সঁচাকৈ এৰিব নেকি কংগ্ৰেছ? সাংসদ দত্তই ক’লে, ভূপেন বৰা বিজেপিলৈ আহিব পাৰে…

বিজেপিত যোগদান কৰিব নেকি ভূপেন বৰাই- এই সন্দৰ্ভত চলি থকা জল্পনা-কল্পনাৰ মাজতে বিজেপিৰ সাংসদ এগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে। সাংসদ ৰঞ্জিত দত্তই কৈছে যে, বৰাই বিজেপিত যোগদান কৰিলে একো আপত্তি নাই ।

সঁচাকৈ এৰিব নেকি কংগ্ৰেছ? সাংসদ দত্তই কলে, ভূপেন বৰা বিজেপিলৈ আহিব পাৰে...

ভূপেন কুমাৰ বৰা

Published: 

09 Jun 2025 20:02 PM

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই বিজেপিত যোগদান কৰিব নেকি- এই সন্দৰ্ভত চলি থকা জল্পনা-কল্পনাৰ মাজতে সাংসদ ৰঞ্জিত দত্তই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে, ” মই এই ক্ষেত্ৰত একো মন্তব্য নিদিও। এটা ৰাজনৈতিক দলত সকলো মানুহ আহিব পাৰে। যদি ভূপেন বৰা বিজেপিত আহিব বিচাৰে তেন্তে আমি স্বাগতম জনাম”।

ইয়াৰোপৰি বিধানসভাৰ টিকট প্ৰদান কৰা সন্দৰ্ভত দত্তই কয় যে, “বিধানসভাৰ টিকট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা সভাপতি দিলীপ শইকীয়াই দিব নোৱাৰে। এয়া নিৰ্ভৰ কৰে বহু ধৰণৰ চাৰ্ভেৰ ওপৰত। এতিয়া বিভিন্ন সমষ্টিত আমাৰ চাৰ্ভে চলি আছে। এই সময়চোৱাত দলৰ নেতা-কৰ্মীসকলৰ কাম চোৱা হ’ব আৰু তাৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰীয় নেতৃত্বই টিকট দিব। ভূপেন বৰা বিজেপিলৈ আহিলে ভাল পাম। বিহপুৰীয়া, ৰঙানদী ক’ত টিকট দিব লাগে এয়া মই নাজানো”।

কিছুদিন পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হৈছিল গৌৰৱ গগৈ। তাৰ পাছতে বিভিন্নজনে সন্দেহ কৰিছিল যে, ভূপেন বৰাই অচিৰেই যোগদান কৰিব পাৰে বিজেপিত। আনকি এই সন্দৰ্ভত প্ৰশ্ন সোধাত বৰাই আওপকীয়াকৈ কৈছিল যে ,“মই ভাগৱত গীতা, ৰামায়ন মহাভাৰত, কীৰ্তন, দশমৰ মাজত ডাঙৰ হৈছো। যি পৰিবেশৰ মাজত ডাঙৰ হৈছো সেয়া আজিৰ নৱপ্ৰজন্মই বুজি নাপায়। ভাগৱত গীতাত লিখা আছে ভাগ্যতকৈ বেছি আৰু সময়তকৈ আগত একো নাথাকে। ইয়াৰোপৰি নামঘোষাত লিখা আছে মুখে লোৱা ৰাম নাম, হাতে লোৱা কাম। মাধৱদেৱে কৈছিল- অধমে কেৱল দোষক দেখে,মধ্যমে দোষ গুণ বিচাৰ কৰে, উত্তমে গুণক দেখে, আৰু অতি উত্তমে অল্প গুণত বিস্তাৰ কৰে। আমি এই পৰিবেশত ডাঙৰ হৈছো”।

বৰা সন্দৰ্ভত অগপৰ জিলা পৰিষদ তথা মুখ্যমন্ত্ৰী ঘনিষ্ঠ আব্দুল ৰহিম জিব্ৰামৰ এটা পোষ্টেও চৰ্চা লাভ কৰিছিল। এ আই ইউ ডি এফৰ বিধায়কেও বৰাই বিজেপিৰ হৈ কাম কৰা বুলি অভিযোগ উত্থাপন কৰিছিল।

এই সকলোবোৰৰ মাজতে ৰঞ্জিত দত্তৰ মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছে। ইয়াৰোপৰি বিগত কেইটামান বৰ্ষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও বৰাৰ প্ৰতি নৰম স্থিতি গ্ৰহণ কৰা দেখা গৈছিল। শৰ্মাই কৈছিল যে, এদিন বিমান ভ্ৰমণৰ সময়তে বৰাৰ হাতৰ পৰা সভাপতিৰ পদ যাব বুলি সকীয়নি দিছিল।

ইয়াৰোপৰি বিগত সময়চোৱাত লবীকেন্দ্ৰিক ৰাজনীতিয়ে ভূপেন বৰাক যথেষ্ঠ ক্ষতিগ্ৰস্ত কৰিছে। একাংশই প্ৰায় মুকলিকৈ বৰাৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰি আহিছে। আনকি কেইবাজনো বিধায়কে বৰাক সভাপতি পদৰ পৰা অপসৰণ কৰাৰ বাবে কংগ্ৰেছ হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰিছিল। এই সকলোবোৰ চৰ্চাৰ মাজতে এতিয়া ভূপেন বৰা কংগ্ৰেছ এৰিব নেকি বুলি চৰ্চা হৈ আছে। অৱশ্যে বৰাই কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

 

 

অন্য খবৰ পঢ়কঃ বিজেপিত যোগদান কৰিব নেকি প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই…

অক্টোপাছ নে ডলফিন ! মানুহৰ পাছতে পৃথিৱীৰ আটাইতকৈ বুদ্ধিমান প্ৰাণী কোনটো ?
পাকঘৰৰ ক্ষেত্ৰত কৰা এই সাধাৰণ ভুলসমূহ হ’ব পাৰে দৰিদ্ৰতাৰ কাৰণ, বাস্তু শাস্ত্ৰই কয় এইদৰে…
আশা কৰা ধৰণে হ্ৰাস পাব ওজন, খাদ্যৰ তালিকাত এইসমূহ পৰিৱৰ্তন কৰক
শৰীৰৰ পৰা দুৰ্গন্ধ ওলাই নেকি? জানক ইয়াৰ কাৰণ...