Morning Headline: ১ মিনিটতে পঢ়ক ৰাজ্যৰ লগতে বিশ্বৰ প্ৰতিটো পুৱাৰ খবৰ
আজি ৪ জানুৱাৰী দেওবাৰ, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

আজি ৪ জানুৱাৰী দেওবাৰ, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দেওবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ যুদ্ধ জাহাজ ইও জিমাত থকা ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ প্ৰথমখন ফটো প্ৰকাশ কৰিছে। এটা পোষ্টত ট্ৰাম্পে কয় যে, আমি আৰু আন কাকো ক্ষমতা ল’বলৈ দিব নোৱাৰো আৰু মাদুৰোৱে এৰি থৈ যোৱা কামটো অব্যাহত ৰাখিব নোৱাৰো।
- সিদ্ধাৰ্থ, শ্যামকানুক অসুৰ আৰু দানৱ আখ্যা জুবিন গাৰ্গৰ পত্নী গৰিমাৰ। ‘এই অসুৰকেইটা বধ হ’বই লাগিব’। ‘জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো সাধাৰণ ঘটনা নহয়’। সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে গৰিমা শইকীয়া গাৰ্গে।
- ১৭ জানুৱাৰীত হ’ব জুবিন গাৰ্গ হত্যাৰ পৰৱৰ্তী শুনানি। জুবিন হত্যাৰ গোচৰৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামীয়েও নিয়োগ কৰিলে অধিবক্তা। উচ্চতম ন্যায়ালয়ৰ অধিবক্তা অনিল মিশ্ৰক নিয়োগ সিদ্ধাৰ্থৰ, কলকাতাৰ অধিবক্তা ৰাজদীপ বেনাৰ্জীক নিয়োগ শ্যামকানুৰ, অমৃতপ্ৰভা মহন্তৰ অধিবক্তা আনন্দ কুমাৰ ভূঞা আৰু শেখৰজ্যোতি গোস্বামীয়ে নিয়োগ কৰিলে অধিবক্তা এছ কলিতাক।
- বিজেপিৰ বিৰুদ্ধে ২০২৬ত যুঁজিবৰ বাবে কঁকালত টঙালী বান্ধিছে বিৰোধীয়ে । অৱশ্যে এতিয়াও সম্পূৰ্ণৰূপে আঁতৰ হোৱা নাই বিৰোধী ঐক্যৰ মাজৰ মতভেদ। কংগ্ৰেছ দলে ২০২৬ত ১০০ খন আসনত নিৰ্বাচন খেলিব বুলি ঘোষণা কৰাৰ পিছতো আশা এৰি দিয়া নাই ৰাইজৰ দলৰ মুৰব্বী নেতা অখিল গগৈয়ে ।
- অহা ১৭ জানুৱাৰীত এই উপলক্ষে গুৱাহাটীত অনুষ্ঠিত অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থকাৰ কথা। এই বৃহৎ অনুষ্ঠানত ১০ হাজাৰৰো অধিক শিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা।
- ভাৰত আৰু নিউজিলেণ্ডৰ মাজত তিনিখনীয়া এদিনীয়া শৃংখলা ১১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব। এই ছিৰিজৰ সৈতে দললৈ ঘূৰি আহিছে অধিনায়ক শুভমন গিল। ডাঙৰ খবৰটো হ’ল টীম ইণ্ডিয়াই দুজন বিশিষ্ট খেলুৱৈক বাদ দিছে।
- বিজেপিয়ে প্ৰাৰ্থী দিব পৰাকৈ ২২ টা নতুন সমষ্টি আছে, য’ত নতুন প্ৰাৰ্থীক নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ সুবিধা দিব পাৰে। সাংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰকাশ কৰিছে ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
- গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত পতিত বলীউড অভিনেতা আশীষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী। খোজকাঢ়ি গৈ থকা অৱস্থাত তীব্ৰবেগী বাইকে খুন্দা মাৰে দুয়োকে। বৰ্তমান তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি জনায় আশীষ বিদ্যাৰ্থীয়ে।
- IPLৰ পৰা নিষিদ্ধ বাংলাদেশৰ খেলুৱৈ মুস্তাফিজুৰ ৰহমানক। মুস্তাফিজুৰক ক্ৰয় কৰা শ্বাহৰুখ খান মালিকানাধীন KKRলৈ কঠোৰ নিৰ্দেশনা BCCIৰ সচিব দেৱজিত লন শইকীয়াৰ।