তেওঁ গানৰ, তেওঁ প্ৰাণৰ… সৰুসজাইত জুবিনৰ কাষত লক্ষ লক্ষ অনুৰাগী

চৌদিশে কেৱল মানুহ আৰু মানুহ। ওৰেটো নিশা জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ সৰুসজাইত ভিৰ অনুৰাগীৰ । কেৱল গুৱাহাটীৰে নহয় অসমৰ প্ৰতিটো প্ৰান্তৰ অনুৰাগীয়ে সৰুসজাইত ভিৰ কৰিছে জুবিন গাৰ্গক এবাৰ চাই যাও বুলি। 'জয় জুবিনদা' ধ্বনি দি অনুৰাগীয়ে শেষবাৰৰ বাবে চাই লৈছে মৰমৰ শিল্পীগৰাকীক।

তেওঁ গানৰ, তেওঁ প্ৰাণৰ... সৰুসজাইত জুবিনৰ কাষত লক্ষ লক্ষ অনুৰাগী

Last Respects To Zubeen Garg At Sarusajai Guwahati

Updated On: 

22 Sep 2025 08:25 AM

এয়া যেন এক সপোন। নাই জুবিন দা, সচাঁকৈ গ’লগৈ । তথাপিও আজি অসমৰ চৌদিশে গুঞ্জৰিত মায়াবিনী ৰাতিৰ বুকুত। সৰুসজাইত আজি ঠাইৰ অভাৱ।  প্ৰাণৰ শিল্পীলৈ লক্ষ লক্ষ অনুৰাগীৰ শ্ৰদ্ধাঞ্জলি। কোনেও যেন মুহূৰ্তৰ বাবে এৰিব বিচৰা নাই অসমীয়াৰ আপোন শিল্পীজনক। দিন পিছত ৰাতি হৈছে, কিন্তু সৰুসজাইৰ পৰিৱেশ একেই থাকিল। হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ মৰমৰ জুবিনক চাবলৈ।

হয়তো কাৰো একো ক’বলগীয়া নাই। মাথোঁ শেষ সময়ত নিজৰ সকলো পাহৰি সংগ দিছে তেওঁক। জুবিন নাই, কিন্তু তেওঁ অবিহনে অসমীয়া কিমান নিঠৰুৱা সেয়া সময়ে কৈ গৈছে।  কিমান প্ৰিয়, কিমান মৰমৰ, কিমান আপোন হ’লে কাৰোবাক মাত্ৰ এবাৰ চোৱাৰ হেঁপাহত ঢপলিয়াব পাৰে মানুহ? এয়া সৰুসজাইত জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰত শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা অগণন অনুৰাগীৰ সোঁত।

চৌদিশে কেৱল মানুহ আৰু মানুহ। ওৰেটো নিশা জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ সৰুসজাইত ভিৰ অনুৰাগীৰ । কেৱল গুৱাহাটীৰে নহয় অসমৰ প্ৰতিটো প্ৰান্তৰ অনুৰাগীয়ে সৰুসজাইত ভিৰ কৰিছে জুবিন গাৰ্গক এবাৰ চাই যাও বুলি। ‘জয় জুবিনদা’ ধ্বনি দি অনুৰাগীয়ে শেষবাৰৰ বাবে চাই লৈছে মৰমৰ শিল্পীগৰাকীক। কিমান যে বেদনা বুকুত বান্ধি জুবিন গাৰ্গৰ অনুষ্ঠান চাবলৈ অহা অনুৰাগীসকলে আজি জুবিনৰ নশ্বৰদেহ চাবলৈ আহিছে। সেয়া হয়তো এজন অসমীয়াইহে বুজিব।

ইফালে একান্তমনে শেষ সময়ত জুবিনৰ কাষত পত্নী গৰিমা।  জুবিন গাৰ্গৰ অনুৰাগীসকলৰ খবৰ ৰাখিছে তেওঁ। সৰুসজাইত জুবিনক চাবলৈ অহা প্ৰায়বোৰকে মাত এষাৰো দিছে। জুবিনৰ অনুপস্থিতিত দুখবোৰ সামৰি পত্নী গৰিমাই সকলো কৰি গৈছে। তেওঁ নিজে এসাগৰ বোজা বুকুত বান্ধি ভাগৰি যাব দিয়া নাই অনুৰাগীক।চকুলো তুকি জুবিন গাৰ্গৰ নশ্বৰ দেহৰ কাষত কণ্ঠশিল্পী জুবলি বৰুৱা। মঞ্চত ৰাইজৰ প্ৰিয় আছিল জুবিন-জুবলিৰ যুটি। কিন্তু এতিয়া আৰু সেয়া সম্ভৱ নহ’ব।  অশ্ৰুসিক্ত নয়নেৰে জুবিনৰ পাৰ্থিৱ শৰীৰত মূৰ দোৱাই শেষ শ্ৰদ্ধা।

ইয়াৰ মাজতে এতিয়াও ক্ষোভিত অনুৰাগী। জুবিনৰ মৃত্যুক সহজভাৱে মানি ল’ব পৰা নাই কোনেও।  শ্যামকানু মহন্ত গ’ বেক, জয় জুবিন দা ধ্বনিৰে উত্তাল যোৰহাট। জুবিন গাৰ্গক শেষ শ্ৰদ্ধা জনাবলৈ উজনিৰ পৰা গুৱাহাটীলৈ বৈছে অনুৰাগীৰ সোঁত। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গৰজি উঠিছে শিক্ষাৰ্থীসকল। শিল্পীগৰাকীৰ স্মৃতিত শোকসভাত বাধা আৰোপৰ অভিযোগ।

আজি গানৰ ভগৱানজনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সাধাৰণ জনতাৰ লগত বৰষুণত তিতি-বুৰি শাৰী পাতিলে সাংসদ ফণীভূষণ চৌধুৰী। জুবিনক শেষ বাৰৰ বাবে চাবলৈ আহিছে বন্ধু পাপন। জুবিন গাৰ্গৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব, মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু সভাপতি উৎপল শৰ্মাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, সোণাপুৰৰ  কমাৰকুছিত হ’ব জুবিন গাৰ্গৰ অন্ত্য়োষ্টিক্ৰিয়া। ২৩ ছেপ্টেম্বৰৰ দিনা তাতেই জুবিনৰ শেষকৃত্য কৰা হ’ব। ইয়াৰোপৰি জুবিনৰ ভস্ম লৈ যোৱা হ’ব যোৰহাটলৈ, য’ত তেওঁৰ সমাধিক্ষেত্ৰ স্থাপন কৰা হ’ব। আজিও ভোগেশ্বৰ বৰুৱা কমপ্লেক্সত জুবিনৰ নশ্বৰ দেহ ৰখা হ’ব। ২৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব জুবিনৰ অন্ত্যোষ্টিক্ৰিয়া । গতিকে ৰাজ্যিক শোক ২৩ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে।

লগতে পঢ়ক: সৰুসজাইত জুবিনক শ্ৰদ্ধাঞ্জলি অগণন গুণমুগ্ধৰ, Live Updates

খজুৱতি, বমি, প্ৰস্ৰাৱৰ ৰং সলনি...কি ৰোগৰ লক্ষণ জানেনে? জানক...
বগা স্ৰাৱ বেছি হ'লে সাৱধান! এয়া কোনো ৰোগৰ সংকেত হ'ব পাৰে!
মুখত বাৰে বাৰে ঘাঁ হৈ থাকে নেকি? ভুলতেও নকৰিব আওকান!
জুবিনে বান্দৰটোৰ নাম দিছিল মধুসূদন, বগলীৰ নাম উদাসীনী গাৰ্গী!