ADREৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ দিব্যাংগসকলে পাব দ্বিতীয়বাৰৰ বাবে স্বাস্থ্য পৰীক্ষাৰ সুযোগ: মুখ্যমন্ত্ৰী

দেওবাৰে ফেচবুক লাইভ সম্বোধন কৰি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে, যিসকল বিশেষভাৱে সক্ষম প্রার্থীয়ে ADREৰ লিখিত পর্যায়ত সফলতাৰে উত্তীৰ্ণ হৈছে তেওঁলোকক দ্বিতীয়বাৰৰ বাবে স্বাস্থ্য পৰীক্ষাত হাজিৰ হোৱাৰ সুযোগ দিয়া হ’ব৷

ADREৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ দিব্যাংগসকলে পাব দ্বিতীয়বাৰৰ বাবে স্বাস্থ্য পৰীক্ষাৰ সুযোগ: মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Updated On: 

19 Jan 2026 | 08:33 AM

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত যোগ্যতা অৰ্জন কৰা বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বিশেষ সাহায্য ব্যৱস্থাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে ফেচবুক লাইভ সম্বোধন কৰি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে, যিসকল বিশেষভাৱে সক্ষম প্রার্থীয়ে ADREৰ লিখিত পর্যায়ত সফলতাৰে উত্তীৰ্ণ হৈছে তেওঁলোকক দ্বিতীয়বাৰৰ বাবে স্বাস্থ্য পৰীক্ষাত হাজিৰ হোৱাৰ সুযোগ দিয়া হ’ব ৷

তাৰ পূৰ্বে অসমৰ ব্ৰেণ্ড এম্বেছাদৰৰ দৰে প্ৰধানমন্ত্ৰীয়ে বাগৰুম্বা নৃত্যক বিশ্বৰ মঞ্চলৈ লৈ যোৱাত সহায় কৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। এই অনুষ্ঠানৰ লগত চীনৰ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ তুলনা কৰা বুলি মন্তব্য কৰে। ইয়াৰ বাবে সকলোকে ধন্যবাদ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ কয় যে, এই পদক্ষেপৰ উদ্দেশ্য হৈছে পদ্ধতিগত বাধাসমূহ আঁতৰোৱা আৰু কাৰিকৰী বা চিকিৎসা মূল্যায়নৰ বাধাৰ বাবে যোগ্য প্ৰাৰ্থীসকলক যাতে কৰ্মসংস্থাপনৰ পৰা বঞ্চিত নহয়। মুখ্যমন্ত্ৰী শৰ্মাই এই কথাত গুৰুত্ব আৰোপ কৰে যে ৰাজ্য চৰকাৰে সৰ্বাংগীন শাসন ব্যৱস্থা আৰু সমাজৰ সকলো শ্ৰেণী, বিশেষকৈ বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে সম সুযোগৰ প্ৰতি দায়বদ্ধ হৈ আছে।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, বিশেষ সুবিধাসমূহ বিশেষভাৱে সক্ষম যোগ্য প্ৰাৰ্থীসকলক সম্প্ৰসাৰিত কৰা হ’ব, আৰু বৰ্তমানৰ ব্যৱস্থাৰ সীমাবদ্ধতাৰ বাবে কোনো প্ৰাপ্য ব্যক্তিয়ে ক্ষতিগ্ৰস্ত হ’ব নালাগে। মুখ্যমন্ত্ৰীয়ে আৰু কয় যে দ্বিতীয়টো স্বাস্থ্য পৰীক্ষাৰ সন্দৰ্ভত বিতং নিৰ্দেশনা সংশ্লিষ্ট বিভাগসমূহে অতি সোনকালে জাৰি কৰিব।

ইফালে অসম আৰক্ষীৰ চাকৰি সন্দৰ্ভতো গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। ফেচবুক লাইভত তেওঁ কয়, “অসম আৰক্ষীৰ চাকৰিত আবেদনৰ বয়সৰ সীমা ২৬ বছৰলৈ বৃদ্ধি কৰা হ’ব।ইয়াপ উপৰিও আবেদনৰ সময়সীমা ১৫ দিনলৈ বৃদ্ধি কৰা হ’ব। আবেদনৰ ন্যূনতম বয়স ১৮ বছৰ, ঊৰ্ধ্বতম বয়স ২৬ বছৰ”। লগতে ভেন্সাৰ স্কুলৰ আবেদনৰ বাবে শীঘ্ৰেই মুকলি কৰি দিয়া হ’ব প’ৰ্টেল।

লগতে পঢ়ক: আজিৰ অসমে পাকিস্তানী এজেণ্টৰ ওচৰত আত্মসমৰ্পণ নকৰে: গৌৰৱ গগৈক লক্ষ্য কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য

হ'ব সমস্যা! ভুলতো ব্যৱহাৰ নকৰিব মৃতকৰ এই ৫ বস্তু...
মৃত্যুৰ কিমান দিন পিছত আত্মাই নতুন শৰীৰত প্ৰৱেশ কৰে? জানক...
কেৱল সোৱাদ-সুগন্ধই নহয়, তেজপাতৰ এনে চমৎকাৰী গুণৰ বিষয়ে হয়তো আপুনিও অজ্ঞাত!
লিভাৰ দুৰ্বল হ'লে ভৰিত এই লক্ষণে দেখা দিয়ে, জানক...
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি