TV9 ASSAM
শৰীৰৰ বাবে এক অপৰিহাৰ্য খনিজ পদাৰ্থ কেলচিয়াম। হাড়-দাঁত মজবুত কৰাৰ লগতে ই পেশীৰ কাৰ্যক্ষমতা, স্নায়ুতন্ত্ৰ, তেজ জমা হোৱাতো গুৰুত্বপূৰ্ণ ভূমিকা লয়।
গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী কেলচিয়ামৰ মূল উৎস বুলি বহুলোকে ভাবে যদিও কেইবাবিধো ফল প্ৰাকৃতিকভাৱে কেলচিয়ামযুক্ত। জানো আহক এইবিষয়ে।
কেৱল ভিটামিন চি নহয়, কমলাত প্ৰতি ১০০ গ্ৰামত প্ৰায় ৪০ মিলিগ্ৰাম কেলচিয়াম থাকে। ইয়াৰ ফলত হাড়ৰ ঘনত্ব বৃদ্ধি পায়।
সতেজ বা শুকান ডিমৰুত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে। শুকান ডিমৰুত প্ৰতি ১০০ গ্ৰামত প্ৰায় ১৬২ মিলিগ্ৰাম কেলচিয়াম থাকে।
ভিটামিন চিৰ লগতে ষ্ট্ৰ’বেৰীত প্ৰতি ১০০ গ্ৰামত প্ৰায় ১৬ মিলিগ্ৰাম কেলচিয়াম থাকে, যি হাড় আৰু দাঁতৰ বাবে অত্যন্ত উপকাৰী।
মধুৰীত ভিটামিন চি আৰু কেলচিয়াম দুয়োটা প্ৰচুৰ পৰিমাণে থাকে, যি কেৱল ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই নহয় হাড়ো শক্তিশালী কৰে।
এই ফলত প্ৰতি ১০০ গ্ৰামত প্ৰায় ৩৪ মিলিগ্ৰাম কেলচিয়াম থাকে। ইয়াৰ উপৰিও ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে, যি শৰীৰৰ প্ৰদাহ কমোৱাত সহায় কৰে।
কেলচিয়াম সমৃদ্ধ ফল খালে হাড়ৰ ক্ষয় প্ৰতিৰোধ হয়, দাঁতৰ ইনামেল শক্তিশালী হয়। পেশী, হৃদযন্ত্ৰ আৰু স্নায়ুতন্ত্ৰৰ কাৰ্যক্ষমতা উন্নত কৰে।
পঢ়িবলৈ ক্লিক কৰক
এইদৰে সকাহ পাব দাঁতৰ শিৰশিৰণিৰ সমস্যাত