“বাদ পৰিল প্ৰকৃত হিতাধিকাৰী!” দুগ্ধ ফাৰ্মৰ ৰাজসাহায্যৰ অনিয়মক লৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ

গৌৰৱ গগৈয়ে পত্ৰৰ জৰিয়তে বাণিজ্যিক দুগ্ধ পাম স্থাপনৰ বাবে উদ্যোগীক সহায় (২০২২–২৩) আঁচনিৰ অধীনত হিতাধিকাৰী নিৰ্বাচনত অনিয়মৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সাংসদগৰাকীয়ে। লগতে আঁচনিখন পুনৰীক্ষণৰো আহ্বান জনাইছে গৌৰৱ গগৈয়ে।

বাদ পৰিল প্ৰকৃত হিতাধিকাৰী! দুগ্ধ ফাৰ্মৰ ৰাজসাহায্যৰ অনিয়মক লৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ

গৌৰৱ গগৈ

Published: 

28 Jun 2025 18:11 PM

দুগ্ধ ফাৰ্মৰ ৰাজসাহায্য আঁচনিত কথিত অনিয়মকলৈ বিতৰ্ক চলি থকাৰ মাজতে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। পত্ৰৰ জৰিয়তে বাণিজ্যিক দুগ্ধ পাম স্থাপনৰ বাবে উদ্যোগীক সহায় (২০২২–২৩) আঁচনিৰ অধীনত হিতাধিকাৰী নিৰ্বাচনত অনিয়মৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সাংসদগৰাকীয়ে। লগতে আঁচনিখন পুনৰীক্ষণৰো আহ্বান জনাইছে গৌৰৱ গগৈয়ে।

পত্ৰখনত সাংসদ গগৈয়ে কয়, ‘প্ৰতি ইউনিটত ৫০ লাখ টকা পৰ্যন্ত ৰাজসাহায্য প্ৰদান কৰা এই আঁচনিখন দুগ্ধ উদ্যোগীসকলক সহায় কৰাৰ লগতে আঞ্চলিক গাখীৰ উৎপাদন ক্ষমতা শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা হৈছিল। কিন্তু হিতাধিকাৰীৰ ভিতৰত শাসকীয় দলৰ মন্ত্ৰী-বিধায়কৰ আত্মীয় আৰু সহযোগী অন্তৰ্ভুক্ত হোৱা বুলি খবৰ প্ৰকাশ পাইছে।

তেওঁ বঙাইগাঁও দৰে জিলাৰ পৰা পোৱা প্ৰতিবেদনৰ উদ্ধৃতি দি অভিযোগ কৰে যে, এই আঁচনিৰ সুবিধা প্ৰদানৰ বাবে একাধিক আবেদন লাভ কৰাৰ পিছতো যোগ্য আৰু দীৰ্ঘদিনীয়া দুগ্ধ পালকসকলক উপেক্ষা কৰা হৈছিল। যিয়ে হিতাধিকাৰী বাছনি প্ৰক্ৰিয়াত অনিময় আৰু স্বচ্ছতাৰ অভাৱৰ ইংগিত দিয়ে বুলি উল্লেখ কৰিছে গৌৰৱ গগৈয়ে।

গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰি কয় যে, মন্ত্ৰীসকলৰ পৰিয়ালৰ সদস্যক আঁচনিৰ অধীনত হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। লগতে তেওঁলোকক ৰাজহুৱাভাৱে সমৰ্থন কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈয়ে। লগতে তেওঁ দাবী কৰে যে, ই সমতা আৰু ন্যায়ৰ সাংবিধানিক মূল্যবোধক ক্ষতিগ্ৰস্ত কৰিছে। “এই কাৰ্যই জনসাধাৰণৰ আস্থাক ক্ষয় কৰাই নহয়, ৰাজনৈতিক পক্ষপাতিত্বৰ সমৰ্থনক প্ৰতিফলিত কৰে।”

গগৈয়ে তেওঁৰ পত্ৰত গীৰ গাই বিতৰণৰ জৰিয়তে ৫.৫ কোটিৰো অধিক ৰাজহুৱা পুঁজিৰে গৰুখুটি কৃষি প্ৰকল্পৰ ভিতৰত সংঘটিত অনিয়মৰ অভিযোগ উত্থাপন কৰে। গগৈৰ মতে, প্ৰকল্পটোৰ অধীনত পশুধন ৰাজনৈতিক ব্যক্তিৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহক আবণ্টন দিয়া হৈছিল, য’ত আছিল-জয়ন্ত মল্ল বৰুৱা (কেবিনেট মন্ত্ৰী আৰু বিধায়ক, নলবাৰী)ৰ পত্নী, ভূপেন পেগু (বিধায়ক, জোনাই), উৎপল বৰা (বিধায়ক, গহপুৰ, দিগন্ত কলিতা (বিধায়ক, কমলপুৰ), দিলীপ শইকীয়া (সাংসদ)।

পত্ৰৰ জৰিয়তে এই বিষয়টো তদন্ত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীত আহ্বান জনাইছে সাংসদ গৌৰৱ গগৈয়ে। পত্ৰখনৰ সামৰণিত প্ৰধানমন্ত্ৰীক জৰুৰী হস্তক্ষেপ আৰু অসমত নৈতিক শাসনৰ নীতিসমূহ যাতে পালন কৰা হয় তাৰ বাবে আহ্বান জনাইছে সাংসদ গৌৰৱ গগৈয়ে।

এগৰাকী মহিলাৰ দেহত আৱিষ্কাৰ নতুন ব্লাড গ্ৰুপ, ইয়াৰ নাম কি আৰু ক'ৰ পৰা আহিল?
বাৰে বাৰে আপোনাৰ শৰীৰটো ভাগৰুৱা যেন লাগে নেকি? এয়া কি ৰোগৰ লক্ষণ জানক
কিনা পানীৰ বটলৰ সাঁফৰৰ ৰং কিয় বেলেগ বেলেগ হয় জানেনে?
গোৰোহাৰ বিষ বা ফুলাটো কি ৰোগৰ লক্ষণ? সবিশেষ জানক