১০ বছৰ ক্ষমতাত থকাৰ পাছতো সীমান্তৰে অনুপ্ৰৱেশ অব্যাহত আছে কেনেকৈ? ৰাজ্য চৰকাৰক প্ৰশ্ন গৌৰৱ গগৈৰ

তেওঁ কয়, তেওঁলোকে(বিজেপি) ক্ষমতাত থকা ১০ বছৰ হ’ল আৰু সীমান্তৰ নিৰাপত্তা ব্যৱস্থাত তীক্ষ্ণ নজৰ ৰাখিছে। ইয়াৰ পাছতো বাংলাদেশীৰ অনুপ্ৰৱেশ হৈ আছে। ইয়াৰ বাবে দায়ী কোন?

১০ বছৰ ক্ষমতাত থকাৰ পাছতো সীমান্তৰে অনুপ্ৰৱেশ অব্যাহত আছে কেনেকৈ? ৰাজ্য চৰকাৰক প্ৰশ্ন গৌৰৱ গগৈৰ

গৌৰৱ গগৈ

Updated On: 

26 Aug 2025 12:40 PM

প্ৰায় দহ বছৰ ধৰি ক্ষমতাত আছে বিজেপি চৰকাৰ। কিন্তু ইয়াৰ পাছতে সীমান্ত পাৰ হৈ বাংলাদেশীয়ে অবৈধভাৱে প্ৰৱেশ কৰিছে কেনেকৈ ? এই প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ। এক প্ৰকাৰে বৰ্তমানৰ অসম চৰকাৰে অনুপ্ৰৱেশ ৰোধ কৰাত বিফল হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰশ্ন উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। তেওঁ দাবী কৰে যে, এতিয়াও অনুপ্ৰৱেশ হৈ আছে।

তেওঁ কয়,তেওঁলোকে(বিজেপি) ক্ষমতাত থকা ১০ বছৰ হ’ল আৰু সীমান্তৰ নিৰাপত্তা ব্যৱস্থাত তীক্ষ্ণ নজৰ ৰাখিছে। ইয়াৰ পাছতো বাংলাদেশীৰ অনুপ্ৰৱেশ হৈ আছে। ইয়াৰ বাবে দায়ী কোন? তেওঁ লগতে কয়,কংগ্ৰেছ দলৰ স্থিতি স্পষ্ট, কোনো বাংলাদেশীয়ে অসমত অবৈধভাৱে থাকিব নোৱাৰে। এইটো নিশ্চিত কৰাটো অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ উভয়ৰে কৰ্তব্য।

একে সময়তে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে ৰাজনৈতিক লাভালাভৰ বাবে বিষয়টো ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে গৌৰৱ গগৈয়েতেওঁ কয় যে, ঝাৰখণ্ডত তেওঁৰ অনুপ্ৰৱেশৰ ৰাজনীতি যেনেকৈ বিফল হৈছিল, অসমতো বিফল হ’ব। মুখ্যমন্ত্ৰীতকৈ অসমৰ জনসাধাৰণ বেছি সচেতন বুলি মন্তব্য প্ৰকাশ কৰে গৌৰৱ গগৈয়ে।

মাদানী-হামিদৰ মন্তব্যই শেহতীয়াকৈ গৰম কৰিছে ৰাজ্যৰ ৰাজনীতি। প্ৰথমে জমিয়তৰ নেতা মাদানীয়ে অসমত কেৱল সংখ্যালঘুক অত্যাচাৰ কৰাৰ বুলি দাবী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বৰ্খাস্ত কৰাৰ দাবী জনাইছিল। শেহতীয়াকৈ ছৈয়দা হামিদে সংখ্যালঘুকলৈ এক বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে। তেওঁ কয় যে, “মুছলমান সকলৰ যি অৱস্থা সেয়া অতি দুখজনক। বাংলাদেশী হোৱাত সমস্যা ক’ত? বাংলাদেশীও মানুহ। বাংলাদেশীয়ে কাৰো অধিকাৰ কাঢ়ি লোৱা নাই।” এই দুয়োগৰাকী মন্তব্যই বিতৰ্ক সৃষ্টি কৰাৰ সময়তে অনুপ্ৰৱেশৰ বিষয়টোত চৰকাৰক এইদৰে সমালোচনা কৰি কংগ্ৰেছৰ স্থিতি স্পষ্ট কৰে গৌৰৱ গগৈয়ে।

গণেশ চতুৰ্থীত বিৰল কাকতালীয় সংযোগ, এই ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!
নিশা আহিব গভীৰ টোপনি, ঘৰতে থকা এইবিধ সামগ্ৰীয়ে দূৰ কৰিব অনিদ্ৰাৰ সমস্যা
৫০০ বছৰ পাছত গণেশ চতুৰ্থীত বিৰল সংযোগ! ভাল দিন আহিব এইসকল লোকৰ...
ডাঙৰ সংযোগ! গণেশ চতুৰ্থীত এই ৰাশিৰ লোকে লাভ কৰিব গণপতিৰ আশীৰ্বাদ...