শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

৭০ উৰ্ধৰ মাতৃক অত্যাচাৰ শিক্ষক পুত্ৰ আৰু উচ্চ শিক্ষিতা বোৱাৰীৰ

শিক্ষিত পুত্ৰ-বোৱাৰীৰ অত্যাচাৰ সহিব নোৱাৰি কান্দোনত ভাঙি পৰিছে দুৰ্ভগীয়া মাতৃ। শিক্ষক পুত্ৰ ৰে'ল বিভাগৰ কৰ্মচাৰী বোৱাৰীৰ হাতত অত্যাচাৰৰ সন্মুখীন হৈ এগৰাকী মাতৃয়ে বিচাৰিছে সহায়। অভিযোগ অনুসৰি প্ৰায়ে পুত্ৰ বোৱাৰীয়ে তেওঁক প্ৰহাৰ কৰে।

৭০ উৰ্ধৰ মাতৃক অত্যাচাৰ শিক্ষক পুত্ৰ আৰু উচ্চ শিক্ষিতা বোৱাৰীৰ
পুত্ৰ-বোৱাৰী
barasha-sarma
Barasha Sarma | Published: 05 Dec 2024 08:05 AM

কিমান নিষ্ঠুৰ হ’লে কোনোৱে নিজ জন্মদাত্ৰীক অত্যাচাৰ কৰিব পাৰে? কোৱা হয়, জীৱনত পিতৃ- মাতৃৰ আশীৰ্বাদ লাভ কৰা পৰম সৌভাগ্যৰ কথা। কিন্তু এই সৌভাগ্য সকলোৰে কঁপালত লিখা নাথাকে। তাৰ পাছতো একাংশ পুত্ৰ- কন্যাই পিতৃ- মাতৃৰ ওপৰত চলাই নিৰ্মম অত্যাচাৰ। যি সময়ত বৃদ্ধ পিতৃ-মাতৃৰ সন্তানৰ প্ৰয়োজন হয়, যি বয়সত পিতৃ-মাতৃয়ে বিচাৰে তেওঁলোকৰ সন্তানে জীৱনৰ শেষৰচোৱা কাল হাতখন ধৰি ৰাখক তেনেস্থলত একাংশ পাষাণ তথা নিকৃষ্ঠ মানসিকতাৰলোকে  নিজ জনদাত্ৰীকে ঘৰৰ পৰা খেদি দিয়াৰ ঘটনা সংঘটিত হয়। এনে ধৰণৰ এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে এইখন অসমতে।

পুত্ৰ-বোৱাৰীৰ অত্য়াচাৰ সহিব নোৱাৰি কান্দোনত ভাগি পৰিছে এগৰাকী মাতৃ। শিক্ষক পুত্ৰৰ অশিক্ষিত কাণ্ডই এতিয়া লজ্জিত কৰিছে মানৱ সমাজক।পুত্ৰ প্ৰহাৰ আঘাতপ্ৰাপ্ত হয় এগৰাকী জন্মদাত্ৰী মাতৃ। ডিব্ৰুগড়ৰ উদৰপুৰত সংঘটিত হৈছে এই মৰ্মান্তিক, লজ্জাজনক ঘটনা। অভিযোগ অনুসৰি শিক্ষক পুত্ৰ প্ৰাঞ্জল কুমাৰ নাথে নিজ মাতৃক নিৰ্মমভাৱে অত্যাচাৰ চলায়। প্ৰাঞ্জল কুমাৰ নাথৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হৈ ৭০ উৰ্ধৰ দুৰ্ভগীয়া মাতৃ নিৰু নাথে পুত্ৰ-বোৱাৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

নিৰু নাথে কয় যে,  তেওঁৰ পুত্ৰ প্ৰাঞ্জল কুমাৰ নাথ আৰু বোৱাৰীয়ে প্ৰায়ে তেওঁক প্ৰহাৰ কৰে। বহু কষ্ট কৰি তেওঁ পুত্ৰক ডাঙৰ দীঘল কৰি শিক্ষক হিচাপে গঢ় দিছিল। কিন্তু সেই পুত্ৰৰ হাততেই এতিয়া অত্যাচাৰ সন্মুখীন হ’বলগীয়া হৈছে মাতৃ। মন কৰিবলগীয়া যে বৃদ্ধাগৰাকীৰ শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন স্পষ্ট হৈ আছে। মহিলাগৰাকীৰ বোৱাৰী এগৰাকী ৰে’লৱে কৰ্মচাৰী। দুখ লগা যে, উচ্চ শিক্ষিত পুত্ৰ বোৱাৰী থকাৰ পাছতো এগৰাকী মাতৃৰ এই অৱস্থাই চকু সেমেকাই তুলিছে বহুতৰ।

পুত্ৰ- বোৱাৰীৰ অত্যাচাৰ সহিব নোৱাৰি অৱশেষত মহিলাগৰাকীয়ে স্থানীয়লোকৰ সহায় বিচাৰে। পৰৱৰ্তী সময়ত স্থানীয়লোকে নিৰু নাথক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে।

উল্লেখ্য যে, এয়াই প্ৰথম নহয়। প্ৰায়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পিতৃৃ- মাতৃক নিৰ্যাতন কৰাৰ ঘটনা পোহৰলৈ আহে। শেহতীয়াকৈ মঙলদৈত সংঘটিত হৈছে এক অনুৰূপ ঘটনা। মাটি-বাৰী থকাৰ পাছতো পুত্ৰৰ অত্যাচাৰ সহিব নোৱাৰি বৃদ্ধাশ্ৰমত থাকিবলগীয়া হৈছে পিতৃ মাতৃ। অভিযোগ অনুসৰি অনিল নামৰ যুৱকজনে প্ৰায়ে পিতৃ- মাতৃক অত্যাচাৰ কৰে। কেতিয়াবা দা লৈ, কেতিয়াবা লাঠি লৈ পিতৃ- মাতৃক মাৰিবলৈ খেদি আহে অনিল।

পুত্ৰৰ ভয়ত আনৰ ঘৰত লুকাই, মন্দিৰত আশ্ৰয় লৈ সময় কটোৱা এই ২ পিতৃ- মাতৃয়ে পৰৱৰ্তী সময়ত এখন বৃদ্ধাশ্ৰমত আশ্ৰয় লয়। এই দুৰ্ভগীয়া পিতৃ মাতৃৰ অৱস্থাই হৃদয় কঁপাই তুলিব আপোনাৰ। শেহতীয়াকৈ এই ঘটনা পোহৰলৈ অহাৰ পাছত বুধবাৰে অভিযুক্ত পুত্ৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গতিকে এতিয়া ডিব্ৰুগড়ৰ মাতৃ নিৰ্যাতনৰ ঘটনাৰ পাছত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।