কংগ্ৰেছ চিৰিয়াছ দল নহয়, তেওঁলোকে কেৱল প্ৰাৰ্থীৰ পৰা টকা লোৱাত ব্যস্তঃ মুখ্যমন্ত্ৰী

ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনক লৈ সাজু হৈছে প্ৰতিটো দল-সংগঠন। কিন্তু এই সময়ত কংগ্ৰেছৰ মাজত দেখা দিছে গৃহযুদ্ধ। যাৰ বাবে বহু কেইগৰাকী বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে।

কংগ্ৰেছ চিৰিয়াছ দল নহয়, তেওঁলোকে কেৱল প্ৰাৰ্থীৰ পৰা টকা লোৱাত ব্যস্তঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

13 Apr 2025 | 06:18 PM

ৰাজ্যত বৰ্তমান বলিছে নিৰ্বাচনী গৰম বতাহ। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো দল সংগঠনে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও কংগ্ৰেছ বহু পিছ পৰি আছে।  প্ৰতিবাৰৰ দৰে এইবাৰো কংগ্ৰেছৰ মাজত দেখা গৈছে নিৰ্বাচনকেন্দ্ৰিক সংঘাত। প্ৰাৰ্থীৰ নামত টকা, প্ৰাৰ্থিত্ব প্ৰদান, দল ত্যাগ আদি বিভিন্ন দিশে জুৰুলা কৰিছে দলটোক। ইয়াৰ বিপৰীতে বিজেপিয়ে শক্তিশালী স্থিতি গ্ৰহণ কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ চেষ্টা কৰিছে।

ইয়াৰ মাজতে পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, কংগ্ৰেছ দল কোনো ক্ষেত্ৰতেই চিৰিয়াছ নহয়। দেওবাৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নৱ-নিৰ্বাচিত পাৰিষদৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি  সাংবাদিকৰ আগত এই মন্তব্য প্ৰদান কৰে  মুখ্যমন্ত্ৰীগৰাকীয়ে।

মিত্ৰতা সন্দৰ্ভত তেওঁ কয় যে, মিত্ৰ দলৰ সৈতে আমি পঞ্চায়ত নিৰ্বাচন একেলগে খেলিম। ইতিমধ্যে প্ৰায়ভাগে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। আগন্তুক সময়ত আৰু আধাখিনি জয়লাভ কৰিব। ইয়াৰোপৰি যিসকলে প্ৰাৰ্থীয়ে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেওঁলোকক আবেদন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে।

লগতে কয়, কংগ্ৰেছৰ প্ৰাৰ্থীক প্ৰত্যাহাৰ কৰিবলৈ নকওঁ। তেওঁলোকৰ বিৰুদ্ধে যুঁজ দিম। কংগ্ৰেছ অলপো চিৰিয়াছ নহয়। আমি যিমান কাম কৰিছো সেইবোৰ কৰিবলৈ তেওঁলোকেও সুযোগ লাভ কৰিছিল। কিন্তু তেওঁলোক প্ৰাৰ্থীৰ পৰা টকা লোৱাত ব্যস্ত। ইয়াৰোপৰি ষ্টাৰ কেম্পেইনাৰ সন্দৰ্ভত শৰ্মাই কয় যে, আমাৰ ৰাজ্যতে ষ্টাৰ কেম্পেইনাৰ আছে। পঞ্চায়ত নিৰ্বাচনৰ বাবে দিল্লীৰ পৰা কোনো নাহে। ২১ এপ্ৰিলৰ পৰা মই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিম।

উল্লেখ্য যে, নিৰ্বাচনক লৈ প্ৰস্তুতি চলোৱাৰ সময়তে কংগ্ৰেছৰ গৃহ কন্দল পুনৰ ৰাজহুৱা হৈ পৰিছে। যাৰ বাবে বহু কেইখন আসনত বিজেপিৰ প্ৰাৰ্থী জয় লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰোপৰি কেইবাখন জিলাত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবে বহু কংগ্ৰেছী দল ত্যাগ কৰে। ইমানেই নহয়, বহু ঠাইত মাৰপিটৰ দৰে ঘটনা সংঘটিত হয়।  আনকি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই মীৰা বৰঠাকুৰৰ বিৰুদ্ধে প্ৰাৰ্থীৰ বাবে সহায় বিচৰাৰ ক্ষেত্ৰত ক্ষোভ প্ৰকাশ কৰিছে।

মুঠতে সকলোফালে জৰ্জৰিত কংগ্ৰেছ দল।  ইয়াৰোপৰি মিত্ৰতা সন্দৰ্ভতো কোনো স্থিৰতা নাই দলটোৰ। ৰাজ্যত ২০২৬ চনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। গতিকে এই সময়চোৱাত দলটোৱে সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ’ব লাগিছিলি। কিন্তু কংগ্ৰেছৰ পৰিস্থিতিয়ে আগন্তুক নিৰ্বাচনৰ ক্ষেত্ৰতো সন্দেহৰ প্ৰশ্ন আনিছে।

 

 

অন্য খবৰ পঢ়কঃ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা, দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ প্ৰক্ৰিয়া

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...