কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ দ্বায়িত্ব লৈ যোৰহাটত গৌৰৱ গগৈ, দলীয় কৰ্মকৰ্তা-ৰাইজৰ উষ্ম আদৰণি
যোৰহাটত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে শনিবাৰে কয়, "ছিণ্ডিকেট, দুৰ্নীতি আৰু লুণ্ঠনৰ ভয়ৰ পৰা মানুহক মুক্ত কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন জনজাতি আৰু জনগোষ্ঠীৰ আকাংক্ষা পূৰণৰ ওপৰতো দলৰ গুৰুত্ব থাকিব।" তেওঁ লগতে আঙুলিয়াই দিয়ে যে গুৱাহাটী, উত্তৰ লখিমপুৰ আদি ঠাইত হোৱা বান পৰিস্থিতিৰ লগতে সাংবাদিককে ধৰি সাধাৰণ লোকৰ মত প্ৰকাশৰ স্বাধীনতা হেৰুৱাই পেলোৱা বিষয়সমূহৰ ভিতৰত দলটোৱে গুৰুত্ব দিব।

যোৰহাটত গৌৰৱ গগৈ
কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব অৰ্পনৰ পিছত প্ৰথমবাৰৰ বাবে যোৰহাটত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ। যোৰহাটৰ সাংসদগৰাকীক বিমানবন্দৰত উষ্ম আদৰণি জনাই বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া, তিনিগৰাকী নৱনিযুক্ত কাৰ্যকৰী সভাপতি — জাকিৰ হুছেইন ছিকদাৰ, ৰ’জলিনা তিৰ্কী আৰু প্ৰদীপ সৰকাৰৰ লগতে দলৰ জ্যেষ্ঠ নেতা আৰু সমৰ্থকে। পিতৃভুমিত উপস্থিত হৈ গগৈয়ে কয়, ৰাজ্যৰ সভাপতি হিচাপে মোৰ নিযুক্তি সেই দিশত মাত্ৰ এখোজহে, কিন্তু যোৱা লোকসভা নিৰ্বাচনৰ পিছতৰ পৰাই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ যাত্ৰা আৰম্ভ হৈছিল ।”
ইফালে দলৰ কথিত “লবীকেন্দ্ৰীক ৰাজনীতি” সন্দৰ্ভত সোধাত গগৈয়ে কয় যে “কংগ্ৰেছত কেৱল ৰাইজৰ লবী চলে”। তেওঁ কয়, “ছিণ্ডিকেট, দুৰ্নীতি আৰু লুণ্ঠনৰ ভয়ৰ পৰা মানুহক মুক্ত কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন জনজাতি আৰু জনগোষ্ঠীৰ আকাংক্ষা পূৰণৰ ওপৰতো দলৰ গুৰুত্ব থাকিব।” তেওঁ লগতে আঙুলিয়াই দিয়ে যে গুৱাহাটী, উত্তৰ লখিমপুৰ আদি ঠাইত হোৱা বান পৰিস্থিতিৰ লগতে সাংবাদিককে ধৰি সাধাৰণ লোকৰ মত প্ৰকাশৰ স্বাধীনতা হেৰুৱাই পেলোৱা বিষয়সমূহৰ ভিতৰত দলটোৱে গুৰুত্ব দিব।
প্ৰয়াত তথা তিনিবাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰই কয়, “আজি মই মোৰ ঘৰত ভৰি দিছো, য’ৰ পৰা মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈয়ে ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল। মই নিশ্চিত যে তেওঁ আজি মোক ওপৰৰ পৰা আশীৰ্বাদ দিছে।” কংগ্ৰেছৰ উপ-দলপতিগৰাকীয়ে কয়, “মোৰ পিতৃয়ে নিশ্চয় মোক লৈ হাঁহিছে আৰু য়িয়ে মোক অপৰিসীম আনন্দ আৰু সুখ প্ৰদান কৰিছে।” বিগত লোকসভা নিৰ্বাচনত তেওঁক নিজৰ প্ৰতিনিধি হিচাপে লোৱা বাৰে যোৰহাটবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে গৌৰৱ গগৈয়ে। তেওঁ কয়, “এই জয়ৰ অবিহনে কেন্দ্ৰীয় নেতৃত্বই মোৰ ওপৰত এই গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ নকৰিলেহেঁতেন বুলি মই নিশ্চিত।” উল্লেখ্য যে গগৈয়ে বিজেপিৰ সাংসদ প্ৰাৰ্থী তপন গগৈক ১,৪৪,৩৯৩ টা ভোটত পৰাস্ত কৰি যোৰহাট লোকসভা আসন দখল কৰিছিল।
গগৈয়ে কয়, “কংগ্ৰেছৰ সমৰ্থকসকল বৃহৎ সংখ্যকে মোৰ লগতে দলটোৰ প্ৰতি থকা আন্তৰিকতা প্ৰকাশ কৰিবলৈ ওলাই আহিছে যদিও সাধাৰণ জনতাৰ বিশেষকৈ ৰাজনৈতিকভাৱে নিৰপেক্ষ লোকৰ সঁহাৰি সচাকৈয়ে আপ্লুত কৰিছে।” যোৰহাটত থকা ঘৰত পৰিয়ালৰ সৈতে কিছু সময় কটাব বুলি উল্লেখ কৰি ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰা কলিয়াবৰৰ ৰাইজৰ আশীৰ্বাদ বিচাৰে সাংসদগৰাকীয়ে।দেওবাৰে শিৱসাগৰত জ্যেষ্ঠ নাগৰিকৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছত নগাঁওলৈ ৰাওনা হ’ব আৰু তাতে আজিৰ নিশাটো কটাব গৌৰৱ গগৈয়ে। সোমবাৰে নগাঁৱত কংগ্ৰেছ কৰ্মীক সাক্ষাৎ কৰি গুৱাহাটীত দলৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ’ব সাংসদগৰাকী। মঙলবাৰে তেওঁ দলীয় কর্মীসকলক সাক্ষাৎ কৰি আনুষ্ঠানিকভাৱে ৰাজ্যিক কংগ্রেছৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিব৷
যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে পত্নীৰ সম্পৰ্ক থকা বুলি অভিযোগ উত্থাপন কৰি আক্ৰমণ চলাই আহিছে, সেই সময়তে ভূপেন বৰাৰ ঠাইত ৰাজ্যৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি ৰাজ্যৰ নিৰ্বাচনত দলটোৰ নেতৃত্ব দিব গগৈয়ে।