শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
দাম কমিব ৰন্ধন গেছৰ! আমেৰিকাৰ সৈতে ভাৰতৰ ঐতিহাসিক চুক্তি...

দাম কমিব ৰন্ধন গেছৰ! আমেৰিকাৰ সৈতে ভাৰতৰ ঐতিহাসিক চুক্তি…

trishna-kalita
Trishna Kalita | Published: 19 Nov 2025 22:26 PM

উল্লেখ্য যে, ভাৰতৰ এল পি জিৰ চাহিদাৰ ৬০ শতাংশতকৈ অধিক আমদানিৰ পৰা আহে। আৰু সেই চাহিদা পূৰণৰ বাবে মূল ভৰষা আছিছে পশ্চিম এছিয়াৰ দেশসমূহ। এতিয়া একাধিক আমেৰিকান কোম্পানীৰ সৈতে হোৱা চুক্তিৰ ফলত ভাৰতৰ আমদানিৰ উৎসৰ বৈচিত্ৰ্যতা বৃদ্ধি পাইছে।

আমেৰিকাৰ পৰা LPG আমদানি কৰিবলৈ এক ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰিছে ভাৰতে। সোমবাৰে এই কথা ঘোষণা কৰে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে।  সেই অনুসৰি অহা এবছৰত ট্ৰাম্পৰ দেশৰ পৰা প্ৰায় ২২ লাখ টন LPG আমদানি কৰা হ’ব। দেশখনৰ বাৰ্ষিক আমদানিৰ প্ৰায় ১০ শতাংশ এতিয়া আমেৰিকাৰ পৰা আহিব। কিন্তু কিয় কৰা হৈছে এই চুক্তি? বিশ্বাস কৰা হয় যে ইয়াৰ আঁৰত আছে চৰম ভূ-ৰাজনীতি আৰু ট্ৰাম্পৰ ৫০ শতাংশ শুল্ক।

বিগত আগষ্ট মাহত আমাৰ দেশখনে ৰাছিয়াৰ পৰা তেল আমদানি হ্ৰাস নকৰাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন হৈছিল।  সেই সময়ত ট্ৰাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত একপক্ষীয় ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল। ফলত দেশৰ বস্ত্ৰ, ৰত্ন, বা সাগৰীয় খাদ্যৰ দৰে ৰপ্তানি নিৰ্ভৰশীল উদ্যোগসমূহে এক বৃহৎ সংকটৰ সন্মুখীন হ’বলগীয়া হয়।