মোলাই কাঠনিত অগ্নিসংযোগৰ ঘটনাৰ উচিত তদন্তৰ দাবী গৌৰৱ গগৈৰ

মোলাই কাঠনিৰ দৰে এখন অৰণ্য দুস্কৃতিকাৰীয়ে কিয় অগ্নিসংযোগ কৰিলে, কিহৰ বাবে এই ঘৃণনীয় কাণ্ড সংঘটিত কৰিলে বুলিও প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। যাদৱ পায়েঙৰ মোলাই কাঠনিত দুৰ্বৃত্তই জুই লগাই দিয়া ঘটনা কোনো সাধাৰণ ঘটনা নহয় বুলিও কয় গগৈয়ে।

মোলাই কাঠনিত অগ্নিসংযোগৰ ঘটনাৰ উচিত তদন্তৰ দাবী গৌৰৱ গগৈৰ
Published: 

29 Dec 2025 19:31 PM

বিশ্বজুৰি খ্যাতি লাভ কৰা অৰণ্য মানৱ যাদৱ পায়েং সৃষ্ট মোলাই কাঠনি নামৰ অৰণ্যখনত কোনো দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰা ঘটনাৰ তীব্ৰ নিন্দা কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে। এক বিবৃতিত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অভিযোগ কৰে যে, চৰকাৰী পৃষ্ঠপোষকতা নাথাকিলে কোনো দুষ্কৃতিকাৰীয়ে বনাঞ্চল ধ্বংস কৰাৰ সাহস কৰিব নোৱাৰে।

গগৈয়ে কয়,”সমগ্ৰ বিশ্বতে অৰণ্য-মানৱৰূপে খ্যাত যাদৱ পায়েং আৰু তেওঁৰ জীয়াৰী মুনমুনী পায়েঙে নিজা উদ্যোগত গঢ়ি তোলা মোলাই কাঠনি নামৰ অৰণ্যখনৰ পৰিবৰ্ধিত এক অংশত দুস্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰি ধ্বংস কৰাৰ বাতৰিয়ে প্ৰতিজন সচেতন ব্যক্তিক হতচকিত কৰি তুলিছে। ই অতিশয় ঘৃণনীয় আৰু নিন্দনীয় ঘটনা।” পৰিৱেশ সংৰক্ষণৰ ‘ব্ৰেণ্ড এম্বেছেদৰ’ স্বৰূপ হৈ পৰা যাদৱ পায়েঙৰ মোলাই কাঠনিত দুৰ্বৃত্তই জুই লগাই দিয়া ঘটনা কোনো সাধাৰণ ঘটনা নহয় বুলিও কয় গগৈয়ে।

মোলাই কাঠনিৰ দৰে এখন অৰণ্য দুস্কৃতিকাৰীয়ে কিয় অগ্নিসংযোগ কৰিলে, কিহৰ বাবে এই ঘৃণনীয় কাণ্ড সংঘটিত কৰিলে বুলিও প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। গগৈয়ে কয়,”এই কাণ্ডৰ সৈতে এক বালি মাফিয়া চক্ৰ জড়িত হৈ থকাৰ কথা বিভিন্ন মাধ্যমত প্ৰকাশ পাইছে। যাদৱ পায়েঙৰ নিৰন্তৰ বিৰোধিতা সত্ত্বেও মোলাই কাঠনিৰ কাষৰ চাপৰিত বনবিভাগে বালিখননৰ অনুমতি প্ৰদান কৰাৰ অভিযোগ আহিছে ৷ আমি মোলাই কাঠনি অঞ্চলৰ পৰিৱেশতন্ত্ৰৰ সংবেদনশীলতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ প্ৰশাসনক সেই অঞ্চলত বালি খননৰ বিষয়টো তাৎক্ষণিকভাবে পৰ্যালোচনা কৰি অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ দাবী জনাইছো।”

চৰকাৰ প্ৰশাসনে বিষয়টোৰ প্ৰতি সদিচ্ছা দেখুৱাই মোলাই কাঠনিত জুই লগোৱা ঘটনাৰ উচিত তদন্ত আৰু দুৰ্বৃত্তক অনতিপলমে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ লগতে বালি-মাফিয়াৰাজ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈকো দাবী জনাই গগৈয়ে।

আনহাতে, অৰণ্য মানৱ যাদৱ পায়েঙৰ জীৱনলৈ চূড়ান্ত ভাবুকি অহাক লৈ শংকিত হৈ পৰিছে অসমৰ ছাত্ৰ সমাজ। এনএছইউআইৰ ৰাজ্যিক সভাপতি কৌশিক কাশ্যপে আজি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পৰিৱেশবিদ যাদৱ পায়েঙৰ লগত বাৰ্তালাপ কৰি তেওঁৰ জীৱনলৈ অহা ভাবুকি সন্দৰ্ভত নিশ্চিত হয় আৰু অৰণ্য মানৱ পায়েঙক সুৰক্ষা প্ৰদানৰ বাবে চৰকাৰক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

তেজৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক সংকেত, এই ৫ টা লক্ষণে দেখা দিলে সাৱধান হওক
ভাৰতৰ কোনখন ৰাজ্যত সবাতোকৈ বেছি কণ্ডম বিক্ৰী হয়? জানক...
উপহাসৰ সামগ্ৰী নহয় মূলা, এনে গুণাৱলীৰে শীতকালৰ ছুপাৰফুড এইবিধ পাচলি
মুখৰ পৰা বয়সৰ চিন আঁতৰিব ! যৌৱন ধৰি ৰাখিবলৈ দৈনিক সেৱন কৰক এই ৩ বিধ পানীয়
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...
বেদখলকাৰীক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...