প্ৰধানমন্ত্ৰী মোদীৰ পৰা ৰাজনাথ সিঙলৈ…অহা ৪৫ দিনত অসমলৈ আহিব ৪ গৰাকী শীৰ্ষ কেন্দ্ৰীয় মন্ত্ৰী

অহা ৪৫ দিনৰ ভিতৰত অসমলৈ আহিব ৪ গৰাকী কেন্দ্ৰীয় মন্ত্ৰী। প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে ভ্ৰমণ কৰিব নিৰ্বাচনমুখী অসম। কিয়নো অহা বৰ্ষৰ প্ৰথম ভাগতেই অসমত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন।

প্ৰধানমন্ত্ৰী মোদীৰ পৰা ৰাজনাথ সিঙলৈ...অহা ৪৫ দিনত অসমলৈ আহিব ৪ গৰাকী শীৰ্ষ কেন্দ্ৰীয় মন্ত্ৰী

অসমলৈ আহিব চাৰি কেন্দ্ৰীয় মন্ত্ৰী

Published: 

06 Nov 2025 15:54 PM

চলিত বৰ্ষটো শেষ হ’বলৈ মাত্ৰ দুমাহতকৈও কম দিন বাকী। এই সময়ছোৱাৰ ভিতৰতে অসমলৈ আহিব ৪ গৰাকী কেন্দ্ৰীয় মন্ত্ৰী। প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে ভ্ৰমণ কৰিব নিৰ্বাচনমুখী অসম। কিয়নো অহা বৰ্ষৰ প্ৰথম ভাগতেই অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কয় যে ৭ ৰ পৰা ৯ নৱেম্বৰৰ ভিতৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে অসম ভ্ৰমণ কৰিব। কেবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব দুই কেন্দ্ৰীয় মন্ত্ৰীয়ে।

“কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ অহা ৭ নৱেম্বৰত অসমলৈ আহিব। তেওঁ জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰ্যবেক্ষণ কৰিব। বিশ্ব মানদণ্ডৰে নিৰ্মিত নতুন লেণ্ড ৱাটাৰ টাৰ্মিনেল আৰু গুৱাহাটীত নদীৰ পাৰৰ বাগিচা উদ্বোধন কৰিব তেওঁ। অহা ৮ নৱেম্বৰত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়, নতুন গ্ৰীণফিল্ড বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব।” মুখ্যমন্ত্ৰীয়ে কয়।

প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং অহা ৯ নৱেম্বৰত গুৱাহাটীত উপস্থিত হ’ব। লাচিত ঘাটত ভাৰতীয় বায়ুসেনাৰ এয়াৰ শ্ব’ অনুষ্ঠানত অংশ ল’ব প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে। “অহা ৯ নৱেম্বৰত কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং গুৱাহাটীত উপস্থিত হ’ব আৰু তেওঁ ভাৰতীয় বায়ুসেনাৰ এয়াৰ শ্ব’ত অংশ ল’ব।” সাংবাদিকৰ আগত কয় মুখ্যমন্ত্ৰী শৰ্মাই।

ডঃ শৰ্মাই লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও এই দুমাহৰ ভিতৰত অসম ভ্ৰমণলৈ অহাৰ সম্ভাৱনা আছে। “অহা ৪৫ দিনৰ ভিতৰত ৰাষ্ট্ৰীয় নেতাৰ ভ্ৰমণৰ সাক্ষী হ’ব অসম।” তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰী মোদীৰ সাম্ভাৱ্য অসম ভ্ৰমণৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটী আৰু ডিব্ৰুগড় ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে। “গুৱাহাটীত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী বিমান বন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন কৰিব। ডিব্ৰুগড়ত তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যৌথ প্ৰচেষ্টাত নিৰ্মাণ হ’বলগীয়া সাৰ কাৰখানাৰ চৌহদৰ আধাৰশিলাস্থাপন কৰিব। তাৰ পাছত তেওঁ গুৱাহাটীলৈ আহি গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা নতুন দলংখন উদ্বোধন কৰিব।” মুখ্যমন্ত্ৰীয়ে জনায়।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণ সম্পৰ্কত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে দলীয় সভাত অংশগ্ৰহণ কৰাৰ লগতে দুটা প্ৰধান সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত উছৰ্গিত ৫০০০ আসনৰ ক্ষমতাযুক্ত প্ৰেক্ষাগৃহ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানৰ এক প্ৰকল্প উদ্বোধ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে।

অহা ডিচেম্বৰ আৰু জানুৱাৰী মাহত অসমলৈ সোঁত ব’ব কেন্দ্ৰীয় নেতাৰ। নিৰ্বাচনমুখী ৰাজ্যখনত তৃতীয়বাৰলৈ ক্ষমতা দখলৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে গেৰুৱা দলটোৱে। তাৰ পৰিপ্ৰেক্ষিতত সভা-সমিতি অনুষ্ঠিত কৰি ৰাইজক আকৃষ্ট কৰাৰ বাবে তৎপৰ হৈ পৰিছে বিজেপি দল।

ঘৰৰ এই ৩টা স্থানত কেতিয়াও নাৰাখিব মানী প্লাণ্ট, অন্যথা দৰিদ্ৰতাই আগুৰিব আপোনাৰ জীৱন
হাওঁফাওঁৰ সংক্ৰমণ হ'লে কি কি লক্ষণে দেখা দিয়ে, জানক...
যকৃত সুস্থ ৰাখিবলৈ খাওক এইসমূহ খাদ্য! জনালে চিকিৎসকে...
প্ৰস্ৰাৱৰ লগত তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? জানক...