পুনৰ লুঙী-ধুতি প্ৰসংগৰে কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰীৰ, ৰংজুলিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাই কি ক’লে হিমন্ত বিশ্ব শৰ্মাই ?

গোৱালপাৰাৰ ৰংজুলিত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কংগ্ৰেছৰ তীব্ৰ সমালোচনা কৰাৰ লগতে গৌৰৱ গগৈক কটাক্ষ কৰিও কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ।

পুনৰ লুঙী-ধুতি প্ৰসংগৰে কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰীৰ, ৰংজুলিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাই কি কলে হিমন্ত বিশ্ব শৰ্মাই ?

নিৰ্বাচনী প্ৰচাৰত মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Updated On: 

30 Apr 2025 | 09:49 PM

লুঙী-ধুতি প্ৰসংগ উত্থাপন কৰি কংগ্ৰেছক সমালোচনাৰে গোৱালপাৰাৰ ৰংজুলিত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে, কংগ্ৰেছৰ আচঁনি আছিল কেৱল- লুঙী, ধুতি, আঁঠুৱা, কম্বল আৰু সূতাৰ আঁচনি। ইয়াৰ লগতে গৌৰৱ গগৈক কটাক্ষ কৰিও কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ।

উল্লেখ্য যে, বুধবাৰে অন্ত পৰিল ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ । ইফালে, বুধবাৰে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে গোৱালপাৰা জিলাৰ ৰংজুলি সাৰাপাৰাত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী শৰ্মাই ৰাইজক উদ্দেশ্যি কেইবাখনো আঁচনিৰ কথা উল্লেখ কৰে ।

নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি তেওঁ কয় যে,গোৱালপাৰা জিলাৰ চাৰিটা সমষ্টিত ৪ হাজাৰ পৰিয়ালক নতুনকৈ অতিৰিক্তভাৱে অৰুণোদয় আঁচনি প্ৰদান কৰা হ’ব। ৰেচন কাৰ্ড থকা সকলে অহা ১ অক্টোৱৰৰ পৰা ৰেহাই মূল্যত দাইল, তেল, নিমখ লাভ কৰিব ৷ লগতে এক অক্টোবৰৰ পৰা ৰাইজে গেছ চিলিণ্ডাৰ ৬৫০ টকাত আৰু উজ্বলা গেছ থকা সকলে ২৫০ টকাত ৰন্ধন গেছ লাভ কৰিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

তেওঁ কয়, “আমাৰ চৰকাৰৰ চাৰে চাৰি বছৰত কোনো ধৰণৰ উৎকোচ নিদিয়াকৈ ৰাজ্যৰ ডেৰ লাখ ল’ৰা-ছোৱালীয়ে চৰকাৰী চাকৰি লাভ কৰিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰতি মাহে ৩০০ টকাকৈ দিয়া হ’ব ৷ বি এ পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলে সংস্থাপন নোপোৱালৈকে ২৫০০ টকাকৈ পাব ৷”

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে, সংখ্যালঘু লোকসকলে বুজা উচিত যে, বিজেপিৰ চৰকাৰৰ দিনত বিগত ৯ বছৰত কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘাত হোৱা নাই। কিন্তু কংগ্ৰেছৰ ১৫ বছৰ কাৰ্যকালত কিমানবাৰ সাম্প্ৰদায়িক সংঘাত হৈছিল ? লগতে আৰু তেওঁ কয় যে,কংগ্ৰেছৰ আচঁনি আছিল কেৱল- লুঙী, ধুতি, আঁঠুৱা, কম্বল আৰু সূতাৰ আঁচনি।

মুখ্যমন্ত্ৰী শৰ্মাই ভাষণৰ অন্তত সংবাদ মাধ্যমৰ আগত সাংসদ গৌৰৱ গগৈক কটাক্ষ কৰি কয় যে, তেওঁ পাকিস্তানত যোৱা কথাটো সংবাদ মাধ্যমৰ পৰা কিয় লুকুৱাই ৰাখিছে। মুখ্যমন্ত্ৰীয়ে আহ্বান জনাই কয় যে, পাকিস্তানত যোৱাৰ প্ৰসংগত মিডিয়াৰ আগত কৈ দিয়ক। তৰুণ গগৈৰ নাতি-নাতিনীৰ কথা চিন্তা কৰি অসমৰ ৰাইজক জনাওক বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...