জুবিনৰ মৃত্যুৰ তদন্তত সহযোগিতা কৰিবনে ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াই ? কি ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে?
ছিংগাপুৰত জুবিনৰ মৃত্যুৰ সময়ত থকা এজন প্ৰৱাসী অসমীয়াৰ বাহিৰে বাকীসকলে এতিয়ালৈকে তদন্তত কোনোধৰণৰ সঁহাৰি দিয়া নাই। কিন্তু শেহতীয়াকৈ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ন্যায় লাগে, ন্যায় বিচাৰিছে অনুৰাগীয়ে। অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে অসম আৰক্ষীৰ চিআইডিয়ে। কিন্তু দেখা গৈছে ছিংগাপুৰত জুবিনৰ মৃত্যুৰ সময়ত থকা এজন প্ৰৱাসী অসমীয়াৰ বাহিৰে বাকীসকলে এতিয়ালৈকে তদন্তত কোনোধৰণৰ সঁহাৰি দিয়া নাই। কিন্তু শেহতীয়াকৈ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাই।
মুখ্যমন্ত্ৰীয়ে কয়, “ছিংগপুৰৰ প্ৰৱাসী অসমীয়াৰ মাজৰ গৰিষ্ঠ সংখ্যক লোকে জুবিন মৃত্যুৰ তদন্তত সহযোগিতাৰ আশ্বাস দিছে। আমাৰ ফালৰ পৰাও তেওঁলোকৰ ওপৰত হেঁচা দি থকা হৈছে।”
“ছিংগাপুৰৰ অসমীয়া সমাজৰ পৰা আমি ইতিবাচক সঁহাৰি পাইছো। এই পৰ্যায়ত সবিশেষ শ্বেয়াৰ কৰিব নোৱাৰিলেও এদিন বা দুদিনৰ ভিতৰত কিছু ভাল খবৰ আশা কৰিছোঁ। প্ৰৱাসী অসমীয়াৰ এটা অংশই তদন্তত সহযোগ কৰিবলৈ সন্মত হৈছে।” লগতে এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই।
মুখ্যমন্ত্ৰীয়ে আৰু কয় কৰে যে, ছিংগাপুৰ আৰক্ষীয়ে অধিক সক্ৰিয়ভাৱে তদন্ত কৰি আছে আৰু ইতিমধ্যে তেওঁলোকৰ স্বতন্ত্ৰ তদন্তৰ অংশ হিচাপে সংশ্লিষ্ট পৰিয়ালসমূহৰ সৈতে যোগযোগ কৰি আছে।
দুয়োটা ৰাষ্ট্ৰৰ মাজৰ সমন্বয়ৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, সকলো প্ৰয়োজনীয় নথি-পত্ৰ আৰু প্ৰমাণ দিবৰ বাবে ভাৰতৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ জৰিয়তে MLAT অধীনত ছিংগাপুৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। তেওঁ নিশ্চিত কৰে যে, তদন্তৰ বাবে প্ৰয়োজনীয় সকলো কাম এতিয়া ছিংগাপুৰৰ এটৰ্নী জেনেৰেলৰ হাতত আছে।