11 Dec 2025
TV9 ASSAM
শীতকালত উচ্চ ৰক্তচাপৰ সমস্যা বেছিকৈ হোৱা দেখা যায়। কিয়নো শীতত তেজৰ ধমনীবোৰ সংকুচিত হৈ পৰে। তেনেস্থলত উচ্চ ৰক্তচাপৰ সমস্যা থকাসকলে শীতকালত কিছুমান বস্তু খাব নালাগে।
ডাঃ সুভাষ গিৰিয়ে কয় যে, অধিক নিমখ খোৱাৰ ফলত শৰীৰত পানী ৰখি যায়। যাৰ ফলত বিপি বৃদ্ধি পাব পাৰে। আচাৰ, পাপৰ, নিমখীয়া খাদ্য, প্ৰচেচড ফুড পৰিহাৰ কৰিব লাগে।
বেছি তেল, মচলাযুক্ত খাদ্য খাব নালাগে। ইয়াক চেচুৰেটেড ফেট বেছি থাকে যিয়ে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। তেনেস্থলত তেলযুক্ত আৰু মচলাযুক্ত খাদ্য পৰিহাৰ কৰা ভাল।
ৰেড মীটত যথেষ্ঠ পৰিমাণে ফেট আৰু ছোডিয়াম থাকে। যি ৰক্তচাপ বৃদ্ধি কৰিব পাৰে আৰু হৃদযন্ত্ৰত হেঁচা প্ৰয়োগ কৰে। সেয়ে কম চৰ্বিযুক্ত খাদ্য খাব লাগে।
চিপছ, ফ্ৰেন্স ফ্ৰাইজ আদিত ছডিয়াম আৰু প্ৰিঞ্জবেৰ্টিভ বেছি থাকে। যি ব্লাড প্ৰেচাৰ বৃদ্ধি কৰে। গতিকে পেকেটৰ খাদ্য, প্ৰচেচড ফুড বা জাংক ফুড আদি পৰিহাৰ কৰিব লাগে।
বেছি চাহ, কফি বা এনাৰ্জি ড্ৰিংকে হৃদস্পন্দন বৃদ্ধি কৰে। যাৰ ফলত ব্লাড প্ৰেচাৰ বৃদ্ধি পাব পাৰে। গতিতে এইবোৰ কমকৈ খাব লাগে, বিশেষকৈ শীতকালত।
বেছি চেনিযুক্ত খাদ্য খালে ওজন বৃদ্ধি পাই আৰু ব্লাড প্ৰেচাৰ প্ৰভাৱিত কৰে। গতিকে মিঠাই, কেক, মিঠা পানী আদি শীতকালত কমকৈ খোৱা ভাল।
পঢ়িবলৈ ক্লিক কৰক