NRC ত নাম থাকিলেও তেওঁলোক বিতাড়িত হ’ব যদিহে…মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা…

এন আৰ চি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম থাকক বা নাথকক বিদেশীক দেশৰ পৰা বহিষ্কাৰ কৰা হ'ব।

NRC ত নাম থাকিলেও তেওঁলোক বিতাড়িত হব যদিহে...মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা...

হিমন্ত বিশ্ব শৰ্মা

Published: 

12 Jun 2025 | 09:18 AM

বৰ্তমান এন আৰ চি সন্দৰ্ভত অসমত বিভিন্ন চৰ্চা চলি আছে। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এন আৰ চি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। অনুপ্ৰৱেশকাৰীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে, তেওঁলোকৰ নাম এন আৰ চিত থাকিলেও ৰাজ্য চৰকাৰে বৰ্তমানৰ নীতি অনুসৰি অবৈধ বিদেশীক উভতাই পঠিয়াব। শৰ্মাই কয় যে, এন আৰ চিত যি ধৰণে নাম অন্তৰ্ভুক্ত কৰা হৈছে তাক লৈ সন্দেহ থকা স্বাভাৱিক। এজন ব্যক্তিৰ নাগৰিকত্ব নিৰ্ণয়ৰ বাবে এন আৰ চি একমাত্ৰ নথি হ’ব নোৱাৰে।

শৰ্মাই কয় যে, বিদেশী বহিষ্কাৰৰ কাম চলি থাকিব।  এয়াও ঠিক যে লাখ লাখ মানুহক উভতাই পঠিওৱা সহজ নহয়। কিন্তু এন আৰ চিত নাম থাকক বা নাথাকক, যদি আমি বুজি পাওঁ যে তেওঁ বিদেশী, আমি তেনে লোকক ওভতাই পঠিয়াম৷ এয়াই আমাৰ নীতি৷ বহুতে চলে বলে কৌশলে এন আৰ চিত নাম সোমাইছে, গতিকে এন আৰ চিত নাম থকাৰ পাছতো যদি বিদেশী বুলি গম পালে তেওঁ লোকক উভতাই পঠিওৱা হব।

তেওঁ আৰু কয় যে, এন আৰ চিৰ ক্ষেত্ৰত কিছুমান বিষয়াই গাফিলতি কৰিছিল। নতুন দিল্লীৰ পৰা হৰ্ষ মণ্ডৰ নামৰ এজন বিশেষ ব্যক্তি আহিছিল। তেওঁ আমেৰিকা, ইংলেণ্ডত বহু যুৱক-যুৱতীক পঢ়ুৱাই আনিছিল যাতে এন আৰ চি নষ্ট কৰিব পাৰে। এতিয়া মুখ্যমন্ত্ৰী হোৱাৰ পাছত মই ইয়াৰ বিষয়ে জানিব পাৰিছো। গতিকে এন আৰ চি তথ্য় হব পাৰে কিন্তু  ইয়াৰ ভিত্তিক কোনোবাই যে ম্যাদী পট্টা পাব তাক মই মানি লবলৈ সাজু নহয়।

বিগত সময়চোৱাত অসমৰ পৰা বহু অবৈধ বিদেশীক বহিষ্কাৰ কৰা হৈছে। একাংশক গ্ৰেপ্তাৰ কৰাৰ লগতে বহুকেইজনক পুনৰ বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছে। অৱশ্যে চুবুৰীয়া দেশখনে কিছুমান নিজৰ নাগৰিক হিচাপে স্বীকৃতি দিবলৈ অস্বীকাৰ কৰাৰ পাছত কিছু সংখ্যক উভতি আহিছে।

 

অন্য খবৰ পঢ়কঃ বিদেশী বহিষ্কাৰৰ পৰা জনজাতিকৰণলৈ…মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ সাংসদ ৰকিবুল হুছেইনৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...