হাতত অস্ত্ৰ থাকিলে মগজুত চয়তানে বাহ লয়…খিলঞ্জীয়াক অস্ত্ৰৰ অনুুজ্ঞাপত্ৰ দিয়া সন্দৰ্ভত কি ক’লে ৰীতা চৌধুৰীয়ে…

"চৰকাৰে অস্ত্ৰৰ লাইচেঞ্চ দিয়াৰ আগতে নিৰাপত্তাৰ এইধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা লোৱাৰ বিষয়ে ভাবি চাব পাৰে৷ ই ভৱিষ্যতে হ’ব পৰা ভয়াৱহ পৰিণামক ৰোধ কৰাত সহায়ক হ’ব বুলি মোৰ বিশ্বাস৷ "

হাতত অস্ত্ৰ থাকিলে মগজুত চয়তানে বাহ লয়...খিলঞ্জীয়াক অস্ত্ৰৰ অনুুজ্ঞাপত্ৰ দিয়া সন্দৰ্ভত কি কলে ৰীতা চৌধুৰীয়ে...

ৰীতা চৌধুৰী

Updated On: 

17 Jun 2025 14:14 PM

ৰাজনীতিৰ লগত জড়িত বিভিন্ন বিষয় বহু সময়ত পাকঘূৰণি খাই থাকে। বৰ্তমান চৰ্চিত তেনে এক বিষয় হল মাৰণাস্ত্ৰৰ লাইসেন্স । কিছুদিন পূৰ্বে অসম কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে- অসম চৰকাৰে খিলঞ্জীয়া লোকসকলক মাৰণাস্ত্ৰৰ লাইসেন্স দিব। এই সিদ্ধান্তক লৈ কংগ্ৰেছে অহৰহ চৰকাৰৰ বিৰোধিতা কৰি আহিছে। এতিয়া এই বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে  বিশিষ্ট ঔপন্যাসিক ৰীতা চৌধুৰীয়ে। তেওঁ এই সন্দৰ্ভত সামাজিক মাধ্যমক কৰা পোষ্টটো অ-সম্পাদিত ৰূপত প্ৰকাশ কৰা হল।

“অস্ত্ৰৰ লাইচেন্স/এটা নম্ৰ পৰামৰ্শ

ৰাষ্ট্ৰৰ আভ্যন্তৰীণ আৰু বৈদেশিক নিৰাপত্তাৰ দিশবোৰ চোৱচিতা কৰিবলৈ চৰকাৰী বিভিন্ন সংগঠন আৰু agency আছে৷ সাধাৰণ মানুহৰ দৃষ্টি আৰু বোধগম্যতাই সেইবোৰ ঢুকি পাব নোৱাৰে৷ নিৰাপত্তাৰ স্বাৰ্থতে সেই অনুমতি দিয়া নহয় আৰু ভিতৰলৈ সোমাই খুঁচৰি চোৱাৰ প্ৰচেষ্টাও উচিত নহয়৷ আমাৰ দুয়োটা সন্তানৰ স্কুললৈ যাব পৰা হোৱাৰ পৰাই ব্যক্তিগত নিৰাপত্তাৰক্ষী দিয়া হৈছে৷ মোক কেতিয়াও ব্যক্তিগত নিৰাপত্তাৰক্ষী দিয়া নাছিল আৰু আজিও নাই৷ মই কেতিয়াও বিচৰাও নাই৷

Security reviewত কাৰোবাক নিৰাপত্তাৰ প্ৰয়োজন আছে নে নাই আৰু যদি আছে তাৰ সীমা কিমান সেয়া কেনেকৈ নিৰ্ধাৰণ কৰে, মই নাজানো আৰু জানিবলৈ আগ্ৰহীও নহয়৷ নিৰাপত্তাৰ ক্ষেত্ৰত আমাৰ পৰিয়ালৰ বাবে অতি সংবেদনশীল দিনবোৰতো মই ল’ৰা-ছোৱালী দুটাক স্কুললৈ থ’বলৈ গ’লে নিৰাপত্তাৰক্ষী নিজেই নগৈছিল৷ ল’ৰা-ছোৱালী দুটায়ো নিবিচাৰিছিল৷ সিহঁতে বিশ্বাস কৰিছিল মই অকলেই যথেষ্ট৷

নাজানো কিয়! আমাৰ বিয়া হোৱাৰ পিছতেই মন্ত্ৰী-বিধায়কসকলক ব্যক্তিগত নিৰাপত্তাৰ বাবে সৰু অস্ত্ৰৰ লাইচেন্স দিয়াৰ সিদ্ধান্ত ল’ব বা লৈছে বুলি মোৰ গৃহস্থই জনাইছিল৷৷ সঠিককৈ মনত নাই৷ লওঁ নেকি বুলি মোক সুধিছিল৷ মই কৈছিলোঁ নালাগে৷ হাতত অস্ত্ৰ থাকিলে মগজুত চয়তানে বাহ লয়৷ কৈছিলোঁ অস্ত্ৰই যে কাকো ৰক্ষা কৰিব নোৱাৰে তাৰ হাজাৰ উদাহৰণ চাৰিওফালে চকু ফুৰালেই দেখোঁ৷ সশস্ত্ৰ বিপ্লৱ, বিদ্ৰোহো। অস্ত্ৰ নহয়, অস্ত্ৰধৰা হাতখনৰ পিছফালে থকা মানসিক প্ৰস্তুতি, যথাযথ আদৰ্শ, দায়বদ্ধতা আদিৰ দৰে বিষয়বোৰৰ ওপৰতহে নিৰ্ভৰ কৰে৷

অস্ত্ৰৰ লাইচেন্স নল’বা৷ তেওঁ এনেও এজন অতি শান্তিপ্ৰিয় মানুহ৷ দা-কটাৰীৰ পৰাও দূৰৈত থাকিব খোজে। বিষয়টো তাতেই শেষ হ’ল৷ বৰ্তমান নিৰাপত্তাৰ ক্ষেত্ৰত সংবেদনশীল অঞ্চলৰ মানুহৰ হাতত অস্ত্ৰ তুলি দিয়াৰ সিদ্ধান্ত লোৱা বুলি ঘোষণা কৰা হৈছে ৷ এই সিদ্ধান্তৰ পিছফালে নিৰাপত্তাজনিত কি কাৰণ আছে সেয়া সৰ্বসাধাৰণৰ জনাৰ উপায় নাই৷

প্ৰশ্ন উঠিব৷ স্বাভাবিক৷ কিন্তু প্ৰশ্ন কৰাটো মোৰ বোধেৰে একপ্ৰকাৰ অনৰ্থক৷ কাৰণ এনে সিদ্ধান্তৰ পিছফালে আভ্যন্তৰীণ আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তাৰ দায়িত্বত থকা বিভিন্ন বিভাগৰো বিশেষ ভূমিকা থাকে৷ আমি প্ৰশ্ন কৰিব পাৰোঁ৷ কিন্তু সিদ্ধান্ত গ্ৰহণত তাৰ কিমান প্ৰভাৱ পৰিব সেয়া আমি নাজানোঁ৷ কিন্তু সাধাৰণ নাগৰিক হিচাপে ভাব হয় যথাযথ পৰিকল্পনা আৰু নিৰাপত্তাৰ প্ৰশিক্ষণ নিদিয়াকৈ অস্ত্ৰৰ লাইচেন্স দিলে সি ভয়াবহ ভৱিষ্যতৰ সূচনা কৰিব পাৰে৷ এই ক্ষেত্ৰত মই সৰুতে দেখা অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি সাধাৰণ নাগৰিক হিচাপে নিজৰ অধিকাৰ আৰু কৰ্তব্যৰ সীমাৰ ভিতৰত থাকি এটা পৰামৰ্শ আগবঢ়াব বিচাৰোঁ৷

১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ পিছত SSB (The Special Service Bureau) গঠন কৰা হৈছিল৷ ভৱিষ্যতে কোনো যুদ্ধ বা যুদ্ধসদৃশ পৰিস্থিতিৰ উদ্ভৱ হ’লে সেনা আৰু আন সুৰক্ষা সংগঠনবোৰক যাতে সীমান্ত অঞ্চলৰ মানুহে সক্ৰিয় সহযোগ আৰু সমৰ্থন আগবঢ়াব পাৰে তাৰ বাবে সীমান্ত অঞ্চলৰ অধিবাসীসকলক প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল৷ সেই উদ্দেশ্যৰে SSB ৰ Police Trainingg centreসমূহ স্থাপন কৰা হৈছিল৷ এই বিষয়ে ইয়াত বহলাই লিখাৰ প্ৰয়োজন আছে বুলি নাভাবো৷ আমি হাফলং Police Traing centre ত আছিলোঁ৷ তাত সেইবোৰ প্ৰশিক্ষণ দিয়া হৈছিল৷ আমি সৰু আছিলোঁ৷ বহুত বেছি জনা আৰু বুজা নাছিলোঁ যদিও

সীমান্ত অঞ্চলৰ মানুহক batch হিচাপে আনি আনি প্ৰশিক্ষণ দিয়া দেখিছিলোঁ৷ তাৰ ভিতৰত কাহানিও ভৈয়াম আৰু আধুনিক। জীৱন-যাত্ৰা নেদেখা সীমান্ত অঞ্চলৰ মানুহো আছিল৷ তেওঁলোকে কেতিয়াও ৰেলগাড়ী দেখা নাছিল আৰু ৰাক্ষস দানৱ বুলি ভয় খাইছিল৷ ৰেলত উঠাৰ পিছত হুইচেল বাজোঁতে ৰাক্ষসৰ চিঞৰ বুলি আতংকিত হৈ ৰেলৰ পৰা নামি যাবলৈ হুলস্থুল লগাইছিল৷ এতিয়া সময় সলনি হৈছে৷

কিন্তু সীমান্ত অঞ্চলৰ আৰু সংবেদনশীল অঞ্চলবোৰৰ নিৰাপত্তাৰ প্ৰশ্নটো আজিও প্ৰাসংগিক হৈ আছে৷ হৈ থাকিবও৷ চৰকাৰে অস্ত্ৰৰ লাইচেঞ্চ দিয়াৰ আগতে নিৰাপত্তাৰ এইধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা লোৱাৰ বিষয়ে ভাবি চাব পাৰে৷ ই ভৱিষ্যতে হ’ব পৰা ভয়াৱহ পৰিণামক ৰোধ কৰাত সহায়ক হ’ব বুলি মোৰ বিশ্বাস৷ এয়া পৰামৰ্শহে৷ সিদ্ধান্ত লোৱাৰ অধিকাৰ আৰু দায়িত্ব চৰকাৰৰ হাততহে আছে৷ নিৰাপত্তা সংস্থাসমূহে দিয়া পৰামৰ্শ এই ক্ষেত্ৰত সৰ্বসাধাৰণৰ পৰামৰ্শতকৈ আগত থকাটোৱেই স্বাভাৱিক৷”

অন্য খবৰ পঢ়কঃ খিলঞ্জীয়াক অস্ত্ৰৰ অনুুজ্ঞাপত্ৰ দিয়া সিদ্ধান্তৰ বিৰোধিতা গৌৰৱ গগৈৰ, ক’লে- এয়া চৰকাৰৰ বিফলতা…

প্ৰস্ৰাৱৰ সংক্ৰমণ হ'লে মহিলাৰ ক্ষেত্ৰত কি কি লক্ষণে দেখা দিয়ে ?
মাত্ৰ এই ৪ টা উপদেশ পালন কৰক, কেতিয়াও মুখত শালমইনা সমস্যা নহয়...
মজিয়াত শোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ উপকাৰিতাৰ বিষয়ে জানক
প্ৰতাৰক আৰু বিশ্বাসঘাতক লোকক কেনেকৈ চিনিব পাৰি?