মালিগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, মণিপুৰৰ দম্পতীক আটক

মঙলবাৰে চলোৱা এক অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে। ইয়াৰ লগতে মণিপুৰৰ এগৰাকী মহিলা আৰু এজন যুৱকক আটক কৰিছে আৰক্ষীয়ে।

মালিগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, মণিপুৰৰ দম্পতীক আটক
Updated On: 

14 Oct 2025 17:13 PM

ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা মহানগৰ আৰক্ষীৰ। খবৰ অনুসৰি, মঙলবাৰে চলোৱা এক অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে। ইয়াৰ লগতে মণিপুৰৰ এগৰাকী মহিলা আৰু এজন যুৱকক আটক কৰিছে আৰক্ষীয়ে। জানিব পৰা ড্ৰাগছৰ বেহা চলোৱা অপৰাধত আটক হোৱা এই দুয়োগৰাকী পতি-পত্নী।

জানিব পৰা মতে, মণিপুৰৰ এটি দম্পত্তীয়ে মালিগাঁৱত ভাড়াঘৰৰ পৰা চলাই আহিছিল ড্ৰাগছৰ বেহা। ঐনাম মুকেশ সিং নামৰ যুৱকজনে তেওঁৰ পত্নীৰ সহযোগত চলাই আহিছিল এই ড্ৰাগছৰ বেহা। মালিগাঁৱ তিনি নং গেটৰ ভাড়াঘৰৰ পৰা দুয়োকে আটক কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে অনুমান কৰা মতে, তেওঁলোকৰ পৰা প্ৰায় ২০ লাখ টকাৰ ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে। সূত্ৰৰ খবৰ অনুসৰি, অশোক ভট্টাচাৰ্য নামৰ লোকজনৰ ভাড়াঘৰৰ পৰাই দীৰ্ঘদিন ধৰি চলাই আহিছিল ড্ৰাগছৰ বেপাৰ।

আজাৰাৰ ACP ৰ নেতৃত্বত যোৱা পশ্চিম আৰক্ষী জিলাৰ এটা দলে অভিযান চলাই আটক কৰে এই দুই ড্ৰাগছ ব্যৱসায়ীক। লগতে প্ৰায় ১২ টা পেকেটত থকা ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে। লগতে জব্দ কৰিছে চাৰিটা মোবাইল ফোন। বৰ্তমান দুই অভিযুক্তক জালুকবাৰী আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধ-পোছ অব্যাহত ৰাখিছে।

লিভাৰ দুৰ্বল হ’লে ছালত এই ধৰণৰ লক্ষণে দেখা দিয়ে
নহৰুৰ স্বাস্থ্য উপকাৰিতা : দৈনিক নহৰু খালে কি হয় ? জানক
সাৱধান, দীপাৱলীৰ সময়ত এই কাম কৰাটো অত্যন্ত অশুভ, হেৰুৱাব সুখ!
জীৱনত হ'ব সমস্যা! ভুলতো এনে লোকক নকৰিব সহায়, জানক...