Happy New Year 2026: ৰাজ্যবাসীক নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

Happy New Year 2026: নতুনক আদৰিবলৈ সাজু হৈছে সমূহ বিশ্ববাসী। অসমতো ৰাইজৰ মাজত দেখা গৈছে ব্যাপক উছাহ। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰে।

Happy New Year 2026: ৰাজ্যবাসীক নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...

নৱবৰ্ষৰ শুভেচ্ছা

Published: 

31 Dec 2025 20:32 PM

মাজত মাত্ৰ কেইটামান ক্ষণ বাকী। আহিছে নতুন বছৰ ২০২৬। নতুন বছৰক লৈ সকলোৱে কৰিলে নিজা নিজা প্ৰস্তুতি। কোনোবাই আপোনজনৰ সৈতে সময় কটাইছে, কোনোবাই পাৰ্টি কৰিছে। মুঠতে সকলোৰে ব্যস্ততা। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে। এই সন্দৰ্ভত এখন সংবাদ বিবৃতি জাৰি কৰি শৰ্মাই সকলোকে শুভেচ্ছা জনাই আহিবলগীয়া বছৰটি ভাল হব বুলি আশা কৰে।

শৰ্মাই কয়, ইংৰাজী নৱবৰ্ষ উপলক্ষে অসমবাসীলৈ শুভেচ্ছা।  মুখ্যমন্ত্রী ড° শর্মাই কয় যে নতুন উৎসাহ, সংকল্প আৰু প্রত্যয়েৰে আগবাঢ়ি যোৱাৰ বাবে নৱবৰ্ষই সকলোৰে মনত উদ্দীপনাৰ সঞ্চাৰ কৰে। তেওঁ আশা প্রকাশ কৰে যে নতুন বছৰটোৱে গৰিমামণ্ডিত ঐতিহ্য আৰু স্বকীয় পৰম্পৰাৰে সমৃদ্ধ অসমৰ জনসাধাৰণৰ মাজত সম্প্ৰীতিৰ এনাজৰী অধিক সুদৃঢ় কৰি তোলাৰ লগতে ৰাজ্যখনৰ বৰ্ণাঢ্য জীৱনধাৰালৈ এক নতুন উদ্যম কঢ়িয়াই আনিব। ৰাজ্যখনে যাতে বিকাশ আৰু প্ৰগতিৰ নতুন দিগন্ত স্পৰ্শ কৰিব পাৰে তাৰ বাবে নিজ নিজ কর্মক্ষেত্রত অধিক নিষ্ঠা আৰু দায়ৱদ্ধতাৰে আত্মোৎসর্গ কৰিবলৈ নৱবৰ্ষৰ শুভক্ষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক আহ্বান জনায়।

মুখ্যমন্ত্ৰীয়ে লগতে ইংৰাজী নৱবৰ্ষ উপলক্ষে ৰাইজৰ আশিস কামনা কৰে আৰু আগন্তুক বৰ্ষতো ৰাজ্যৰ চহকী ঐতিহ্য-সংস্কৃতিৰ সুৰক্ষা আৰু সংৰক্ষণৰ লগতে বিকাশ তথা উন্নয়নৰ অফুৰন্ত গতি জনসাধাৰণৰ অপাৰ স্নেহ আৰু সহযোগিতাত চৰকাৰে অব্যাহত ৰাখিবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰে।

 

অন্য খবৰ পঢ়কঃ ৰাজ্যৰ প্ৰতিটো জ্বলন্ত সমস্যাৰ সবল কণ্ঠ হ’ব অগপঃ অতুল বৰা

Happy New Year: এই নৱবৰ্ষত আপোনজনক দিয়ক সহজ আৰু চুটি শুভেচ্ছা বাৰ্তা!
ছালত ব্রণৰ সমস্যা, ই কোনো ৰোগৰ ইংগিত নেকি?
আৰ্থিক সংকট দূৰ আৰু সফলতা লাভৰ বাবে ঘৰলৈ আনক এইসমূহ সামগ্ৰী...
হৰম'নৰ ভাৰসাম্যহীনতাৰ পৰা ওজন বৃদ্ধিলৈ, ৩৫ৰ পাছত পুৰুষে কেনেদৰে নিজকে ফিট ৰাখিব পাৰে? ৫ টা টিপছ
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...