লুৰিণজ্যোতি গগৈৰ প্ৰয়াত মাতৃক লৈ অপমানসূচক মন্তব্য কৰি গ্ৰেপ্তাৰ এজন…

লুৰিণজ্যোতি গগৈৰ প্ৰয়াত মাতৃক অপমানসূচক মন্তব্য কৰি গ্ৰেপ্তাৰ এজন। এই ঘটনাই গোলাঘাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

লুৰিণজ্যোতি গগৈৰ প্ৰয়াত মাতৃক লৈ অপমানসূচক মন্তব্য কৰি গ্ৰেপ্তাৰ এজন...

লুৰিণজ্যোতি গগৈ আৰু মাতৃ

Published: 

14 Aug 2025 11:11 AM

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ প্ৰয়াত মাতৃক লৈ অপমানসূচক মন্তব্য কৰি গ্ৰেপ্তাৰ এজন। জানিব পৰা মতে, মনুজ বৰা নামৰ লোকজনে সামাজিক মাধ্যমৰ জৰিয়তে লুৰিণজ্যোতিৰ প্ৰয়াত মাতৃক লক্ষ্য কৰি লৈছিল। তাৰ পাছতে বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক। এই ঘটনাই গোলাঘাট অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।

জানিব পৰা মতে, যুৱকজনৰ বিৰুদ্ধে ৰাজ্যৰ একাধিক স্থানত যুৱ শাখা জাতীয় যুৱ শক্তিয়ে এজাহাৰ দাখিল কৰে। তাৰ পাছতেই অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ঘটনা সন্দৰ্ভত জাতীয় যুৱ শক্তিৰ এগৰাকী নেতাই তীব্ৰ গৰিহনা প্ৰদান কৰে।  ইয়াৰ বিৰোধিতা কৰি তেওঁ কয় যে, “আমি কেইবাখনো জিলাত অভিযোগ দাখিল কৰিছো। তাৰ পাছতে কামৰবন্ধ আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আমি আচৰিত হৈ পৰিছিলো যে কেইজনমান বিজেপিৰ কৰ্মীয়ে সেই স্থানত উপস্থিত হৈ আমাক বাধা দিয়াৰ চেষ্টা কৰিছিল। যেতিয়া তেওঁলোকক সোধা পোছা কৰা হয়, তাৰ পৰা পলায়ন কৰে। এনে লাগে যে এই সকলোবোৰ পূৰ্বপৰিকল্পিত। অভিযুক্তই নিচাযুক্ত অৱস্থাত এই মন্তব্য কৰিছে নে ইয়াৰ আঁৰত কোনোবা আছে সেই সন্দৰ্ভত তদন্তৰ প্ৰয়োজন। তেওঁ অসমৰ প্ৰতিগৰাকী মাতৃক অপমান কৰিছে।”

ঘটনা সন্দৰ্ভত স্থানীয় সূত্ৰই অভিযোগ কৰে যে, যুৱ শক্তিয়ে প্ৰতিবাদ কৰাৰ সময়ত বিজেপিৰ নেতাসকলে থানাত উপস্থিত হৈ যুৱ শাখাৰ কাৰ্যকলাপত বাধাৰ সৃষ্টি কৰিছিল। যাৰ পাছত পৰিস্থিতি উত্তপ্ত হৈ পৰে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।অভিযুক্ত গ্ৰেপ্তাৰ হোৱাৰ পাছতে সংগঠনটোৱে তেওঁক কঠোৰ শাস্তি দিয়াৰ দাবী জনাই লগতে ঘটনাৰ লগত জড়ত অন্য সকলক গ্ৰেপ্তাৰৰ দাবী জনায়। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

 

অন্য খবৰ পঢ়কঃ স্বাস্থ্য সেৱাৰ পৰা ব্যৱসায়লৈ, কেবিনেটে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ জানক…

হিন্দু ধৰ্মত কিয় শুভ কামৰ পূৰ্বে নাৰিকল ভঙা হয়? জানেনে আঁৰৰ এই কাৰণ?
সঘনাই তলপেটত বিষ অনুভৱ হয় নেকি? এয়া কি ৰোগৰ লক্ষণ জানো আহক
আজিয়ে পৰিহাৰ কৰক, এই ৫টা ৰাতিৰ অভ্যাসে আপোনাৰ টোপনি নষ্ট কৰিব পাৰে...
আপোনাৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ কৰিব পৰা ৫টা ভুল, জানক