পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ দুই বিষয়া
মুখ্যমন্ত্ৰীৰ ভিজিলেন্সৰ প্ৰতিবেদনত ৮ জন প্ৰাৰ্থীৰ নাম উল্লেখ কৰা হৈছিল। যাৰ নিযুক্তিৰ ওপৰত এতিয়া তদাৰকী চলি আছিল ।
পৰ্যটন বিভাগত নিযুক্তিৰ কেলেংকাৰীৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত দুই অভিযুক্ত। বক্রপথেৰে চাকৰি লোৱা দুই অভিযুক্তক গ্রেপ্তাৰ। ২০১২-১৩ বৰ্ষত সংঘটিত হৈছিল এই দুৰ্নীতি। চিএম ভিজিলেঞ্চে গ্ৰেপ্তাৰ কৰিলে প্ৰাঞ্জল বৰা আৰু অনন্যা বৰঠাকুৰক। ইতিমধ্যেই দুয়োগৰাকী বিষয়াক নিলম্বন কৰিছিল চৰকাৰে।
এই কেলেংকাৰীটোৱে উপযুক্ত যোগ্যতা থকা সত্ত্বেও বঞ্চিত হোৱা প্ৰাৰ্থীসকলক ক্ষতিগ্ৰস্ত কৰিছিল, যিসকলে উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল। আজিয়ে দুয়োকে চিজেএম আদালতত হাজিৰ কৰাই নিজৰ জিন্মাত ল’ব চিএম ভিজিলেঞ্চে ৷ মুখ্যমন্ত্ৰীৰ ভিজিলেন্সৰ প্ৰতিবেদনত ৮ জন প্ৰাৰ্থীৰ নাম উল্লেখ কৰা হৈছিল। যাৰ নিযুক্তিৰ ওপৰত এতিয়া তদাৰকী চলি আছিল ।
