ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে সৰুসজাইত কিমান দিন ৰখা হ’ব জুবিনৰ নশ্বৰদেহ ?

জুবিনৰ নশ্বৰদেহ কাহিলীপাৰাৰ পাছত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে সৰুসজাইলৈ লৈ যোৱা হ'ব। সৰুসজাইত সকলোৱে প্ৰিয় শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব।

ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে সৰুসজাইত কিমান দিন ৰখা হব জুবিনৰ নশ্বৰদেহ ?

জুবিন গাৰ্গ

Published: 

21 Sep 2025 | 11:33 AM

বৰঝাৰ বিমান বন্দৰৰ পৰা শেষ যাত্ৰাত প্ৰাণৰ শিল্পী জুবিন। লাখ লাখ অনুৰাগীৰ ভিৰ ফালি কাহিলীপাৰা বাসগৃহলৈ শেষ যাত্ৰা কৰিছে জুবিনে। লগত আছে তেখেতৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। তেওঁ যে আমাৰ মাজত নাই কেতিয়াও মানি ল’ব নোৱাৰা এটা কথা। অনুভৱবোৰ ভাষাৰে বুজাব নোৱাৰা।

জুবিনৰ নশ্বৰদেহ কাহিলীপাৰা বাসগৃহ পোৱাৰ পাছত কিছু সময় তাতে ৰাখি ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে সৰুসজাইলৈ লৈ যোৱা হ’ব। সৰুসজাইত সকলোৱে প্ৰিয় শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। কিন্তু প্ৰশ্ন হয় তেওঁ শেষ নিশ্বাস ত্যাগ কৰা আজি তিনি দিন হৈ গৈছে। গতিকে ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে কিমান সময় ৰাখিব পাৰিব জুবিনৰ নশ্বৰদেহ?

খবৰ অনুসৰি, সৰুসজাইত সাজু কৰি ৰখা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এনাটমী বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ দল। এইদলটোৱে জুবিনৰ নশ্বৰদেহ পৰীক্ষা কৰিব। প্ৰিয় শিল্পীগৰাকী পাৰ্থিৱ দেহৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিব অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলিৰ বাবে কিমান সময় পাব।

অনুৰাগীয়ে বিচাৰিছে যে, জুবিনৰ নশ্বৰদেহটো সোমবাৰৰ দিনটো সৰুসজাইতে ৰখা হয়। কিন্তু সেয়া নিৰূপন কৰিব জুবিনৰ পাৰ্থিৱ দেহৰ অৱস্থাই। যদি সম্ভৱ নহয় তেন্তে সোমবাৰৰ দিনটোৰ বিয়লি ভাগলৈ জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হোৱাৰ সম্ভৱনা আছে।

ইফালে, সোণাপুৰৰ কুমাৰকুছিৰ হাতীমূৰাত সম্পন্ন হ’ব জুবিনৰ শেষকৃত্য। পুৱা ভাগতে প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াই সেই স্থান পৰিদৰ্শন কৰিছিল। ইয়াৰ পাছত সেই স্থান শেষকৃত্যৰ বাবে নিশ্চিত কৰা বুলি জানিব পৰা গৈছে। ইফালে, জুবিনৰ পৰিয়ালেও সন্মতি প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।

পৰিয়ালৰ ইচ্ছা আৰু সন্মতিৰ সাপেক্ষে এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে। সোণাপুৰত থকা উত্তৰ-পূব জনজাতীয় সংগ্ৰহালয়ৰ কাষতে জুবিনৰ শেষকৃত্য সম্পন্ন হ’ব বুলি জানিব পৰা গৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...