শিল্পী দিৱসৰ দিনাই জুবিন গাৰ্গক ভাৰতৰত্ন প্ৰদানৰ কথা ঘোষণা কৰক, প্ৰধানমন্ত্ৰী মোদীলৈ আহ্বান গৌৰৱ গগৈৰ

প্ৰধানমন্ত্ৰী মোদীক এই ভ্ৰমণকালত জুবিন গাৰ্গৰ প্ৰতি প্ৰকৃত সন্মান প্ৰদানৰ বাবেও আহ্বান জনায় গৌৰৱ গগৈয়ে। নিজৰ শেহতীয়া অসম ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীয়ে এবাৰো জুবিন গাৰ্গৰ নাম নল'লে তথা জুবিনক্ষেত্ৰলৈ নগ'ল বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে।

শিল্পী দিৱসৰ দিনাই জুবিন গাৰ্গক ভাৰতৰত্ন প্ৰদানৰ কথা ঘোষণা কৰক, প্ৰধানমন্ত্ৰী মোদীলৈ আহ্বান গৌৰৱ গগৈৰ

প্ৰধানমন্ত্ৰী মোদীলৈ বিশেষ আহ্বান গৌৰৱ গগৈৰ

Published: 

17 Jan 2026 | 07:14 PM

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে যথেষ্ট তৎপৰ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ। ধাৰাবাহিকভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তত নিৰ্বাচনী কুচকাৱাজত ব্যস্ত হৈ আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী। আজিৰে পৰা নামনি অসমত পদযাত্ৰা আৰু অন্যান্য কাৰ্যসূচী আৰম্ভ কৰিছে গৌৰৱ গগৈয়ে। প্ৰথমে নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰত আশিস লৈ তেওঁ পোনে পোনে ৰাজীৱ ভৱনলৈ ৰাওনা হয়। এই সময়তে গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে।

শিল্পী দিৱস উপলক্ষে নতুন সংকল্প লৈ এখন বৰ অসম গঢ়াৰ সপোন লৈ আজি নলবাৰীত উপস্থিত হোৱা বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰে। তেওঁ কয়, “বৰ অসম গঢ়াৰ স্বাৰ্থত আজি নলবাৰীত উপস্থিত হৈছো। আজি শিল্পী দিৱসৰ দিনা সংকল্প লৈ ‘২৬ৰ নিৰ্বাচনক লৈ ৰাইজ একত্ৰিত হৈছে। ৰাইজে বৰ অসমৰ সপোন দেখিবলৈ আৰম্ভ কৰিছে।”

বিজেপিৰ শাসনকালত অপশাসন আৰম্ভ হৈ অসমত এজন ব্যক্তিৰ ঘৰতেই উন্নতি, এজনৰ ঘৰতেই ধন, বাহুবল সকলো হৈছে বুলি এক বিশেষ মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। অসমৰ সাধাৰণ পৰিয়ালৰ ল’ৰা-ছোৱালীক শিক্ষা, সংস্থাপন; চিকিৎসা প্ৰদান, ভূমি সুৰক্ষা প্ৰদান কৰিবলৈ এৰি বিজেপি কৰা সকলকহে সুবিধা কৰি দি আছে বুলিও চৰকাৰৰ বিৰুদ্ধে অভিযোগ কৰে।

ইফালে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ সন্দৰ্ভতো গৌৰৱ গগৈয়ে মন্তব্য আগবঢ়ায়। প্ৰধানমন্ত্ৰী মোদীক অসমলৈ স্বাগতম জনাই গৌৰৱ গগৈয়ে কয়, “আজি অসমৰ প্ৰধান সমস্যা বানপানী, গৰাখহনীয়া। এই ৭ হাজাৰ কোটি টকা যদি মথাউৰি মেৰামতি কৰিলেহেঁতেন ৰাইজ উপকৃত হ’লহেঁতেন।” কাজিৰঙা ক’ৰিডৰ নিৰ্মাণৰ নামত ধূলি-বালি উৰুৱাই বন্যপ্ৰাণীৰ ওপৰত বিৰূপ প্ৰভাৱ আনিব বুলিও দাবী কৰে।

গৌৰৱ গগৈয়ে কয়, “আমি দেখা পাইছো হাইৱে, টোলগেটৰ কামবোৰ বছৰৰ পিছত বছৰ ধৰি চলি আছে৷ এলিভেটেড কৰিডৰৰ কামো বছৰৰ পিছত বছৰ ধৰি চলি থাকিব৷ ধূলি-বালি উৰি থাকিব, শব্দ প্ৰদূষণ হ’ব৷ ইয়াৰ ফলত জীৱ-জন্তুৰ ওপৰত কি প্ৰভাৱ পেলাব, পানীত কি প্ৰভাৱ পেলাব তাৰ ওপৰত কি অধ্যয়ন কৰা হৈছে সেয়া ৰাইজক জনোৱাৰ দৰকাৰ আছিল৷”

প্ৰধানমন্ত্ৰী মোদীক এই ভ্ৰমণকালত জুবিন গাৰ্গৰ প্ৰতি প্ৰকৃত সন্মান প্ৰদানৰ বাবেও আহ্বান জনায় গৌৰৱ গগৈয়ে। নিজৰ শেহতীয়া অসম ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীয়ে এবাৰো জুবিন গাৰ্গৰ নাম নল’লে তথা জুবিনক্ষেত্ৰলৈ নগ’ল বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে। এইবাৰ অন্ততঃ প্ৰধানমন্ত্ৰী মোদী জুবিনক্ষেত্ৰলৈ যাব বুলি আশা প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

তেওঁ লগতে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি আন এক আহ্বানো জনাইছে। আজি শিল্পী দিৱসৰ দিনাই জুবিন গাৰ্গক ‘ভাৰতৰত্ন’ বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীক আহ্বান জনায় গৌৰৱ গগৈয়ে। উল্লেখ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে আজি সৰুসজাইত বিশাল বাগৰুম্বা নৃত্য কাৰ্যসূচী প্ৰত্যক্ষ কৰিব। কাইলৈ তেওঁ কাজিৰঙা এলিভেটেড কৰিড’ৰ প্ৰকল্পৰ ভূমি পূজন কৰিব।

শৰীৰত ইউৰিক এচিড বৃদ্ধি পালে প্ৰথমে দেখা দিয়ে এইবোৰ লক্ষণে? জানক
এনে লক্ষণ আওকাণ কৰা মানেই জীৱনৰ শংকা! হ’ব পাৰে নীৰৱে থিতাপি লোৱা হৃদৰোগৰ সংকেত
বৃদ্ধি পাব চুগাৰৰ মাত্ৰা! ডায়েবেটিছ ৰোগীয়ে ভুলতো নাখাব এই ফল...
শীতকালত গৰ্ভৱতী মহিলাই কেনেকৈ ল'ব নিজৰ যতন?
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি