সলনি পোছাকৰ ৰং, ১৬ আগষ্টৰ পৰা নতুন ইউনিফৰ্মত দেখা পাব গুৱাহাটী যান-বাহন আৰক্ষীক

১৬ আগষ্টৰ পৰা নতুন পোছাক পৰিধান কৰাৰ সিদ্ধান্ত লৈছে গুৱাহাটী যান-বাহন আৰক্ষীয়ে। এতিয়াৰ পুনৰ নতুন পোছাকত দেখা পাব গুৱাহাটী যান-বাহন আৰক্ষীক।

সলনি পোছাকৰ ৰং, ১৬ আগষ্টৰ পৰা নতুন ইউনিফৰ্মত দেখা পাব গুৱাহাটী যান-বাহন আৰক্ষীক

গুৱাহাটী যান-বাহন আৰক্ষী

Updated On: 

15 Aug 2025 23:23 PM

পুনৰ সলনি হ’ব গুৱাহাটী যান-বাহন আৰক্ষীয়ে ইউনিফৰ্ম। ১৬ আগষ্টৰ পৰা নতুন পোছাক পৰিধান কৰাৰ সিদ্ধান্ত লৈছে গুৱাহাটী যান-বাহন আৰক্ষীয়ে। জনসাধাৰণকে ধৰি সচেতন মহলৰ পৰা পোৱা পৰামৰ্শ আৰু মতামতৰ এক বিস্তৃত পৰ্যালোচনাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, গুৱাহাটী মহানগৰীৰ যান-বাহন আৰক্ষীয়ে পুনৰ বগা ইউনিফৰ্ম পৰিধান কৰিব । ৰাজ্যজুৰি যান-বাহন আৰক্ষীৰ একক পৰিচয় সুনিশ্চিত কৰাৰ লক্ষ্যৰে পূৰ্বৰ শুভ্ৰ পোছাক ইউনিফৰ্ম হিচাপে বাহাল কৰাৰ সিদ্ধান্ত লোৱা হৈছে । ১৬ আগষ্ট, শনিবাৰৰ পৰা বগা ৰঙৰ ইউনিফৰ্ম পৰিধান কৰিব গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে। এক বিবৃতিৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে যান-বাহন আৰক্ষীয়ে।

গুৱাহাটী যান-বাহন আৰক্ষীৰ ইউনিফৰ্ম পুনৰ বগালৈ সলনি

ক্ষেত্ৰভিত্তিক পৰিস্থিতি, পথ সুৰক্ষা বিশেষজ্ঞ, জনসাধাৰণকে ধৰি সচেতন মহলৰ পৰা পোৱা পৰামৰ্শ আৰু মতামতৰ এক বিস্তৃত পৰ্যালোচনাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে। গুৱাহাটীৰ যান-জঁট তথা যান-বাহন ব্যৱস্থাপনাৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত যান-বাহন আৰক্ষীৰ শুভ্ৰ পোছাকযোৰ এক গুৰুত্বপূৰ্ণ পেছাদাৰিত্বৰ প্ৰতীক হিচাপে চিহ্ণিত হৈ আহিছে।

গুৱাহাটী যান-বাহন আৰক্ষীৰ ইউনিফৰ্ম পুনৰ বগালৈ সলনি

পেছাদাৰিত্ব বজাই ৰাখি ৰাইজৰ প্ৰতি গুণগত সেৱা আগবঢ়োৱাৰ বাবে মহানগৰ যান-বাহন আৰক্ষী দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ। গুৱাহাটী মহানগৰীত পথ সুৰক্ষা ব্যৱস্থা অধিক উন্নত কৰা, যান-জঁট হ্ৰাস কৰা আৰু শৃংখলাবদ্ধ তথা সুচাৰুৰূপে যান-বাহনৰ চলাচল নিশ্চিত কৰাৰ বাবে যান-বাহন আৰক্ষীয়ে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

উল্লেখ্য যে, সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত আৰু গুৱাহাটী যান বাহন আৰক্ষী অধীক্ষক অমন সিং কৌৰৰ দিনত বগাৰ পৰা নীলা হৈছিল যান বাহন আৰক্ষীৰ পোছাকৰ ৰং।

শীঘ্ৰে পাব শুভ সংবাদ, মাথোঁ শ্ৰীকৃষ্ণৰ পূজাত ব্যৱহাৰ কৰক এইকেইবিধ ফুল!
হিন্দু ধৰ্মত কিয় শুভ কামৰ পূৰ্বে নাৰিকল ভঙা হয়? জানেনে আঁৰৰ এই কাৰণ?
সঘনাই তলপেটত বিষ অনুভৱ হয় নেকি? এয়া কি ৰোগৰ লক্ষণ জানো আহক
আজিয়ে পৰিহাৰ কৰক, এই ৫টা ৰাতিৰ অভ্যাসে আপোনাৰ টোপনি নষ্ট কৰিব পাৰে...