২০০০ চনতে নিৰুদ্দেশ হৈছিল…২৫ বছৰৰ পিছত নিজ গৃহত উপস্থিত বঙাইগাঁৱৰ যুৱক
হয়তো কোনেও ভবা নাছিল আজিজুলক আকৌ ঘূৰাই পাব বুলি। কিন্তু ২৫ বছৰৰ পিছত ঘৰলৈ উভটিছে নিৰুদ্দিষ্ট যুৱকজন। আজিজুল ঘূৰ অহা খবৰ পোৱাৰ লগতে আনন্দত আত্মহাৰা হৈ পৰিল পৰিয়ালৰ লগতে গাওঁবাসী।

২৫ বছৰৰ পিছত নিজ গৃহত উপস্থিত বঙাইগাঁৱৰ যুৱক
কোনেও নভবা এক আচৰিত ঘটনা। ২৫ বছৰ পিছত সন্ধান ওলাল অসমৰ পৰা নিৰুদ্দেশ হোৱা এজন যুৱকৰ। জানিব পৰা মতে, ২০০০ চনতে নিৰুদ্দেশ হৈছিল বঙাইগাঁও জিলাৰ কায়েথপাৰা প্ৰথম খণ্ড গাঁওৰ যুৱকজন। তেওঁৰ নাম আজিজুল বেপাৰী। এতিয়া ২৫ বছৰ পিছত ঘৰলৈ উভতি আহিছে আজিজুল। সঁচাকৈয়ে এক আজৱ ঘটনা বুলিয়ে ক’ব পাৰি। সেইসময়ত শিশু হৈ থকা আজিজুল উভটিছে এজন যুৱক হৈ।
হয়তো কোনেও ভবা নাছিল আজিজুলক আকৌ ঘূৰাই পাব বুলি। কিন্তু ২৫ বছৰৰ পিছত ঘৰলৈ উভটিছে নিৰুদ্দিষ্ট যুৱকজন। আজিজুল ঘূৰ অহা খবৰ পোৱাৰ লগতে আনন্দত আত্মহাৰা হৈ পৰিল পৰিয়ালৰ লগতে গাওঁবাসী। নহবইনো কিয়? এয়া এক সাধুকথাৰ কাহিনীৰ দৰে। সেয়ে আজিজুলক ওচৰৰ পৰা চাবলৈ দৌৰি আহিল সকলো।
জানিব পৰা মতে, বঙাইগাঁও জিলা নৃত্য বজাৰৰ পৰা এটা দালাল চক্ৰই কামৰ প্ৰলোভন দি লৈ গৈছিল। তেতিয়া আজিজুলৰ বয়স আছিল মাত্ৰ ১০ বছৰ। সেই কথা আন কোনেও গম পোৱা নাছিল। কামৰ প্ৰলোভনেৰে পাঞ্জাৱলৈ নিছিল তেওঁক। তাৰ পিছত গোপনে এটা পাঞ্জাবী পৰিয়ালৰ ওচৰত বিক্ৰী কৰিছিল ১০ বছৰীয়া আজিজুলক। ৩-৪ বছৰ তাতে থকাৰ পিছত কষ্ট সহিব নোৱাৰি তাৰ পৰা পলায়ন কৰে আজিজুলে ।
তাৰ পিছত পথতে এজন ব্যক্তিক লগ পায়। সেই ব্যক্তিজনে গোৱালৈ লৈ যায় আজিজুলক। আৰু নিজৰ সন্তান হিচাপে আশ্ৰয় দিয়ে। বাকী ২০ বছৰৰ সময়খিনি গোৱাতে কাম-কাজ কৰি জীৱিকা নিৰ্বাহ কৰি আছিল যুৱকজনে। কিন্তু কিছুদিন আগত বঙাইগাঁও জিলা ধনতোলা অঞ্চলৰ এজন যুৱকৰ সৈতে ৰং নম্বৰত কথা-পাতি থাকোতে নিজৰ পৰিচয় লাভ কৰে। যুৱকজনৰ পৰা নিজৰ গাঁওৰ নাম আৰু দেউতাকৰ পৰিচয় লয় পৰিয়ালৰ লোকৰ সন্ধান পায়।
নিৰুদ্দেশ হোৱাৰ সময়ত আজিজুল বেপাৰীয়ে তেতিয়া নাজানিছিল তেওঁৰ ঘৰ অসমৰ বঙাইগাঁও জিলাত। তেওঁৰ মাত্ৰ নিজৰ আৰু আশে-পাশে থকা দুই-এখন গাঁওৰ নাম আছিল। লগতে সৰু কালত পঢ়ি থকা স্কুলৰ নাম আৰু সৰু কালৰ সকলো কথা তেওঁৰ মনত আছে। যাৰ বাবে নিৰুদ্দেশ হোৱা যুৱক আজিজুল বেপাৰীক ঘৰত দেখা পাই আনন্দত আত্মহাৰা হৈ পৰে পৰিয়ালৰ লগতে গাওঁবাসী।
লগতে পঢ়ক: তেওঁ সদায়ে কৈ আহিছিল ব্ৰহ্মপুত্ৰৰ কথা… আজি মহাবাহুৰ বুকুত জুবিনৰ চিতাভস্ম বিসৰ্জন