অটল বিহাৰী বাজপেয়ীৰ মৃত্যু তিথিৰ পৰা ট্ৰাম্প-পুটিনৰ বৈঠকলৈ… দিনটোৰ শীৰ্ষ খবৰ
চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।
হোজাইত বিজেপি নেতাৰ মাজত সংঘাত। যুৱ মৰ্চাৰ এগৰাকী নেতাৰ গালত পূৰ্ণহতীয়া চৰ, একে সংগঠনৰ এগৰাকী মহিলা নেত্ৰীৰ। সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে এই ভিডিঅ’। কিন্তু এই ভিডিঅ’ কোনে ৰেকৰ্ডিং কৰিছিল সেয়া পোহৰলৈ অহা নাই। অসম-বাংলাদেশ সীমান্তৰ নিৰাপত্তা ব্যৱস্থা পৰ্যালোচনাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীক আহ্বান বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। ইতিমধ্যে গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ অসম বিধানসভাৰ বিৰোধী দলপতিগৰাকীৰ।
অসম-মেঘালয়ৰ মাজত চলি থকা সীমা সমস্যাৰ মাজতে আজি গুৱাহাটীত বৈঠকত মিলিত হয় দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী। যোৱা দুই জুনত দুয়োখন ৰাজ্যই মুঠ ১২ টা বিবদমান অঞ্চলৰ ভিতৰত ৫ টা স্থানত সীমা নিৰ্ধানৰ খুঁটি স্থাপনৰ বাবে সন্মতি জনাইছিল। আজি পুনৰ দুয়োগৰাকী নেতাই সীমা সমস্যাৰ বিষয়ত মিলিত হয়। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।