কাৰ্বি আংলঙত অবৈধ খননৰ তৎকালীন তদন্তৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ গৌৰৱ গগৈৰ
পত্ৰখনত তেওঁ কয় যে ২০১৭ চনৰ পৰা আৰম্ভ হোৱা এই খননত সাত বছৰৰ ভিতৰত কুৱেৰী অপাৰেটৰসকলক প্ৰথমে ৩ লাখ ঘনমিটাৰ শিল উলিয়াবলৈ অনুমতি দিয়া হৈছিল। কিন্তু স্থানীয় বাসিন্দাসকলৰ তথ্য মতে এই সময়ছোৱাৰ ভিতৰত শিল খনন ইতিমধ্যে ৮০ লাখ ঘনমিটাৰ অতিক্ৰম কৰিছে বুলি গৌৰৱ গগৈয়ে অভিযোগ কৰে।

প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ গৌৰৱ গগৈৰ
কাৰ্বি আংলঙত চলি থকা অবৈধ শিল খননৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ কৰি এক পত্ৰ প্ৰেৰণ কৰিছে অসম কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰা এই পত্ৰযোগে কংগ্ৰেছ সাংসদগৰাকীয়ে কাৰ্বি আংলঙত চলি থকা অবৈধ খননৰ তাৎক্ষণিক তদন্তৰ দাবী কৰিছে। জিলাখনৰ পানীমুৰা ৰেঞ্জত বৈধ পাৰিপাৰ্শ্বিক অনুমোদন অবিহনে চলি থকা এই অভিযানসমূহে অঞ্চলটোৰ পৰিৱেশৰ ভাৰসাম্য, স্থানীয় জনগোষ্ঠীৰ সুৰক্ষাৰ লগতে আইনী কাঠামোৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে বুলিও তেওঁ উল্লেখ কৰে।
পত্ৰখনত তেওঁ কয় যে ২০১৭ চনৰ পৰা আৰম্ভ হোৱা এই খননত সাত বছৰৰ ভিতৰত কুৱেৰী অপাৰেটৰসকলক প্ৰথমে ৩ লাখ ঘনমিটাৰ শিল উলিয়াবলৈ অনুমতি দিয়া হৈছিল। কিন্তু স্থানীয় বাসিন্দাসকলৰ তথ্য মতে এই সময়ছোৱাৰ ভিতৰত শিল খনন ইতিমধ্যে ৮০ লাখ ঘনমিটাৰ অতিক্ৰম কৰিছে বুলি গৌৰৱ গগৈয়ে অভিযোগ কৰে।
আইনী সীমা অতিক্ৰম কৰা এই খননৰ ফলত তীব্ৰ বায়ু আৰু শব্দ প্ৰদূষণ হৈছে আৰু সমীপৰ জনগোষ্ঠীসমূহ বিপদত পৰিছে বুলি কংগ্ৰেছ নেতাগৰাকীয়ে দোহাৰে। সমান্তৰালকৈ ৰাজকোষৰো বিপুল আৰ্থিক লোকচান হৈছে বুলি তেওঁ অভিযোগ কৰে। “এই খণ্ডটো কোনো বিচ্ছিন্ন খণ্ড নহয়। ই অসমৰ প্ৰাকৃতিক সম্পদৰ সংগঠিত লুণ্ঠনৰ এক আৰ্হি প্ৰতিফলিত কৰে।”- তেওঁ কয়।
ইফালে চলিত বৰ্ষৰ জানুৱাৰী মাহত ডিমা হাছাওৰ অবৈধ ৰেট হ’ল মাইনিঙত ৯ জন শ্ৰমিকে প্ৰাণ হেৰুওৱা ঘটনাৰ বিষয়েও তেওঁ উল্লেখ কৰে। এই বিষয়ত ইতিপূৰ্বে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰা বুলি আঙুলিয়াই দি তেওঁ লগতে কয়, “সেই সময়ত মোক জনোৱা হৈছিল যে তদন্ত আয়োগ আৰু বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে, আৰু ২৪৫টা অবৈধ খনি ছীল কৰা হৈছে।”
কিন্তু সেই পদক্ষেপৰ ফলাফল এতিয়াও প্ৰতিফলিত হোৱা নাই বুলি উল্লেখ কৰি গৌৰৱ গগৈযে লগতে যোৱা মে’ মাহত সমগ্ৰ অসম আৰু মেঘালয়ত চলি থকা কয়লা খনন আৰু পৰিবহণ ছিণ্ডিকেট সন্দৰ্ভত ইডিৰ প্ৰেছ বিবৃতিৰ কথাও সোঁৱৰাই দিয়ে। সেই সময়তো প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰা বুলি উল্লেখ কৰি তেওঁ লগতে ইডিৰ তথ্যত এক অপৰাধমূলক নেটৱৰ্কৰ কথা প্ৰকাশ পাইছে বুলিও দোহাৰে।
কাৰ্বি আংলঙৰ অবৈধ শিলৰ খনন যে সমগ্ৰ ৰাজ্যতে খনিজ নিষ্কাশন নিয়ন্ত্ৰণ কৰা একেটা ছিণ্ডিকেটৰ অংশ, সেয়া এতিয়া স্পষ্ট হৈ পৰিছে বুলিও গৌৰৱ গগৈয়ে দাবী কৰে। অপাৰেটৰ, ৰাজনৈতিক নেতা আৰু বিষয়াৰ মাজত গোপন বুজাবুজিয়ে শাসন ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ বিশ্বাসক হ্ৰাস কৰাৰ সমান্তৰালভাৱে দুৰ্নীতিৰ দিশটোলৈ আঙুলিয়াই দিয়ে বুলিও সাংসদগৰাকীয়ে কয়।
এনে পৰিস্থিতিত ভাৰত চৰকাৰে পানীমুৰা খনন কাৰ্যৰ স্বতন্ত্ৰ তদন্তৰ নিৰ্দেশ দিবলৈ প্ৰধানমন্ত্ৰী মোদীক আহ্বান জনায় গৌৰৱ গগৈয়ে। লগতে পূৰ্বৰ কয়লা সম্পৰ্কীয় অনুসন্ধানৰ অগ্ৰগতি পুনৰীক্ষণ আৰু তৎকালীনভাৱে সকলো অবৈধ কাৰ্যকলাপ স্থগিত ৰাখিবলৈও তেওঁ প্ৰধানমন্ত্ৰীক আহ্বান জনায়।