শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
অসমীয়া জাতিক ভৱিষ্যত সুৰক্ষাৰ সাৱধানবাণী শুনালে মুখ্যমন্ত্ৰীয়ে

অসমীয়া জাতিক ভৱিষ্যত সুৰক্ষাৰ সাৱধানবাণী শুনালে মুখ্যমন্ত্ৰীয়ে

monjit-dutta
Monjit Dutta | Published: 16 Aug 2025 21:49 PM

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে জাতি-মাটি-ভেটিৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি চৰকাৰে অসমীয়া জাতিৰ কৃষ্টি-সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত এক বৃহৎ যুদ্ধ আৰম্ভ কৰা বুলি উল্লেখ কৰে। যোৱা সময়ছোৱাত চৰকাৰে ১ লাখ ২০ হাজাৰ বিঘা মাটি বেদখলমুক্ত কৰা বুলি তেওঁ সদৰী কৰে।

সন্দেহযুক্ত লোকৰ আগ্ৰাসনৰ ফলস্বৰূপে বৰ্তমান নিঠৰুৱা হোৱাৰ উপক্ৰম হৈছে অসমীয়া জাতি। নামনি অসম আৰু মধ্য অসম সম্পূৰ্ণ আগ্ৰাসনৰ চিকাৰ হোৱাৰ পিছত এতিয়া এই সন্দেহযুক্ত লোকসকলে আগ্ৰাসনৰ চেষ্টা চলাইছে উজনি আৰু উত্তৰ অসমত। স্বাধীনতা দিৱসৰ ভাষণত এই চাঞ্চল্যকৰ অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে খানাপাৰাৰ পৰা ৰাজ্যবাসীক সম্বোধন মুখ্যমন্ত্ৰীয়ে এইদৰে কয়।