প্ৰথমে পত্নীৰ কৰিলে ধৰ্মান্তৰকৰণ! দুবাৰকৈ বিয়া পতা ছফিকুৰৰ জালত পুনৰ হিন্দু যুৱতী…

পুনৰ এক লাভ জেহাদৰ ঘটনা। দুবাৰকৈ বিয়া পতা ছফিকুৰ এতিয়া মছগুল এগৰাকী হিন্দু যুৱতীৰ প্ৰেমত। ইয়াৰ পূৰ্বেও তেওঁ আন এগৰাকী হিন্দু যুৱতীক বিয়া পাতিছিল।

প্ৰথমে পত্নীৰ কৰিলে ধৰ্মান্তৰকৰণ! দুবাৰকৈ বিয়া পতা ছফিকুৰৰ জালত পুনৰ হিন্দু যুৱতী...

ছফিকুৰ আৰু পত্নী

Published: 

01 Aug 2025 | 12:26 PM

পুনৰ পোহৰলৈ আহিছে এক লাভ জেহাদৰ ঘটনা। এগৰাকীৰ পাছত আনগৰাকী বিয়া পাতি এইবাৰ আন এজনীৰ প্ৰেমত মহম্মদ ছফিকুৰ নামৰ এজন লোক। জানিব পৰা মতে দক্ষিণ কামৰূপৰ বিজয় নগৰৰ হালিগাঁৱৰ বাসিন্দা ছফিকুৰ। আজিৰ পৰা প্ৰায় ১১ বছৰ পূৰ্বে তেওঁ এগৰাকী হিন্দু যুৱতীক বিয়া পাতিছিল। ইয়াৰ পূৰ্বে তেওঁৰ আছিল আন এগৰাকী পত্নী। দুগৰাকীকৈ বিয়া পাতিও সন্তুষ্ট নহৈ এইবাৰ আন এগৰাকী হিন্দু যুৱতীৰ প্ৰেমত পৰাৰ অভিযোগ উত্থাপন হৈছে ছফিকুৰৰ বিৰুদ্ধে।

অভিযোগ অনুসৰি, নিজ পত্নীৰ হাত-ভৰি বান্ধি ডিঙিত গামোচা লগাই ওলোমাই থ’লে ফেনত। আনকি অত্যাচাৰৰ ভিডিঅ’ কৰে ছফিকুৰে। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি প্ৰায় ১১ বছৰ পূৰ্বে কংকনা দাস নামৰ যুৱতীগৰাকীয়ে ছফিকুৰৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। বিয়াৰ পাছত তেওঁৰ নিজৰ নাম সলনি কৰি মিছ হায়াটুন নেছা কৰিছিল। কিন্তু বিয়াৰ পাছতে কংকনা ওৰফে হায়াটুনক শাৰীৰিক মানসিক অত্যাচাৰ চলাবলৈ আৰম্ভ কৰে ছফিকুৰে।

দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত হালিগাঁৱ কাঁহাৰপাৰাত সংঘটিত হৈছে এই ঘটনা ৷ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বাঢ়ন্তী ৰঙামাটি গাঁৱৰ কংকনা দাস নামৰ যুৱতীগৰাকীয়ে প্ৰেমৰ অন্তক ছফিকুৰৰ সৈতে বিয়া হৈছিল। ইয়াৰ পূৰ্বে ছফিকুৰৰ আছিল অন্য এগৰাকী পত্নী। সেইগৰাকী পত্নীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পাছত বিভিন্ন প্ৰলোভন দি কংকনাক বিয়া পাতে। অভিযোগ অনুসৰি, বিয়াৰ পাছত বলপূৰ্বকভাৱে কংকনাৰ ধৰ্মান্তৰকৰণ কৰাই মিছ হায়াটুন নেচা নাম ৰাখে। বিয়াৰ পাছত দুয়োৰে সংসাৰলৈ আহিছিল এটি কন্যা সন্তান। তাৰ পাছৰ পৰাই পত্নীৰ ওপৰত শাৰীৰিক-মানসিক নিৰ্যাতন কৰা আৰম্ভ কৰিছিল ছফিকুৰে।

অভিযোগ অনুসৰি পুনৰ এগৰাকী হিন্দু যুৱতীৰ সৈতে প্ৰেমত মচগুল ছফিকুৰ ৷ মিৰ্জা জামৰতলৰ কোনো এক ভাড়াঘৰত থকা যুৱতী এগৰাকীৰ লগত পৰকীয়া প্ৰেমত লিপ্ত আছে তেওঁ ৷ পত্নী হায়াটুন ওৰফে কংকনাৰ সন্মুখতে নিশা উলংগ হৈ ভিডিঅ’ কল কৰে স্বামী ছফিকুৰে ৷ ইমানেই নহয়, পৰকীয়া প্ৰেমৰ বাবে পত্নীৰ ওপৰত চলাই অকথ্য নিৰ্যাতন। সকলো সীমান অতিক্ৰম কৰি যোৱা ১১ জুলাইত নিশা প্ৰায় ২ বজাত হাত-ভৰিত ৰছীৰে বান্ধি চিলিং ফেনত ওলোমাই ৰাখে পত্নীক। ইয়াৰ পাছতে এতিয়া ছফিকুৰৰ বিৰুদ্ধে পত্নী আৰু পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

 

 

অন্য খবৰ পঢ়কঃ বিদেশত মৃত্যু পুত্ৰৰ! ইফালে মৃতদেহৰ অপেক্ষা কৰি থকা পিতৃয়ে শোকত হেৰুৱালে প্ৰাণ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...