ভাৰত-পাকিস্তানৰ উত্তেজনাৰ বাবে ৰাজ্যত গ্ৰহণ কৰা হ’ব বিশেষ ব্যৱস্থা, মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে জাননী…

দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ সময়ত ৰাজ্যত গ্ৰহণ কৰিবলগীয়া কেইটামান বিশেষ ব্যৱস্থাৰ বিষয়ে এক বিশেষ জাননী শ্বেয়াৰ কৰিলে মুখ্যমন্ত্ৰীয়ে৷ এই সিদ্ধান্তসমূহ পালনেৰে নাগৰিক হিচাপে আমাৰ দেশৰ প্রতি থকা দায়বদ্ধতা প্রকাশৰ লগতে দেশৰ শত্ৰুৰ বিৰুদ্ধে কৰা যুঁজখনত কিছু হ'লেও সহায় আগবঢ়াব বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ ৷

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ বাবে ৰাজ্যত গ্ৰহণ কৰা হব বিশেষ ব্যৱস্থা, মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে জাননী...

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Updated On: 

10 May 2025 17:57 PM

ভাৰত-পাকৰ মাজত এতিয়া তুমুল যুদ্ধ! চলোৱা হৈছে ড্ৰোন, মিছাইল। পহলগাম ঘটনাৰ প্ৰতিশোধ হিচাপে অপাৰেশ্যন সেন্দূৰৰ অধীনত ভাৰতে পাকিস্তানত ৯টা সন্ত্ৰাসবাদীৰ গোপন ঘাটিত আক্ৰমণ কৰে। তাৰ  পাছতে আৰম্ভ হয় উত্তেজনাময় পৰিস্থিতিৰ। পাক সীমান্তৱৰ্তী এলেকা ব্লেকআউট ঘোষণা ভাৰতৰ। ইয়াৰ মাজতে আজি অসমত অনুষ্ঠিত হয় কেবিনেট বৈঠক। সংবাদমেলযোগে কেবিনেটৰ সিদ্ধান্তৰ কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ সময়ত ৰাজ্যত গ্ৰহণ কৰিবলগীয়া কেইটামান বিশেষ ব্যৱস্থাৰ বিষয়ে এক বিশেষ জাননী শ্বেয়াৰ কৰিলে মুখ্যমন্ত্ৰীয়ে৷ এই সিদ্ধান্তসমূহ পালনেৰে নাগৰিক হিচাপে আমাৰ দেশৰ প্রতি থকা দায়বদ্ধতা প্রকাশৰ লগতে দেশৰ শত্ৰুৰ বিৰুদ্ধে কৰা যুঁজখনত কিছু হ’লেও সহায় আগবঢ়াব বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ ৷

কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে?

  1. জিলা প্রশাসন আৰু বিভাগৰ মুৰব্বীসকলে সকলো কৰ্মচাৰীৰ শেহতীয়া যোগাযোগ সবিশেষ (ম’বাইল নম্বৰ, ইমেইল আৰু ঠিকনা) মজুত ৰাখিব।
  2. চিকিৎসালয় আৰু স্বাস্থ্য প্রতিষ্ঠানসমূহ স্বেচ্ছাসেৱী ৰক্তদাতাসকল বিশেষকৈ বিৰল ব্লাড গ্ৰুপৰ লোকসকলৰ এক আপডেটেড ৰেজিষ্ট্ৰী মজুত ৰাখিব।
  3.  চিকিৎসালয়সমূহত জৰুৰীকালীন অৱস্থাৰ বাবে পর্যাপ্ত উপলব্ধতা নিশ্চিত কৰিবলৈ ইন্ধন আৰু চিকিৎসা সামগ্ৰীৰ পুনৰীক্ষণ কৰিব লাগিব ।
  4. সকলো ক্ষেত্রভিত্তিক কার্যালয়ে যিকোনো আকস্মিক প্রয়োজনীয়তাত সহায়ৰ বাবে চৌব্বিশ ঘণ্টীয়া তৎপৰতাৰে সাজু থাকিব লাগিব।
  5. প্ৰতিৰক্ষা বাহিনীৰ চৰকাৰী দল বা কনভয়ৰ মসৃণ চলাচল আৰু লজিষ্টিক সুবিধাৰ বাবে জিলা আৰু ৰাজ্যিক পর্যায়ত সমন্বয় প্রণালী সক্ৰিয় কৰা হ’ব।
  6. অসমৰ পৰা ৰাজ্যৰ বাহিৰত নিযুক্তি পোৱা প্ৰতিৰক্ষা বাহিনীৰ পৰিয়ালসমূহৰ সৈতে নিৰন্তৰ যোগাযোগ ৰখা সুনিশ্চিত কৰা আৰু প্ৰয়োজনীয়তা সাপেক্ষে যিকোনো সহায়ৰ আশ্বাস প্রদান সুনিশ্চিত কৰিব লাগিব।
  7. নিৰৱচ্ছিন্ন নাগৰিক সেৱা নিশ্চিত কৰাৰ হেতু জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলে অসামৰিক, আৰক্ষী আৰু জৰুৰীকালীন সেৱা শাখাসমূহৰ মাজত সমন্বয় তীব্ৰ কৰাত গুৰুত্ব প্রদান কৰিব।
  8. বিষয়াসকলে অনানুষ্ঠানিক ভ্ৰমণৰ পৰা বিৰত থাকিব লাগিব আৰু আন অনুমতি নহালৈকে তেওঁলোকৰ নিযুক্তিপ্রাপ্ত স্থানৰ ভিতৰতে থাকিব লাগিব।
  9. ৰাজ্যৰ সামূহিক কর্তব্য আৰু সংহতিক প্রতিফলিত কৰি সকলো বিভাগ আৰু প্রতিষ্ঠানে দৃষ্টান্তমূলক অনুশাসন, দক্ষতা প্রদর্শন কৰিব লাগিব।
  10. সমূহ আলোচনা-চক্র, কর্মশালা, স্মাৰক অনুষ্ঠান আৰু ব্যয় সমৃদ্ধ সম্মিলন আৰু অনুষ্ঠান পিছুৱাই দিয়া হ’ব।
  11. অসম চৰকাৰৰ কোনো বিষয়া-মন্ত্ৰীৰ বিদেশ ভ্রমণ বা অপ্রয়োজনীয় বহি: ৰাজ্য ভ্ৰমণৰ অনুমোদন পৰিহাৰ কৰা হ’ব।
  12. বাহন, আচবাব বা কাৰ্যালয়ৰ আন্তঃগাঁথনি ক্ৰয় আৰম্ভণি বা প্ৰক্ৰিয়াকৰণ কৰা নহ’ব।
  13. কৰ্মক্ষেত্ৰত দুপৰীয়াৰ আহাৰ, আনুষ্ঠানিক নৈশ আহাৰ, সাংস্কৃতিক অনুষ্ঠান আৰু মনোৰঞ্জনৰ ব্যয় পৰিহাৰ কৰিব লাগিব।
  14. অত্যাৱশ্যকীয় সেৱাৰ সৈতে সম্পর্কিত নহ’লে ডাঙৰ সমাৱেশ বা আন সভাসমূহ পিছুৱাই দিয়া হ’ব বা আভাসীয় মাধ্যমত অনুষ্ঠিত কৰা হ’ব
  15. উদ্বোধন, সম্বর্ধনা অনুষ্ঠান, বা অন্যান্য আনুষ্ঠানিক কাৰ্যসূচী পিছুৱাব লাগিব।
  16. ৰাজহুৱা তথ্যৰ প্ৰচাৰত বিশেষভাৱে প্ৰয়োজনৰ বাদে কোনো প্রিন্টিং বা প্ৰচাৰ সামগ্ৰী, বিজ্ঞাপন বা দৃশ্য-শ্রাব্য সমল প্ৰস্তুত কৰা নহ’ব।
  17. অপ্রয়োজনীয় প্রশিক্ষণ কাৰ্যসূচী বা ভ্ৰমণৰ সৈতে জড়িত কাৰ্যসূচীসমূহ পুনৰ নিৰ্ধাৰণ কৰা হ’বছ
  18. সকলো বিভাগে চলিত কামসমূহৰ পৰ্যালোচনা কৰিব, আৰু অনুমোদন সাপেক্ষে অগ্ৰাধিকাৰযুক্ত নোহোৱা ব্যয়সমূহ স্থগিত ৰাখিব।
  19. প্রয়োজন সাপেক্ষে বর্তমান ছুটীত থকা (প্রসূতি/চিকিৎসাৰ বাহিৰে) চৰকাৰী কৰ্মচাৰীসকলক ঊর্ধ্বতন কর্তৃপক্ষৰ দ্বাৰা সিদ্ধান্ত লোৱাৰ সময়ত পুনৰ কৰ্মক্ষেত্ৰলৈ মতা হ’ব পাৰে, আৰু ২৪ ঘণ্টাৰ ভিতৰত কৰ্মত নিযুক্ত হ’ব পৰাকৈ উপলব্ধ থাকিব লাগিব
পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...