আজিৰে পৰা অম্বুবাচী মহাযোগ ২০২৫, ভিৰ কৰিছে ভক্ত-দৰ্শনাৰ্থীয়ে…

আজিৰ পৰা শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচীৰ মহাযোগ। ইতিমধ্যে কামাখ্যা দেৱালয়ত ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে ।

আজিৰে পৰা অম্বুবাচী মহাযোগ ২০২৫, ভিৰ কৰিছে ভক্ত-দৰ্শনাৰ্থীয়ে...

কামাখ্যা মন্দিৰ

Updated On: 

22 Jun 2025 | 02:02 PM

আজিৰ পৰা শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগ । এই উপলক্ষে দৰ্শনাৰ্থীক আদৰিবলৈ সাজু কামাখ্যা দেৱালয় পৰিচালনা সমিতিৰ লগতে কামৰূপ মহানগৰ জিলা প্ৰশাসন। ইতিমধ্যে কামাখ্যা দেৱালয়ত ভিৰ কৰিছে দিশ-বিদেশৰ দৰ্শনাৰ্থীয়ে। আজিৰ পৰা আৰম্ভ হোৱা অম্বুবাচী মহাযোগ ২০২৫ অহা ২৬ জুনলৈকে অনুষ্ঠিত হ’ব ।

জানিব পৰা মতে, দেওবাৰে দিনৰ ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব আৰু অম্বুবাচীৰ নিবৃত্তি হ’ব ২৫ জুনৰ নিশা ৩ বাজি ২৩ মিনিটত । প্ৰবৃত্তিৰ লগে লগে ভক্ত-দৰ্শনাৰ্থীৰ বাবে বন্ধ হ’ব কামাখ্যা মন্দিৰৰ মূল দুৱাৰ । ইফালে, ২৬ জুনৰ পুৱাই দেৱী কামাখ্যা স্নানৰ আৰু পূজা আগবঢ়োৱাৰ পাছত ভক্ত-দৰ্শনাৰ্থীৰ বাবে মন্দিৰৰ দুৱাৰ পুনৰ খুলি দিয়া হ’ব ।

কামাখ্যা মন্দিৰত সাধুসকল

প্ৰতিবছৰে অনুষ্ঠিত হোৱা অম্বুবাচীত লাখ লাখ দৰ্শনাৰ্থীয়ে কামাখ্য়া দেৱালয়ত ভিৰ কৰে । এনে পৰিস্থিতিত এইবাৰো ভক্ত-দৰ্শনাৰ্থীৰ ভিৰ বৃদ্ধি পাব বুলি আশা কৰা হৈছে । সেই অনুসৰি কঠোৰ নিৰাপত্তা ব্যৱস্থাও কৰা হৈছে কামাখ্যা দেৱালয়ত ।

সূত্ৰৰ খবৰ অনুসৰি, কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ ফালৰ পৰা অতিৰিক্তভাৱে ৪০০ ৰো অধিক চি চি টিভি কেমেৰা স্থাপন কৰা হৈছে । একেদৰে অসম আৰক্ষী বাহিনীৰ লগতে অতিৰিক্তভাৱে ৭০০ ৰো অধিক অতিৰিক্তভাৱে নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে ।

উল্লেখ্য যে, এইবাৰ অম্বুবাচীত কোনো ধৰণৰ ভি আই পি দৰ্শনাৰ্থীৰ সুবিধা নাথাকে । একেদৰে হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰি শোভাযাত্ৰা কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে জিলা প্ৰশাসনে । জানিব পৰা মতে, আজি সন্ধিয়া পাণ্ডু প’ৰ্টত অম্বুবাচী মহাযোগ ২০২৫ মুকলি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক : Morning News: চাওঁ আহক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...