বিস্ফোৰক বেটিঙেৰে বিশ্ব ৰেকৰ্ড গঢ়িলে বৈভৱ সূৰ্যবংশীয়ে

6 July 2025

TV9 ASSAM

এডজবাষ্টন টেষ্টত শুভমন গিলৰ বেটিং বিক্ৰমৰ সমান্তৰালকৈ ইংলেণ্ডৰ মাটিতে ভাৰতৰ কিশোৰ তাৰকা বৈভৱ সূৰ্যবংশীয়ে নিজৰ বেটিঙেৰে ধুমুহা তুলিছে।

বৈভৱ

ইংলেণ্ডত অনুষ্ঠিত হৈছে ভাৰত আৰু ইংলেণ্ডৰ মাজৰ ১৯ অনুৰ্ধ ক্ৰিকেট দলৰ মাজত পাঁচখন খেলৰ যুৱ এদিনীয়া শৃংখলা। এই শৃংখলাত উজলি উঠিছে বৈভৱ।

১৯ অনুৰ্ধ

শৃংখলাৰ চতুৰ্থ মেচত কালি বৈভৱে এক দুৰন্ত শতক অৰ্জন কৰে। ১৪ বৰ্ষীয় তাৰকাগৰাকীয়ে মেচখনত মাত্ৰ ৭৮টা বলত ১৪৩ ৰান সংগ্ৰহ কৰে।

শতক

এই ইনিংছটোৰ সময়ত ১৯০তকৈ অধিক ষ্ট্ৰাইক ৰেটেৰে ৰান সংগ্ৰহ কৰি বৈভৱে ১৩টা চাৰি আৰু ১০টা ছয় কোবায়। মাত্ৰ ৫২টা বলতে তেওঁ শতক সম্পূৰ্ণ কৰে।

চমক

এইদৰে তেওঁ গঢ়ে এক বিশ্ব ৰেকৰ্ড। মাত্ৰ ৫২টা বলত শতক সম্পূৰ্ণ কৰি বৈভৱ সূৰ্যবংশীয়ে যুৱ এদিনীয়া ক্ৰিকেটত দ্ৰুততম শতকৰ অধিকাৰী হয়।

ৰেকৰ্ড

বৈভৱে এইক্ষেত্ৰত পাকিস্তানৰ কামৰাণ গুলামৰ অভিলেখ ভংগ কৰে। ইয়াৰ পূৰ্বে কামৰাণে ২০১৩ চনত ৫৩টা বলত শতক অৰ্জন কৰি এই ৰেকৰ্ড গঢ়িছিল।

কাৰ ৰেকৰ্ড ভংগ

চলিত শৃংখলাটোৰ চাৰিখন মেচত ধাৰাবাহিকতা দেখুৱাই বৈভৱে এইপৰ্যন্ত ক্ৰমে ৪৮, ৪৫, ৮৬ আৰু ১৪৩ ৰান সংগ্ৰহ কৰি ভাৰতৰ শৃংখলা জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।

প্ৰদৰ্শন

পঢ়িবলৈ ক্লিক কৰক 

জয়ছোৱালৰ অনন্য অভিলেখ