্ন পৰম্পৰাৰ কথাও আমি শ্ৰদ্ধা সহকাৰে লাগিব। একেদৰে আইন-শৃংখলা ৰক্ষাৰ দায়িত্বও প্ৰশাসনৰ আছে।

মই এজন দায়িত্বশীল লেখক আৰু মাতৃ৷ মাত মতাটো অতি জৰুৰী বুলি যেতিয়া ভাব হয় তেতিয়া মাত এষাৰ দিওঁ৷ যি কওঁ সঠিক বুলি আৰু ময়ো কোৱাৰ প্ৰয়োজন আছে বুলি নিজে পতিয়ন যোৱা কথাহে কওঁ৷ ঢৌত উটি, আনৰ নিৰ্দেশনা শুনি নকওঁ৷

এই জটিল সময়ত সকলো ধৰণৰ ভয় ভাগি যোৱাকৈ বিষয়বোৰ আৰু বেছি জটিল কৰি নেপেলোৱাটোৱেই এই মুহূৰ্তত সঠিক সিদ্ধান্ত হ’ব বুলি ভাবোঁ। আপুনি এজন পৰিপক্ক ৰাজনীতিক৷ এবাৰ ভাবি চাব বুলি আশা কৰিলোঁ”।

উল্লেখ্য যে, কিছুদিন ধৰি জুবিন ক্ষেত্ৰৰ ওচৰৰ বাসিন্দাসকলে অভিযোগ কৰিছিল, নিশা হ’লেই একাংশই জুবিন ক্ষেত্ৰত সুৰাপান কৰি উদ্ভাণ্ডলী কৰে। দীৰ্ঘদিনৰ অভিযোগৰ অন্তত প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও এতিয়া বহু জুবিন অনুৰাগীয়ে সিদ্ধান্তৰ বিৰোধিতা কৰা দেখা গৈছে।

অন্য খবৰ পঢ়কঃ আটক আলফা (স্বা)ৰ ৭ জন লিংকমেন, উদ্ধাৰ বহু পৰিমাণৰ চিকিৎসা সামগ্ৰী…

Related Stories
পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ
২০২৬ত বিজেপিয়েই জিকিব! জুবিনক ৰাজনীতিৰ পৰা ১০০০ কিলোমিটাৰ দূৰত ৰখাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ
চাৰ্জশ্বীট দিয়াৰ পাছতে জুবিনৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব অসমৰ মুখ্যমন্ত্ৰী, ৰীতা চৌধুৰীৰ মন্তব্যৰ সন্দৰ্ভকত প্ৰতিক্ৰিয়া হিমন্ত বিশ্ব শৰ্মাৰ
উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ, মহিলাসকলে কি কি কামত ব্যৱহাৰ কৰিব পাৰিব এই পুঁজি?
১৯৮৩ ৰ নেলীকাণ্ড: ৪২ বছৰৰ পাছত চৰকাৰে বিধানসভাত দাখিল কৰিব তিৱাৰী আয়োগৰ প্ৰতিবেদন
ছিংগাপুৰৰ পৰা কি কি তথ্য পালে SITএ? জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত SIT ৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ সংবাদমেল
মগজু চোকা কৰিবলৈ দৈনিক কৰক এই ৫টা কাম, কম সময়তে দেখিব ইতিবাচক প্ৰভাৱ
শনি দেৱৰ পূজাত ভুলতো নিদিব এইসমূহ সামগ্ৰী, শনি দোষ লাগিব আপোনাৰ!
কলডিল আপোনাৰ প্ৰিয় নে? আমাৰ শৰীৰৰ কি কি উপকাৰ সাধন কৰে জানো আহক
আপুনি জানেনে ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ ৰাতিপুৱা কি কৰিব লাগে?