’২৬ৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত ব্যাপক খহনীয়া, হাত এৰি পদুমলৈ বহু নেতা-কৰ্মী

বিজেপিলৈ গৌৰৱ গগৈৰ ঘনিষ্ঠ প্ৰফুল্ল কুমাৰ দাস। আটছাৰ বহু নেতা-কৰ্মীৰো যোগদান কৰে বিজেপিত। শাসকীয় দললৈ  কংগ্ৰেছ, বীৰ লাচিত সেনা, ৰাইজৰ দলৰ একাংশ সদস্য। যোগদান কাৰ্যসূচীৰ পাছতে দিলীপ শইকীয়াৰ কয়,  "বিভিন্ন দল সংগঠনৰ পৰা নতুনকৈ অহা লোকসকলৰ অংশগ্ৰহণে আমাক '২৬ৰ বাবে অধিক শক্তিশালী কৰিলে"।

’২৬ৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত ব্যাপক খহনীয়া, হাত এৰি পদুমলৈ বহু নেতা-কৰ্মী

বাজপেয়ী ভৱনত বিজেপিৰ যোগদান কাৰ্যসূচী

Updated On: 

09 Dec 2025 23:09 PM

বাজপেয়ী ভৱনত বিজেপিৰ যোগদান কাৰ্যসূচী। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত সম্পন্ন হয় যোগদান। অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পীযূষ হাজৰিকা। বিজেপিত যোগদান আটছাৰ সদ্যপ্ৰাক্তন নেতা ধীৰাজ গোৱালা,বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি দীপক দে’ৰ ।

বিজেপিলৈ গৌৰৱ গগৈৰ ঘনিষ্ঠ প্ৰফুল্ল কুমাৰ দাস। আটছাৰ বহু নেতা-কৰ্মীৰো যোগদান কৰে বিজেপিত। শাসকীয় দললৈ  কংগ্ৰেছ, বীৰ লাচিত সেনা, ৰাইজৰ দলৰ একাংশ সদস্য। যোগদান কাৰ্যসূচীৰ পাছতে দিলীপ শইকীয়াৰ কয়,  “বিভিন্ন দল সংগঠনৰ পৰা নতুনকৈ অহা লোকসকলৰ অংশগ্ৰহণে আমাক ‘২৬ৰ বাবে অধিক শক্তিশালী কৰিলে”।

বিজেপিত যোগদানৰ পিছতে ধীৰাজ গোৱালাই কয়, “নিজৰ মানুহখিনিৰ ভাল হোৱাটোৱেই সদায় বিচাৰোঁ। এইখন চৰকাৰৰ দিনত আমাৰ মানুহৰ সপোনবোৰ বাস্তৱ হোৱা দেখিছোঁ  আগতে বাগানৰ মালিকৰ মন গ’লেই আমাৰ মানুহখিনিক অস্তিত্বহীন কৰি দিছিল এইখন চৰকাৰে চাহ জনগোষ্ঠীৰ প্ৰকৃততে কল্যাণ সাধিছে। কংগ্ৰেছে ভোট বেংক কৰি ৰখা চাহ জনগোষ্ঠীৰ লোকক বিজেপিয়ে মৰ্যাদা দিছে।”

তেওঁ লগতে কয়,” ’২৬ত অসমৰ বাগিচাত বিজেপিৰ বাদে বেলেগৰ কথাই নাহে। মই টিকট বিচৰাৰ কথা এতিয়াই অহা নাই
যোগদান কৰিছোঁহে, দলে যি কাম দিয়ে কৰিম।”

ইফালে কংগ্ৰেছৰ IT চেলৰ প্ৰাক্তন অধ্যক্ষ প্ৰফুল্ল কুমাৰ দাসে কয়, “কংগ্ৰেছৰ ভিতৰ চ’ৰাত এতিয়া শ্বাসৰুদ্ধকৰ পৰিৱেশ। এতিয়া কংগ্ৰেছ দল কংগ্ৰেছ দল হৈ থকা নাই , গৌৰৱ গগৈৰ ফেন ক্লাব হিচাপে চলি আছে। ৰকিবুল হুছেইনৰ কথা মতে কংগ্ৰেছৰ আন আন নেতাই উঠা বহা কৰে । গৌৰৱ গগৈৰ মাত্ৰ মিঞা প্ৰীতি। গৌৰৱ গগৈৰ ফেচবুক একাউণ্ট এজন মিঞাই চলাই। প্ৰফুল্ল কুমাৰ দাসে লগতে কয়,  কংগ্ৰেছ দলত এতিয়া সকলো অসন্তুষ্ট। ৩১ৰ কথাহে ভাবে গৌৰৱ গগৈয়ে। যি নেতাই যুদ্ধই নকৰে, অসমীয়া নাজানে তেনে নেতাই কি দল চলাব। কোনো স্বাভিমানী অসমীয়া কংগ্ৰেছত থাকিব নোৱাৰে।”

সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেদাৰেশ্যনৰ সভাপতি দীপক দে’ কয়, “বিজেপি মানেই অখণ্ডতা, সাৰ্বভৌমত্ব, স্বাভিমানৰে কৰা এটা দল। দেশ মাতৃৰ প্ৰতি সমৰ্পন থকা এটা দলত যোগদান কৰিছোঁ। আমাৰ মানুহখিনিৰ বাবে, প্ৰতি ভাৰতীয়ৰ বাবে, প্ৰতি অসমীয়াৰ বাবে কাম কৰিম। ‘২৬ পুনৰ শক্তিশালীভাৱে চৰকাৰলৈ আহিব বিজেপি।”

লগতে পঢ়ক: এই স্মাৰক ক্ষেত্ৰ অসমীয়া জাতি বিশ্বৰ বুকুত গৌৰৱেৰে জীয়াই থকাৰ সংকল্পৰ প্রতীক: মুখ্যমন্ত্ৰী

মধুৰিআমৰ গুটি কিয় চোবাই খাব নালাগে? জানক
শীতকালত উচ্চ ৰক্তচাপৰ ৰোগীয়ে কি কি খাদ্য খাব নালাগে? জানক...
বৃক্ক থাকিব সুস্থ! মাত্ৰ খাবলৈ আৰম্ভ কৰক এইসমূহ খাদ্য...
ফেটি লিভাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? জানক চিকিৎসকৰ পৰা ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...