৩৫ শতাংশ বৃদ্ধি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটকৰ সংখ্যাই গঢ়িলে অভিলেখ…
এই বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ সংখ্যাই গঢ়িলে অভিলেখ । এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখনলৈ অহা পৰ্যটকৰ সংখ্যা ৩৫ শতাংশ বৃদ্ধি পোৱা বুলি জানিবলৈ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনৰ বাবে ভাল খবৰ । এই বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ সংখ্যাই গঢ়িলে অভিলেখ । এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখনলৈ অহা পৰ্যটকৰ সংখ্যা ৩৫ শতাংশ বৃদ্ধি পোৱা বুলি জানিবলৈ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগে লগে দেশৰ ভিতৰতে সৰ্বাধিক পৰ্যটকে ভিৰ কৰা তৃতীয় পৰ্যটনৰ স্থান হিচাপে পৰিগণিত হৈছে কাজিৰঙা ।
এইলৈ সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়া মতে, এই বৰ্ষত এতিয়ালৈকে ১৮, ৪৬৩ জন আন্তঃৰাষ্ট্ৰীয় পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে । এতিয়ালৈ মুঠ ৪,৪৩, ৬৩৬ জন পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰিছে বুলি জানিব পৰা গৈছে । যিটো যোৱা বছৰৰ তুলনাত ৩৫ শতাংশ বৃদ্ধি পোৱা বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে ।
Kaziranga – the world’s favourite!
Our pride, @kaziranga_ is the 3rd most visited National Park in India recording 4,43, 636 tourist footfall including 18, 463 international tourists, marking a 35% increase from last year.
A moment of pride for everyone in Assam.#Kaziranga pic.twitter.com/0fW2CkPfvS
— Himanta Biswa Sarma (@himantabiswa) May 20, 2025
মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰা পোষ্টটোত উল্লেখ কৰা হৈছে যে, ২০২৪ চনৰ ১ অক্টোবৰৰ পৰা ১৮ মে’ ২০২৫ পৰ্যন্ত মুঠ ৪,৪৩, ৬৩৬ জন পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছে । এই সংখ্যা যোৱা বছৰৰ তুলনাত ৩৫ শতাংশ বৃদ্ধি পোৱা বুলি কোৱা হৈছে । একেদৰে এই সময়চোৱাত কাজিৰঙা ভ্ৰমণ কৰা মুঠ পৰ্যটকৰ ভিতৰত বিদেশী পৰ্যটকৰ সংখ্যা হৈছে ১৮, ৪৬৩ জন । এই সংখ্যা যোৱা বছৰৰ তুলনাত ২৬ শতাংশ বৃদ্ধি পোৱা বুলি কোৱা হৈছে ।
উল্লেখ্য যে, বাৰিষাৰ বাবে অনিৰ্দিষ্টকালৰ বাবে ১৯ মে’ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ কৰাৰ কথা ঘোষণা কৰা হৈছিল । কিন্তু সোমবাৰে প্ৰকাশিত খবৰ অনুসৰি, ৩১ মে’ পৰ্যন্ত কাজিৰঙা পৰ্যটকৰ বাবে পুনৰ মুকলি কৰাৰ কথা এক জাননীৰ জৰিয়তে ঘোষণা কৰিছে ।