আধাৰ কাৰ্ডৰ অনলাইন আবেদনৰ প্ৰক্ৰিয়া জানক

22 Aug 2025

TV9 ASSAM

প্ৰথমে আপোনাৰ ব্ৰাউজাৰত “uidai.gov.in” টাইপ কৰক আৰু Enter টিপক।

uidai ছাইটত যাওক

হোম পেজ খোলাৰ পিছত আধাৰ Enrolment অংশটো বিচাৰিবলৈ তললৈ স্ক্ৰল কৰক। লিংক এটা থাকিব য’ত লিখা থাকিব “Get New Aadhaar”। ইয়াত ক্লিক কৰক।

ইয়াত ক্লিক কৰক

এতিয়া নতুন পেজ খোল খাব। ইয়াত আপুনি নিজৰ বিষয়ে সবিশেষ থকা প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব। নাম, জন্ম তাৰিখ, ঠিকনা আৰু অন্যান্য প্ৰাসংগিক তথ্য দিব লাগিব ৷

 প্ৰ-পত্ৰ পূৰণ

ইয়াৰ পাছত ওচৰৰ “Enrolment Centre” বাছনি কৰিব লাগিব। কেন্দ্ৰ এটা বিচাৰিবলৈ আপোনাৰ এলেকাৰ পিন ক’ড ব্যৱহাৰ কৰক।

কেন্দ্ৰ বাছনি

এতিয়া আপুনি সুবিধা মতে তাৰিখ আৰু সময় নিৰ্বাচন কৰি আগতীয়াকৈ এপইণ্টমেণ্ট গ্ৰহণ কৰক ৷ সেৱা কেন্দ্ৰলৈ যোৱা দিনা সকলো প্ৰয়োজনীয় নথি-পত্ৰ লগত লৈ যাব।

এপইণ্টমেণ্ট

এজন বিষয়াই আপোনাৰ কাগজ-পত্ৰ পৰীক্ষা কৰিব আৰু আঙুলিৰ ছাপৰ লগতে বায়’মেট্ৰিক ডাটা গ্ৰহণ কৰিব।

বায়’মেট্ৰিক ডাটা

নামভৰ্তিৰ পিছত নামভৰ্তিৰ নম্বৰ থকা এখন স্লিপ দিয়া হ’ব(Acknowledgement Slip)। এই নম্বৰৰ জৰিয়তে আবেদনৰ অৱস্থা অনলাইনত পৰীক্ষা কৰিব পাৰিব।

এখন স্লিপ দিয়া হ’ব

পঢ়িবলৈ ক্লিক কৰক

HIV ৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি?