ৰাজভৱনৰ নৱনিৰ্মিত ব্ৰহ্মপুত্ৰ উইং উদ্বোধন কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহেঃ উপস্থিত ৰাজ্যৰ তিনিগৰাকী প্ৰাক্তন ৰাজ্যপাল

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজভৱনৰ নৱনিৰ্মাণিত ব্ৰহ্মপুত্ৰ উইং উদ্বোধন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ আচাৰ্য এই অনুষ্ঠানত থাকে।

ৰাজভৱনৰ নৱনিৰ্মিত ব্ৰহ্মপুত্ৰ উইং উদ্বোধন কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহেঃ উপস্থিত ৰাজ্যৰ তিনিগৰাকী প্ৰাক্তন ৰাজ্যপাল

ৰাজভৱনৰ নৱনিৰ্মিত ব্ৰহ্মপুত্ৰ উইং উন্মোচন গৃহমন্ত্ৰীৰ

Updated On: 

29 Aug 2025 18:16 PM

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজভৱনৰ নৱনিৰ্মিত ব্ৰহ্মপুত্ৰ উইং উদ্বোধন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল এই অনুষ্ঠানত উপস্থিত থাকে তদুপৰি ৰাজ্যৰ তিনিগৰাকী প্ৰাক্তন ৰাজ্যপাল গুলাবচন্দ কাটাৰিয়া, বনোৱাৰীলাল পুৰোহিত আৰু জগদীশ মুখীও উপস্থিত থাকে এই অনুষ্ঠানতইয়াৰ পূৰ্বে ৰাজভৱনৰ ভিতৰত বৈদিক অনুষ্ঠানত অংশ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে

সৰ্বমুঠ ৪১ কোটি টকা ব্যয়েৰে অত্যাধুনিক সুবিধাৰে নিৰ্মাণ কৰা এই ভৱনত ৰাজ্যপালৰ কাৰ্যালয়, অতিৰিক্ত আয়ুক্তৰ কাৰ্যালয়, সন্মিলন কক্ষ, অপেক্ষা কক্ষ, পুথিভঁৰাল, অতিথিৰ বাবে গভৰ্ণৰ্ছ ছুইট, প্ৰেছিডেঞ্চিয়েল ছুইট আদি সুবিধা উপলব্ধ হ’ব।

ৰাজভৱন চৌহদৰ পৰাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৪৫ কোটি টকা ব্যয় সাপেক্ষে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত স্থাপন কৰা ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনছিক লেবৰেটৰী, উত্তৰ-পূৰ্বাঞ্চলৰ ভাৰ্চুৱেলি শুভাৰম্ভ কৰে। সমান্তৰালকৈ তেওঁ আই টি বি পি, এছ এছ বি আৰু অসম ৰাইফলছৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ তথা আধাৰশিলা স্থাপন কৰে।

এনে প্ৰকল্পৰ ভিতৰত আছে গুৱাহাটীত এছ এছ বিৰ পৰিয়ালৰ বাবে আধুনিক চিকিৎসা ব্যৱস্থাৰে সুসজ্জিত আৱাসীক প্ৰকল্প,  সোণাপুৰৰ আই টি বি পিৰ ৩৩ বাহিনীৰ ৩৬০ জোৱানৰ বেৰেক, মেচ আৰু ১০ খন বিচনাযুক্ত চিকিৎসালয়, আছাম ৰাইফলছৰ আৱাসীক আৰু প্ৰশাসনিক প্ৰকল্প আদি।

উল্লেখ্য যে, যোৱা নিশা বিশেষ বিমানযোগে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিমান বন্দৰত তেওঁক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আদৰণি জনায়।

ইয়াৰ পিছতে অমিত শ্বাহে বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলৰ কৰ্ণধাৰ বৈঠকত অংশ লয়। ইফালে ৰাজভৱনৰ উদ্বোধনীয় অনুষ্ঠানৰ পিছতে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে খানাপাৰাত অনুষ্ঠিত হ’বলগা পঞ্চায়ত প্ৰতিনিধিৰ সভাত অংশগ্ৰহণ ল’ব। তদুপতি প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানতো অংশগ্ৰহণ ল’ব অমিত শ্বাহে।

কিডনী ষ্টোনৰ সৈতে যুঁজি আছে নেকি ? কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ? ঘৰুৱা উপায় জানক
কোষ্ঠকাঠিন্যৰ পৰা বমি বন্ধ কৰালৈকে, নহৰু খালে এইবোৰ সমস্যাৰ পৰা পাব উপশম...
ঘৰৰ এইসমূহ স্থানত নাৰাখিব পূৰ্বপুৰুষৰ ফটো! হ'ব অমংগল...
বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ! সাৱধান হৈ থাকিব এই ৰাশিৰ লোক...