ধন দাবী অভিযোগত কৃষক মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণক আটক…
আটক কৰা হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক উমানন্দ মুদৈ মৰাণক । সূত্ৰ খবৰ অনুসৰি, পেঙাৰী আৰক্ষীয়ে আটক কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদকগৰাকীক ।

উমানন্দ মুদৈ মৰাণ
ধন দাবী অভিযোগত আটক কৰা হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক উমানন্দ মুদৈ মৰাণক । সূত্ৰ খবৰ অনুসৰি, পেঙাৰী আৰক্ষীয়ে আটক কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদকগৰাকীক । বাসগৃহলৈ গৈ থকা অৱস্থাত উমানন্দ মুদৈ মৰাণক আৰক্ষীয়ে আটক কৰি আৰক্ষীয়ে জিম্মাত লোৱা বুলি জানিব পৰা গৈছে ।
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা অডিঅ’ ৰেকৰ্ডিং ভাইৰেল হোৱা পাছতে মৰাণৰ বিৰুদ্ধে এগৰাকী চাহ ফেক্টৰী মালিকক ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছিল । অভিযোগ অনুসৰি, তিনিচুকীয়া জিলাৰ অন্তৰ্গত তালাপত অৱস্থিত এখন চাহ বাগিচাৰ মালিক দীনদয়াল বাৰ্মাৰ পৰা ২০ লাখ টকা দাবী কৰিছিল উমানন্দ মুদৈ মৰাণে । ইয়াৰ বিষয়টোৱে সাংঘাতিক ধৰণে চৰ্চা লাভ কৰিছিল ।
সূত্ৰৰ খবৰ অনুসৰি, চাহ ফেক্টৰী মালিকজনে দাখিল কৰা এজাহাৰ ভিত্তিত উমানন্দ মুদৈ মৰাণক আটক কৰিছে আৰক্ষীয়ে ।
জানিব পৰা মতে, ডিগবৈৰ বিধায়ক সুৰেন ফুকনে সংবাদমেল পাতি ৰাজহুৱাভাৱে বিতৰ্কিত কল ৰেকৰ্ডিং প্ৰকাশ কৰিছিল । ইয়াৰ পাছতে তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে । ইফালে, এই বিষয়টোৱে বহুলভাৱে চৰ্চা লাভ কৰিছে । একে সময়তে এই অভিযোগ কিমান সত্য সেই কথা নিৰূপণ কৰিবৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
(এয়া এক বেকিং প্ৰতিবেদন, সবিশেষ তথ্যৰ বাবে অপেক্ষা কৰা হৈছে )