Morning News: জুবিনক্ষেত্ৰৰ SOPৰ পৰা ভাৰত-অষ্ট্ৰেলিয়াৰ মেচলৈ, পলকতে চাওক পুৱাৰ কেইটামান প্ৰধান খবৰ

‘জুবিনক্ষেত্ৰ’ দৰ্শনৰ বাবে সময়সীমা নিৰ্ধাৰণৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে। এই সিদ্ধান্তৰ বিৰোধিতাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে কেইবাজনো সতীৰ্থসহ যোৱা নিশা ১০ বজাৰ পাছত জুবিনক্ষেত্ৰত উপস্থিত হয়।

Morning News: জুবিনক্ষেত্ৰৰ SOPৰ পৰা ভাৰত-অষ্ট্ৰেলিয়াৰ মেচলৈ, পলকতে চাওক পুৱাৰ কেইটামান প্ৰধান খবৰ

পুৱাৰ মুখ্য খবৰ

Updated On: 

25 Oct 2025 08:15 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সমাধিস্থলীত দৰ্শনাৰ্থীৰ বাবে সীমা বান্ধি দিছিল প্ৰশাসনে। সেই অনুসৰি দিনটোত পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল। পিছে জুবিন গাৰ্গৰ পৰিয়াল, জুবিন ফেন ক্লাৱকে ধৰি অনুৰাগীৰ আহ্বানত এই সীমা নিশা ১১ বজালৈ বৃদ্ধি কৰা হয়।
  2. ‘জুবিনক্ষেত্ৰ’ দৰ্শনৰ বাবে সময়সীমা নিৰ্ধাৰণৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে। এই সিদ্ধান্তৰ বিৰোধিতাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে কেইবাজনো সতীৰ্থসহ যোৱা নিশা ১০ বজাৰ পাছত জুবিনক্ষেত্ৰত উপস্থিত হয়। প্ৰশাসনে বান্ধি দিয়া SOP- এ অসমবাসীক আঘাত দিছে বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে।
  3. অহা ৩১ অক্টোবৰত ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’। শুকুৰবাৰে সন্ধিয়াৰ পৰা এই ছবিখনৰ অগ্ৰিম টিকট বুকিং প্ৰক্ৰিয়া আৰম্ভ হৈছে। প্ৰাণৰ শিল্পীগৰাকীৰ অন্তিম শিল্পকলা দৰ্শনৰ বাবে গুণমুগ্ধৰ মাজত দেখা গৈছে ব্যাপক সঁহাৰি।
  4. বিগত বিটিচি নিৰ্বাচনত পৃথকে পৃথকে অৱতীৰ্ণ হৈছিল এন ডি এৰ দুই সহযোগী দল বিজেপি আৰু ইউপিপিএল। নিৰ্বাচনৰ পিছত এতিয়া ইউপিপিএলে এন ডি এৰ মঞ্চ ত্যাগৰ সম্ভাৱনাই গা কৰি উঠিছে। দলটোৰ মুৰব্বী প্ৰমোদ বড়োৱে এই সন্দৰ্ভত আলোচনা চলি আছে আৰু শীঘ্ৰেই চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে।
  5. উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য় ন্যায়াধীশ হ’ব ন্যায়াধীশ সূৰ্যকান্ত। দেশৰ শীৰ্ষ আদালতৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ কাৰ্যকাল অহা মাহত অন্ত পৰিব। ইয়াৰ পাছতে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ সূৰ্যকান্তই দায়িত্ব গ্ৰহণ কৰিব। ন্যায়াধীশ সূৰ্যকান্ত ২০২৭ চনৰ ৯ ফেব্ৰুৱাৰীলৈকে মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হৈ থাকিব।
  6. আজি অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ চলিত এদিনীয়া শৃংখলাৰ অন্তিমখন মেচ। ইতিমধ্যে এই শৃংখলাৰ প্ৰথম দুয়োখন মেচতে ভাৰত পৰাস্ত হৈছে আৰু এইদৰে ঘৰুৱা দল অষ্ট্ৰেলিয়াই শৃংখলা হস্তগত কৰিছে। আজি অন্তিম মেচত ভাৰতীয় দলৰ লক্ষ্য হ’ব শৃংখলাত হোৱাইট ৱাছৰ পৰা ৰক্ষা পৰা।
  7. ভাৰতীয় ক্ৰিকেট দলৰ দুই প্ৰধান তাৰকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অৱসৰ সন্দৰ্ভত দীৰ্ঘদিনৰ পৰা আলোচনা চলি আছে। এই সন্দৰ্ভত এতিয়ালৈকে কোনো নিশ্চিত তথ্য প্ৰকাশ পোৱা নাই যদিও আজি দুয়ো অষ্ট্ৰেলিয়াৰ মাটিত অন্তিম আন্তঃৰাষ্ট্ৰীয় মেচ খেলাটো প্ৰায় স্পষ্ট হৈ পৰিছে। সেয়ে দুয়োৰে পৰা আজি এক স্মৰণীয় প্ৰদৰ্শন আশা কৰিছে অনুৰাগীয়ে।
দেওবাৰে তুলসী গুৰিত পানী দিব লাগে নে নালাগে? জ্যোতিষে কি কয়, চাওক...
সোনকালে ওজন কমোৱাৰ চেষ্টাত মানুহে কৰে এনে ভুল, উপকাৰৰ পৰিৱৰ্তে হ’ব পাৰে ক্ষতিহে
মগজু চোকা কৰিবলৈ দৈনিক কৰক এই ৫টা কাম, কম সময়তে দেখিব ইতিবাচক প্ৰভাৱ
শনি দেৱৰ পূজাত ভুলতো নিদিব এইসমূহ সামগ্ৰী, শনি দোষ লাগিব আপোনাৰ!