অসমত শগুনৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস, ইয়াৰ আঁৰৰ কাৰণ কি জানেনে?
প্ৰকৃতিৰ চাফাই কৰ্মী হিচাপে পৰিচিত শগুনৰ পৰিৱেশক ৰোগমুক্ত কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা আছে যদিও এতিয়া, ইহঁতে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। পূৰ্বতে আমাৰ পথাৰবোৰত বহুতো শগুন দেখা গৈছিল যদিও এতিয়া ইয়াৰ সংখ্যা কমি আহিছে। ইয়াৰ আঁৰৰ কাৰণ কি জানো আহক।

কাজিৰঙাত শগুন
আজিৰ পৰা প্ৰায় ১০ বা ১৫ বছৰ আগলৈ মনত পেলাওকচোন। আপোনাৰ-মোৰ ঘৰৰ ওচৰত থকা খেতিপথাৰ বা মুকলি ঠাইত থকা ওখ গছত সততেই দেখা গৈছিল এবিধ চৰাই। প্ৰকৃতিৰ লেতেৰা আৱৰ্জনা খাই চাফা কৰি ৰখা এই চৰাইবিধ হৈছে আমাৰ চিনাকী শগুন। কিন্তু এতিয়া সেই দৃশ্য বিৰল হৈ পৰিছে। আগতে কাৰোবৰ ঘৰত গৰু-ছাগলী মৰিলে পথাৰৰ আওহতীয়া ঠাইত পেলাইছিল আৰু শগুনবোৰে সেইবোৰ খাই ঠাইখন চাফা কৰি ৰাখিছিল।
কিন্তু বৰ্তমান অসমত শগুনৰ সংখ্যা বছৰ বছৰ ধৰি উদ্বগজনকভাৱে হ্ৰাস পোৱা দেখা গৈছে। মূলতঃ ৰাসায়নিক পদাৰ্থযুক্ত প্ৰাণীৰ মৃতদেহ ভক্ষণৰ বাবেই শগুনৰ মৃত্যু ঘটনা বিভিন্ন সময়ত আমি দেখি আহিছোঁ। যাৰ বাবে বিশেষজ্ঞসকলে সংৰক্ষণৰ প্ৰচেষ্টাত তৃণমূল পৰ্যায়ৰ লোকক অধিক জড়িত হোৱাৰ আহ্বান জনাইছে।
জ্যেষ্ঠ সংৰক্ষণ জীৱবিজ্ঞানী দীপাংকৰ লহকৰে জনোৱা মতে, শগুনৰ প্ৰধান খাদ্য হিচাপে পৰিগণিত জীৱ-জন্তুৰ মৃতদেহত ননষ্টেৰইডাল এন্টি-ইনফ্লেমেটৰী (NSAID) ঔষধ ব্যৱহাৰ কৰাৰ ফলতেই ৰাজ্যখনত ইয়াৰ জনসংখ্যা হ্ৰাস পোৱা পাবলৈ ধৰিছে।
গৰুৰ বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ডাইক্ল’ফেনাক, এচিক্ল’ফেনাক, কেট’প্ৰফেন, নিমেছুলাইড আদি NSAID ঔষধ শগুনৰ মৃত্যুৰ প্ৰধান কাৰণ হিচাপে চিনাক্ত কৰা হৈছে বুলিও তেওঁ কয়। জীৱবিজ্ঞানীগৰাকীয়ে লগতে কয় যে কেন্দ্ৰই এই ঔষধসমূহ পশু চিকিৎসাৰ বাবে ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।
প্ৰকৃতিৰ চাফাই কৰ্মী হিচাপে পৰিচিত শগুনৰ পৰিৱেশক ৰোগমুক্ত কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা আছে যদিও “এতিয়া, ইহঁতে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰি আছে”, বুলি লহকৰে কয়।
শগুনৰ বাবে বিষমুক্ত খাদ্য সুনিশ্চিত কৰাৰ বাবে গাঁও পৰ্যায়ৰ লোকক জড়িত কৰাটো অতি প্ৰয়োজনীয় বুলিও তেওঁ কয়। লহকৰে লগতে কয়, “আমি ঘৰচীয়া জীৱ-জন্তুৰ চিকিৎসাৰ বাবে এই ঔষধ ব্যৱহাৰ কৰা লোকসকলক শিক্ষিত, সংবেদনশীল আৰু সজাগতা সৃষ্টিৰ বাবে অভিযান আৰম্ভ কৰিছো।”
“কামৰূপ জিলা শগুন সংৰক্ষণৰ ক্ষেত্ৰত সুকীয়া ভূমিকা থকা এক গুৰুত্বপূৰ্ণ বাসস্থান, আৰু আমি ইতিমধ্যে আগন্তুক বছৰবোৰত জিলাখনত শগুনৰ মৃত্যু শূন্য কৰাৰ এক অভিযান আৰম্ভ কৰিছো”, তেওঁ কয়।
লহকৰে আঙুলিয়াই দিয়ে যে যোৱা এটা দশকত জিলাখনত ৰাসায়নিক বিষক্ৰিয়াৰ ফলত ৬০০ৰো অধিক শগুনৰ মৃত্যু হৈছে। মানুহক শিক্ষা দিয়া আৰু শগুন সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধি কৰাটো এই চৰাইবোৰৰ ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ। “আমি ফ্লেগশ্বিপ ‘শগুন মিত্ৰ আৰু নেষ্ট গাৰ্ডিয়ানশ্বিপৰ পদক্ষেপৰ জৰিয়তে সকলোকে সমিতিত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰিছো” বুলিও লহকৰে লগতে কয়।
এজন বন বিষয়াই কয় যে বিগত দুটা দশকত আৱাসী শগুনৰ জনসংখ্যা প্ৰায় হ্ৰাস পাইছে। কম সংখ্যক প্ৰজাতিৰ, যেনে স্লেণ্ডাৰ-বিল্ড শগুনৰ জনসংখ্যা ৯০০ তকৈ কম।
অসমত সংকটজনকভাৱে বিলুপ্তপ্ৰায় প্ৰাচ্যৰ বগা পিঠিৰ শগুন, স্লেণ্ডাৰ-বিল্ড আৰু ৰজা শগুনকে ধৰি কেইবাটাও প্ৰজাতিৰ শগুন পোৱা যায়। ইয়াৰ উপৰিও হিমালয় গ্ৰীফন আৰু চিনেৰিয়াছ শগুন প্ৰব্ৰজনকাৰী। ইউৰোপ আৰু হিমালয়ৰ পৰা শীতকালত ই ৰাজ্যখনলৈ আহে।
অভিযান আৰম্ভ কৰা ছয়গাঁৱৰ চক্ৰ বিষয়া চিৰঞ্জীৱ দাসে কয় যে গাঁৱে গাঁৱে সংৰক্ষণৰ বাৰ্তা বিয়পাই দিয়াৰ ক্ষেত্ৰত গাঁওবুঢ়াসকলে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।
“সাধাৰণ ৰাইজৰ মাজত সংৰক্ষণৰ বাৰ্তা প্ৰচাৰৰ ক্ষেত্ৰত গাঁৱৰ মুৰব্বীসকল অন্যতম গুৰুত্বপূৰ্ণ অংশীদাৰ। শগুন সংৰক্ষণৰ ব্যৱস্থা জনসাধাৰণৰ মাজলৈ লৈ যোৱাটো নিশ্চিত কৰিবলৈ তেওঁলোকক জড়িত কৰি অধিক অভিযান চলাব লাগে আৰু তেওঁলোকে এই চৰাইবিধৰ মৃত্যু বন্ধ কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰে”, তেওঁ কয়।
অসম বন বিদ্যালয়ৰ সঞ্চালক ডিম্পী বৰাই কয় যে তেওঁলোকে শগুনে বাহ সজাৰ বাবে পছন্দ কৰা গছৰ পুলি উৎপাদনৰ বাবে এখন নাৰ্চাৰী স্থাপন কৰিছে।
অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ (ASTEC) বিষয়া মনীষা শৰ্মাই কয় যে স্থানীয় জনসাধাৰণৰ সৈতে সহযোগিতা কৰাটো শগুনৰ সংখ্যা হ্ৰাস ৰোধ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। স্থানীয় সম্প্ৰদায়ে বন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব পাৰে আৰু তৃণমূল পৰ্যায়ত ইতিবাচক পৰিৱৰ্তন সৃষ্টি কৰিব পাৰে বুলিও কয় শৰ্মাই।
কামৰূপ জিলাৰ ৰাণীত দেশৰ শগুন সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰ (ভিচিবিচি)ৰ ভিতৰত এটা আছে, যাৰ লক্ষ্য হৈছে বন্দী অৱস্থাত চৰাইটোক প্ৰজনন কৰি পুনৰ বনাঞ্চলত এৰি দিয়া।