অসমত মিঞালেণ্ড অসম্ভৱ, অসম কেৱল থলুৱা লোকৰ বাবেহে, অবৈধ বেদখলকাৰীৰ নহয়: পীযুষ হাজৰীকা

মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে “মিঞালেণ্ড” বুলি কোনো কথা নাই আৰু অসম কেৱল ইয়াৰ থলুৱা জনসাধাৰণৰ, অবৈধ বেদখলকাৰী বা বিদেশী বা দেশ বিৰোধী লবীক সমর্থন কৰা লোকৰ নহয় ৷

অসমত মিঞালেণ্ড অসম্ভৱ, অসম কেৱল থলুৱা লোকৰ বাবেহে, অবৈধ বেদখলকাৰীৰ নহয়: পীযুষ হাজৰীকা

পীযুষ হাজৰিকা (ফাইল ফটো)

Published: 

31 Jul 2025 | 02:12 PM

“অসমত বড়োলেণ্ড থাকিব পাৰিলে মিঞালেণ্ডো হ’ব পাৰে।” ঠিক এনেকুৱাই আছিল মন্তব্যটো। উচ্ছেদৰ মাজতেই সংবাদ মাধ্যমত এজন যুৱকে কৰিছিল এই মন্তব্য। যিসময়ত বেদখল, অবৈধ অনুপ্ৰৱেশ আদিৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি আছে, ঠিক তেনে সময়তে অসমত মিঞালেণ্ড স্থাপনৰ হুংকাৰ এগৰাকী যুৱকৰ। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম চৰকাৰৰ তথ্য, জনসংযোগ আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই।

মন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় যে “মিঞালেণ্ড” বুলি কোনো কথা নাই আৰু অসম কেৱল ইয়াৰ থলুৱা জনসাধাৰণৰ, অবৈধ বেদখলকাৰী বা বিদেশী বা দেশ বিৰোধী লবীক সমর্থন কৰা লোকৰ নহয় ৷ মন্ত্ৰীগৰাকীয়ে কয়, “মিঞালেণ্ড কেতিয়াও হ’ব নোৱাৰে। অসম ইয়াৰ থলুৱা জনসাধাৰণৰ, দেশ বিৰোধী লবীৰ সমৰ্থিত অবৈধ বেদখলকাৰীৰ নহয়।”

পাকিস্তানৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত জনপ্ৰিয়তা লাভ কৰা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈকো সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। ‘‘যেতিয়া অসমৰ এজন সাংসদ পাকিস্তানত পোষ্টাৰ বয় হয় আৰু শত্ৰু দেশৰ সংবাদ মাধ্যমে উল্লাস কৰে; সেয়া গৌৰৱ নহয়, ই এক জাতীয় অপমানজনক কথা।” দেশক ভালপোৱাসকলৰ বাবে এনেবোৰ কথা গভীৰ বেদনাদায়ক বুলি উল্লেখ কৰি হাজৰীকাই কয়।

তেওঁ আৰু কয়, ‘‘আমি এই কথা নিজ চকুৰে দেখি আহিছো। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে দীৰ্ঘদিন ধৰি সকীয়াই দি আহিছে। তেওঁ পাকিস্তান আৰু এনে গোট তথা বিদেশী সমৰ্থনৰ মাজৰ সম্পৰ্কৰ কথা কৈ আহিছে। এতিয়া আমি ইয়াক মুকলিকৈ উন্মোচন হোৱাটো চাই আছো।”

মন্ত্ৰী হাজৰীকাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক পাকিস্তানৰ নায়ক বুলিও কটাক্ষ কৰি কয়, “অসমৰ এজন সাংসদ যেতিয়া আমাৰ শত্ৰু দেশৰ নায়ক হয়, সেয়া গৌৰৱৰ বিষয় নহয়, ই আচলতে দেশৰ বাবেই লজ্জাজনক।”

অসমৰ ৰাজনীতিত “মিঞালেণ্ড”ৰ বিষয়টো প্ৰথমবাৰৰ বাবে উত্থাপন হোৱা নাই। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এনে ধাৰণাক তীব্ৰ সমালোচনা কৰিছিল। তেওঁ সঘনাই কৈ আহিছে যে অসমৰ মাটি, সংস্কৃতি আৰু পৰিচয়ৰ লগত কোনো কাৰণতে আপোচ কৰিব নোৱাৰি ৷

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...