এঞ্জেল চাকমাৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে বিশেষ প্ৰস্তাৱ, নিৰ্বাচনৰ প্ৰাকক্ষণত ল’লে এই সংকল্প
তেওঁ লগতে এঞ্জেল চাকমাৰ হত্যাত জড়িত অপৰাধীসকলক কৰায়ত্ত কৰি অতি কঠোৰ শাস্তি প্ৰদান কৰিব লাগে বুলিও মন্তব্য কৰে। যদি দোষীক দৃষ্টান্তমূলক শাস্তি দিয়া হয়, তেতিয়া সমগ্ৰ দেশলৈ এটা শক্তিশালী বাৰ্তা যাব আৰু ভৱিষ্যতে এনে জঘন্য ঘটনাৰ পুনৰাবৃত্তি নহ’ব বুলি হিমন্ত বিশ্ব শৰ্মাই লগতে কয়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
উত্তৰাখণ্ডৰ ডেৰাডুনত ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমাৰ হৃদয় বিদাৰক মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ উত্তৰ-পূবত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। এই ঘটনাক লৈ প্ৰতিক্ৰিয়া কৰিছে উত্তৰ-পূবৰ বহুকেইজন ৰাজনৈতিক নেতাই। এঞ্জেল চাকমাৰ মৃত্যু প্ৰসঙ্গত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উত্তৰ-পূব ভাৰতৰ লোকসকলৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত ঘটি থকা বৰ্ণ বৈষম্যমূলক আক্ৰমণৰ ঘটনাক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁ দেশবাসীক উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়ে শিক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
কঠোৰ শাস্তিৰ দাবী
তেওঁ লগতে এঞ্জেল চাকমাৰ হত্যাত জড়িত অপৰাধীসকলক কৰায়ত্ত কৰি অতি কঠোৰ শাস্তি প্ৰদান কৰিব লাগে বুলিও মন্তব্য কৰে। যদি দোষীক দৃষ্টান্তমূলক শাস্তি দিয়া হয়, তেতিয়া সমগ্ৰ দেশলৈ এটা শক্তিশালী বাৰ্তা যাব আৰু ভৱিষ্যতে এনে জঘন্য ঘটনাৰ পুনৰাবৃত্তি নহ’ব বুলি হিমন্ত বিশ্ব শৰ্মাই লগতে কয়। লগতে এই হত্যাকাণ্ডক তেওঁ অত্যন্ত দুখজনক আৰু দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
উত্তৰ-পূবৰ পৰিচয় আৰু সজাগতা
মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকল এজন এজন গৰ্বিত ভাৰতীয়। দেশৰ বাকী অংশৰ মানুহে এই অঞ্চলটোৰ কৃষ্টি-সংস্কৃতি আৰু ইয়াৰ মানুহৰ বিষয়ে সঠিক জ্ঞান লাভ কৰাটো জৰুৰী। তেওঁৰ মতে, উত্তৰ-পূবৰ লোক আৰু ভাৰতৰ অন্যান্য প্ৰান্তৰ মানুহৰ মাজত যোগাযোগ আৰু আদান-প্ৰদান অধিক বৃদ্ধি হ’ব লাগে যাতে বৈষম্যৰ ভাব দূৰ হয়।
ছাত্ৰ-ছাত্ৰীৰ তথ্য সংগ্ৰহৰ পৰিকল্পনা
ৰাজ্যৰ বাহিৰত পঢ়িবলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে বৰ্তমান চৰকাৰৰ ওচৰত তেনে কোনো নিৰ্দিষ্ট তথ্য নাই বুলি উল্লেখ কৰে। অৱশ্যে, প্ৰয়োজন হ’লে চৰকাৰে বাহিৰত থকা ছাত্ৰ-ছাত্ৰীৰ সঠিক তথ্য সংগ্ৰহ আৰু সংৰক্ষণ কৰাৰ কথা চিন্তা কৰিব পাৰে। যোৱা পাঁচ বছৰত এনেধৰণৰ জাতিগত হিংসাৰ ঘটনা ঘটা নাছিল বুলিও তেওঁ উল্লেখ কৰে।
কি হৈছিল ডেৰাডুনত
উল্লেখ্য যে ত্ৰিপুৰাৰ ২৪ বছৰীয়া এঞ্জেল চাকমাই ডেৰাডুনত এম বি এ (MBA) অধ্যয়ন কৰি আছিল। যোৱা মাহত এদল নিচাসক্ত লোকে তেওঁক বৰ্ণবৈষম্যমূলক গালি-গালাজ কৰাৰ লগতে শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল। চিকিৎসালয়ত ১৬ দিন ধৰি জীৱন-মৃত্যুৰ সৈতে যুঁজ দিয়াৰ অন্তত চাকমাৰ মৃত্যু হয়। এই ঘটনাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দিল্লীতো ছাত্ৰ-ছাত্ৰীসকলৰ মাজত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি কৰিছে।
নিৰ্বাচনৰ বাবে বিশেষ লক্ষ্য
ইফালে আগন্তুক বিধানসভা নিৰ্বাচনত খিলঞ্জীয়াৰ পৰিচয় আৰু উন্নয়ন মূল লক্ষ্য হ’ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত নহ’লে প্ৰকৃত উন্নয়ন সম্ভৱ নহয় বুলি তেওঁ মন্তব্য কৰে। অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ ক্ষেত্ৰত চৰকাৰ দায়বদ্ধ বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
উচ্চতম ন্যায়ালয়ৰ শেহতীয়া নিৰ্দেশ মৰ্মে বিদেশী হিচাপে চিনাক্ত হোৱা লোকক উপায়ুক্তই দেশ এৰিবলৈ নিৰ্দেশ দিব পাৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে দোহাৰে। উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ সংকল্প লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিজন নাগৰিকক চৰকাৰী আঁচনিৰ দ্বাৰা লাভান্বিত কৰাৰ আশ্বাস দিয়ে। নৱবৰ্ষৰ সংকল্প হিচাপে ৰাজ্যত একেৰাহে তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰক শাসনলৈ অনাৰো লক্ষ্য লৈছে হিমন্ত বিশ্ব শৰ্মাই।